Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাটাৰৰ আমিৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাটাৰৰ আমিৰ মহামহিম শ্বেখ তামিম বিন হামাদ আল থানীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ আমিৰৰ পিতৃ  মহামহিম শ্বেখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। আধুনিক কাটাৰৰ মুখ্য স্থপতি হিচাপে আমিৰৰ পিতৃৰ  উল্লেখযোগ্য অৱদানক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দূৰদৰ্শী নেতৃত্বক শ্ৰদ্ধা  জনায় আৰু বছৰ বছৰ ধৰি ভাৰত-কাটাৰৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ  কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে  লগতে কাটাৰত থকা  ভাৰতীয় সম্প্ৰদায়ে  তেওঁৰ প্ৰতি দেখুওৱা  গভীৰ মৰমৰ কথাও স্মৰণ কৰে। কাটাৰৰ আমিৰে প্ৰধানমন্ত্ৰীৰ এনে  দৃষ্টিভংগীৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কঠিন সময়ত তেওঁক জনোৱা  সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই  আমিৰৰ পিতৃৰ উত্তৰাধিকাৰক আগুৱাই নিয়াৰ লগতে ভাৰত-কাটাৰ কৌশলগত অংশীদাৰিত্বক  আৰু অধিক আগুৱাই নি জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ শক্তিশালী কৰাৰ সংকল্প পুনৰ দৃঢ় কৰে। দুয়োগৰাকী  নেতাই পৰৱৰ্তী সময়ত ঘনিষ্ঠ যোগাযোগত থাকিবলৈ সন্মত হয়।

 

***

MJPS/SS/VJ/DM/DM