Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাদ্ৰী গোপালনাথৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


কৰ্ণাটকী সংগীতৰ প্ৰবীণ শিল্পী শ্ৰী কাদ্ৰী গোপালনাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়, “কাদ্ৰী গোপালনাথে তেওঁৰ সৃষ্টিৰে চিৰকাল নতুনত্বৰ নজিৰ ৰাখি গৈছে। প্ৰচুৰ প্ৰতিভা আৰু অধ্যাৱসায়েৰে কৰ্ণাটকী সংগীতলৈ তেওঁ দি থৈ গৈছে অনবদ্য অৱদান। সমগ্ৰ দেশজুৰি জনপ্ৰিয় আছিল তেওঁৰ শিল্পকৰ্ম। এনে এগৰাকী মহান ব্যক্তিৰ মৃত্যুত ব্যথিত হৈছো। শোকসন্তপ্ত পৰিয়াল আৰু তেওঁৰ গুণমুগ্ধলৈ মোৰ সমবেদনা জনাইছো।

 

****************

VRRK/SS/RD