Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ মুদ্ৰা যোজনাৰ হিতাধিকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ ৰাজধানীত এক অনুষ্ঠানত ‘মুদ্রা’ যোজনাৰ ১০০গৰাকী হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব।

প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনা হৈছে উদ্যোগী কাম-কাজৰ প্ৰতি উৎসাহিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা এক ধ্বজাবাহী প্ৰচেষ্টা, য’ত কোনো ধৰণৰ গেৰাণ্টি নোলোৱাকৈয়ে সহজেই যুৱক-যুৱতীসকলক ঋণ প্ৰদান কৰা হয়। এই যোজনাৰ অধীনত ২০১৮ৰ ২৩ মাৰ্চলৈকে ৪,৫৩,৫১,৫০৯টা ঋণৰ অনুমোদন জনোৱাৰ বিপৰীতে ২,২৮,১৪৪.৭২ কোটি টকা মুকলি কৰি দিয়া হৈছে। এই যোজনাৰ অধীনত প্ৰদান কৰা মুঠ ঋণৰ পৰিমাণ হৈছে ২২০৫৯৬ কোটি টকা।

২০১৫ৰ ৮ এপ্রিলত কর্প’ৰেটৰ আওঁতাৰ বাহিৰৰ ক্ষুদ্র বাণিজ্যিক খণ্ড(এনচিএছবিএছ)ৰ প্রসাৰৰ লক্ষ্যৰে এই যোজনাৰ শুভাৰম্ভ কৰা হয়। সহজলভ্য এই ঋণক শিশু, কিশোৰ আৰু তৰুণ-এই তিনিটা শাখাত ভাগ কৰা হৈছে।

এই যোজনাৰ অধীনত উপার্জন বৃদ্ধিৰ কামত সহায় কৰাৰ লক্ষ্যৰে ১০ লাখ টকালৈকে ‘মুদ্রা’ ঋণ দিয়া হয়। ‘শিশু’ পর্যায়ত ঋণদানৰ মাত্রা হ’ল ৫০হাজাৰ টকা। ‘কিশোৰ’ পর্যায়ৰ অধীনত ঋণদানৰ পৰিমাণ ৫০,০০০টকাৰ পৰা ৫লাখ টকা আৰু ‘তৰুণ’ পৰ্যায়ৰ ঋণদানৰ পৰিমাণ ৫ ৰ পৰা ১০লাখ টকা।

২০১৬ৰ এপ্ৰিলৰ পৰা কৃষি(শস্য ঋণ, ভূমি উন্নয়ন, যেনে-নলা খণ্ডা, জলসিঞ্চন, কুঁৱা খন্দাক বাদ দি)আৰু সেৱাজনিত দিশ, যিবোৰে উপাৰ্জন বৃদ্ধিৰ প্রচেষ্টাত সহায় কৰাৰ লক্ষ্যৰে ‘প্রধানমন্ত্রী মুদ্রা যোজনা’ যোজনাৰ সম্প্রসাৰণ ঘটোৱা হয়।

*****

AKT/SH/SK/DB