পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ, ১৪ অক্টোবৰ, ২০১৭ত বিহাৰ ভ্ৰমণ কৰিব।
প্ৰধানমন্ত্ৰী পাটনা বিশ্ববিদ্যালয়ৰ শতবৰ্ষ সমোৰোহত ভাষণ আগবঢ়াব।
মোকামাত প্ৰধানমন্ত্ৰীয়ে নমামি গংগা কাৰ্যসূচীৰ অধীনত চাৰিটা আৱৰ্জনা নিষ্কাষণ প্ৰকল্প আৰু চাৰিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৩৭০০ কোটি টকা ধাৰ্য কৰা হৈছে। এই উপলক্ষে তেওঁ এখন সভাতো ভাষণ আগবঢ়াব।
আৱৰ্জনা নিষ্কাষণ প্ৰকল্প চাৰিটা হ’ল ক্ৰমে বেউৰত আৱৰ্জনা শোধন প্ৰকল্প, বেউৰৰ পানী আৰু পেলনীয়া সামগ্ৰী নিষ্কাষণ ব্যৱস্থাৰ লগতে নতুন নিষ্কাষণ ব্যৱস্থাৰ সংযোগ, কার্মালিচকত এটি আৱৰ্জনা শোধন প্রকল্প আৰু ছৈয়দপুৰত আৱৰ্জনা নিষ্কাষণ ব্যৱস্থাৰ নেটৱর্কৰ শুভাৰম্ভ। এই প্ৰকল্পসমূহে বেউৰত এমএলডি আৱৰ্জনা নিষ্কাষণৰ পৰিমাণ পূৰ্বৰ ২০ এমএলডিৰ পৰা ১২০ এমএলডিলৈ উন্নীতকৰণ ঘটাব।
ইফালে, প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ঘাইপথসমূহ হৈছেঃ
***
AKT/SH/DB