Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰত্যক্ষভাৱে বাৰ্তালাপ কৰিব


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জুলাই তাৰিখে পুৱা ৯.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিং যোগে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (ডিএৱাই-এনআৰএলএম)ৰ দীন দয়াল অন্তোদয়া যোজনাৰ অধীনৰ আত্মসহায়ক গোটৰ সদস্য তথা ডিডিইউ-জিকেৱাই আৰু আৰএছইটিআইৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰত্যক্ষভাৱে বাৰ্তালাপ কৰিব৷ এই বাৰ্তালাপৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে আত্মসহায়ক গোটবোৰৰ সদস্যসকলৰ পৰা প্ৰত্যক্ষভাৱে ডিএৱাই-এনআৰএলএমৰ অধীনত বিভিন্ন কাৰ্যকলাপসমূহ কিদৰে প্ৰণয়ন হৈছে আৰু এইসমূহৰ দ্বাৰা সদস্যসকলৰ জীৱন কিদৰে প্ৰভাৱিত হৈছে সেইবিষয়ে জানিব পাৰিব৷ এই কাৰ্যসূচী দুৰদৰ্শন আৰু এনআইচিয়ে তেওঁলোকৰ নেটৱৰ্কৰ দ্বাৰা সম্প্ৰচাৰিত কৰিব৷

নিৰ্বাচিত হিতাধিকাৰীসকলৰ ভিতৰত- মাদক দ্ৰব্য বৰ্জন সজাগতা কাৰ্যসূচীত কাম কৰা আত্মসহায়ক গোট, মাকৈৰ মূল্য শৃংখলা আৰু বিহাৰৰ পৰা বিপণন, ছট্টিশগড়ৰ ইটা বনোৱা শাখা, চাকি আৰু চিমনী মূল্য শৃংখলাৰ ব্যৱসায়িক প্ৰতিনিধি আৰু ঝাৰখণ্ডৰ নিৰ্মাণ তথা ছেনিটেৰী নেপকিনছৰ বিপণনৰ এগৰাকী হিতাধিকাৰী আৰু মধ্য প্ৰদেশৰ ডিডিইউ-জিকেৱাইৰ হিতাধিকাৰীসকল অন্তৰ্ভুক্ত থাকিব৷ ৰাজস্থানৰ সৌৰ পেনেলৰ নিৰ্মাণ আৰু বিপণন, পশু চাকি আৰু মহাৰাষ্ট্ৰৰ ডিডিইউ-জিকেৱাইৰ হিতাধিকাৰীসকলে প্ৰত্যক্ষ ‘সংবাদ’ত অংশগ্ৰহণ কৰিব৷ ইয়াৰোপৰি তামিলনাডুৰ পৰা অন্য ধৰণে সক্ষম ব্যক্তিৰ কল্যাণৰ সপক্ষে মাত মতা ব্যক্তি, তেলেংগানাৰ আত্মসহায়ক গোট গঠনৰ সহায়ক ব্যক্তি, জম্মু আৰু কাশ্মীৰৰ দুগ্ধ পাম আৰু গুজৰাটৰ নীমৰ বীজ সংগ্ৰহ আৰু বিপণন বিভাগৰ লোকেও এই বাৰ্তালাপত অংশগ্ৰহণ কৰিব৷

উল্লেখ্য, মহিলা সৱলীকৰণৰ ক্ষেত্ৰত ডিএৱাই-এনআৰএলএম বৃহত্তম আনুষ্ঠানিক প্লেটফ’ৰ্ম হিচাপে বিবেচিত হৈছে৷ এই অভিযানৰ দ্বাৰা বৰ্তমানে ২৯ খন ৰাজ্য আৰু ৫ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬০০ খন জিলাৰ ৪৮৮৪ টা ব্ল’কত কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে৷ ২০১৮ চনৰ মে’ মাহৰ ভিতৰত ৫ কোটিতকৈও অধিক মহিলা ৪৫ লাখ আত্মসহায়ক গোটত ম’বিলাইজড হৈছে৷ তাৰোপৰি, ২.৪৮ লাখ গাঁও সংস্থা আৰু ২০,০০০ ক্লাষ্টাৰ পৰ্যায়ৰ সংস্থাৰ উন্নীতকৰণ কৰা হৈছে৷

***

AKT/SH/SK/MANN