Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ (২৯-১০-২০১৭) কৰ্ণাটক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ কৰ্ণাটক ভ্ৰমণ কৰিব। দিনযোৰা ভ্ৰমণৰ সময়ত তেওঁ তিনিখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব।

ধৰমশালাৰ শ্ৰী মঞ্জুনাথা স্বামী মন্দিৰত পূজা অৰ্চনাৰে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ পাতনি মেলিব। ইয়াৰ পাছতে উজিৰত তেওঁ এখন জনসভাত ভাষণ আগবঢ়োৱাৰ লগতে শ্ৰী ক্ষেত্ৰ ধৰমশালা গ্ৰামোন্নয়ন প্ৰকল্পৰ হিতাধিকাৰীক ৰুপে কাৰ্ড প্ৰদান কৰিব। ইয়াৰ দ্বাৰা আত্মসহায়ক গোটসমূহে নগদবিহীন ডিজিটেল লেনদেন কৰিবলৈ সক্ষম হ’ব।

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে বাংগালুৰুলৈ যাত্ৰা কৰিব, য’ত তেওঁ দশামহ সৌন্দৰ্য লহৰী পৰানোৎসৱ মহাসমৰ্পনেত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াব।

সৌন্দৰ্য লহৰী হৈছে আদি শংকৰাচাৰ্যৰ দ্বাৰা ৰচিত শ্লোকৰ সমষ্টি। এই শ্লোকসমূহ একেলগ কৰি বিশাল পৰিসৰত জপ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আবেলি ভাগত বিদাৰত প্ৰধানমন্ত্ৰীয়ে বিদাৰ-কলাবুৰাগী সংযোগী নতুন ৰে’ল পথৰ শুভাৰম্ভ কৰাৰ লগতে এখন ৰাজহুৱা সভাৰ ভাষণ আগবঢ়াব। 

****

AKT/AK/DB