পি এম ইণ্ডিয়া
সমাৱৰ্তনত ইমান গম্ভীৰ হৈ থাকিব লাগে নেকি বাৰু? বহুবোৰ নিৰ্দেশনা দি থোৱা হৈছে যেন লাগিছে! আপোনালোক আটাইলৈকে নমস্কাৰ! কাৰ্যক্ৰমত আমাৰ সৈতে উপস্থিত থকা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, ডাক্টৰ কে ৰাধাকৃষ্ণ জী, অধ্যাপক অভয় কৰন্দিকাৰ জী, আইআইটি কানপুৰৰ অধ্যাপকবৃন্দ, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে উপস্থিত সুধীবৃন্দ আৰু ঐতিহাসিক সংস্থাটোৰ পৰা ডিগ্ৰী লাভ কৰা, সন্মানিত হোৱা মহানুভৱসকল! আজি কানপুৰৰ বাবে দুটাকৈ আনন্দৰ দিন। আজি এফালে কানপুৰে ‘মেট্ৰো’ৰ দৰে সুবিধা লাভ কৰিছে, আৰু আনহাতেদি ‘আইআইটি’ কানপুৰৰ পৰা প্ৰযুক্তি জগতখনে আপোনালোকৰ দৰে অমূল্য উপহাৰো লাভ কৰিছে। মই আমাৰ যুৱ মিত্ৰসকলক বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আজি যিসকল ছাত্ৰ-ছাত্ৰীয়ে সন্মান লাভ কৰিছে, তেওঁলোককো বহুত বহুত অভিনন্দন জনাইছো। আপোনালোক আজি য’ত উপস্থিত হৈছেহি, আপোনালোকে যি যোগ্যতা অৰ্জন কৰিছে তাৰ নেপথ্যত আপোনালোকৰ পিতৃ-মাতৃ, আপোনালোকৰ পৰয়ালবৰ্গ, আপোনালোকৰ শিক্ষক, আপোনালোকৰ অধ্যাপকৰ দৰে অনেক লোকৰ অৱদান আছে, তেওঁলোকৰ বহুত পৰিশ্ৰম জড়িত হৈ আছে, কিবা নহয় কিবা যোগদান নিশ্চয় আছেই! মই সেইসকলকো বিশেষকৈ আপোনালোকৰ পিতৃ-মাতৃসকলক হৃদয়ৰ পৰা অভিনন্দন জনাইছো।
বন্ধুসকল,
আপোনালোকে যেতিয়া আইআইটি কানপুৰত প্ৰৱেশ কৰিছিলহি, আৰু এতিয়া যেতিয়া ইয়াৰ পৰা ওলাই যাবলৈ সাজু হৈছে, তেতিয়া আৰু এতিয়া, আপোনালোকে চাগৈ নিজৰ মাজত বহুত ডাঙৰ পৰিৱৰ্তন অনুভৱ কৰিব পাৰিছে। ইয়ালৈ অহাৰ আগতে এক ধৰণৰ ‘ফীয়াৰ অব আননৌন’ আছিল চাগৈ, এক ‘কুৱেৰী অব আননৌন’ আছিল! আগতে আপোনালোকৰ জ্ঞান, আপনালোকৰ ‘কুৱেৰী’ৰ পৰিসীমা আপোনালোকৰ স্কুল-কলেজ, আপোনালোকৰ বন্ধু-বান্ধৱ, আপোনালোকৰ পৰিয়াল, আপোনালোকৰ নিজৰ মানুহখিনৰ মাজতে সীমিত আছিল। আইআইটি কানপুৰে আপোনালোকক সেই পৰিসীমাৰ পৰা মোকলাই আনি এটা বহুত বৃহত্ পৰিসৰ প্ৰদান কৰিলে। এতিয়া ‘ফীয়াৰ অব আননৌন’ৰ অৱকাশ নাই, এতিয়া সমগ্ৰ বিশ্বকে অনুসন্ধান কৰা উত্সাহ লৈ আগবাঢ়ি যোৱাৰ উদ্যম আছে। এতিয়া ‘কুৱেৰী অব আননৌন’-ৰো অৱকাশ নাই, এতিয়া ‘কুৱেষ্ট ফৰ দা বেষ্ট’-ৰহে অৱকাশ আছে। সমগ্ৰ বিশ্বতে সমাহিত হোৱাৰহে সপোন আছে। আৰু যিমানখিনি শিক্ষণ আপোনালোকৰ শ্ৰেণীকোঠাত হ’ল, অথবা যিমানখিনি আপোনালোকে শ্ৰেণীকোঠাত শিকিবলৈ পালে, সিমানেই আপোনালোকে শ্ৰেণীকোঠাৰ বাহিৰত, আপোনালোকৰ বন্ধুসকলৰ মাজত উপলব্ধি কৰিছে। শ্ৰেণীকোঠাত আপোনালোকৰ বিচাৰধাৰাৰ, আপোনালোকৰ ‘আইডিয়া’সমূহে বিস্তাৰ লাভ কৰিছিল। শ্ৰেণীকোঠাৰ বাহিৰত আপোনালোকৰ ব্যক্তিত্বৰ বিস্তাৰ হৈছে, আপোনালোকৰ ‘পাৰ্ছনেলিটী’ বিকশিত হৈছে। আপোনালোকে আইআইটি কানপুৰত যিখনি অৰ্জিত কৰিলে, যি চিন্তাধাৰাৰে সমৃদ্ধ হ’ল, সেয়া এনে এক শক্তিশালী বুনিয়াদ, এনে এক শক্তি যে, যাৰ সহায়ত আপোনালোক য’লৈকে নাযাওক কিয়, তাতেই কিবা নহয় কিবা নতুন কৰিবগৈ, কিবা অনন্য কৰিবগৈ, কিবা নহয় কিবাৰ প্ৰমূল্য-বৰ্দ্ধন কৰিবগৈ। আপোনালোকে লাভ কৰা আজিৰ প্ৰশিক্ষণ, আপোনালোকৰ দক্ষতা, আপোনালোকৰ জ্ঞান, আপোনালোকৰ ‘নলেজ’য়ে নিশ্চিত ভাবেই আপোনালোকক ব্যৱহাৰিক জগতখনত শক্তিশালী ৰূপত স্থান গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কিন্তু ইয়াত আপোনালোকৰ যি ব্যক্তিত্ব বিকশিত হ’ল, সেয়াই আপোনালোকক এনে সামৰ্থ্য প্ৰদান কৰিব, যাৰ দ্বাৰা সমাজখনৰ সামগ্ৰিক কল্যাণ সাধন কৰিব, আপোনালোকে সমাজ, নিজৰ দেশখনক এক নতুন সামৰ্থ্য প্ৰদান কৰিবগৈ।
বন্ধুসকল,
আপোনালোকে ইয়াত ‘আইআইটি’-ৰ ‘বিতোপন উত্তৰাধিকাৰিত্ব’ৰ ঐতিহাসিক কালখণ্ড অতিবাহিত কৰিছে। আমাৰ বৈচিত্ৰ্যৰে ভৰা ভাৰতখনৰ বৈভৱৰে সৈতে বৰ্তমান অতিবাহিত কৰিছে। ‘বিতোপন উত্তৰাধিকাৰিত্ব’ আৰু ‘উজ্জীৱিত বৰ্তমান’, এই দুই স্তম্ভৰ ওপৰত, এই দুই চিৰিৰ ওপৰত আজি আপোনালোকে আপোনালোকৰ উজ্জ্বল ভৱিষ্যতৰ যাত্ৰাৰ শুভাৰম্ভ কৰিছে। এই যাত্ৰা শুভ হওক, দেশৰ বাবে সফলতাৰে ভৰপূৰ হওক, আজি যেতিয়া আপোনালোকৰ মাজত উপস্থিত হৈছোহি মই এই কথাই ক’ম, মোৰ আপোনালোকৰ বাবে এয়েই কামনা থাকিব।
বন্ধুসকল,
এই বছৰ আমাৰ ভাৰতে স্বাধীনতাৰ ৭৫টা বছৰত প্ৰৱেশ কৰিছে। আমি সকলোৱে অমৃত মহোত্সৱ উদযাপন কৰি আছো। আপোনালোকে যিখন চহৰত ডিগ্ৰী আহৰণ কৰিছে, সেইখন কানপুৰৰ নিজৰ এক বৰ্ণাঢ্য ইতিহাস আছে। কানপুৰ ভাৰতৰ সেই কেইখনমান উত্তম চহৰৰ অন্যতম, যি সঁচাকৈয়ে বৈচিত্ৰপূৰ্ণ হয়। ‘সত্তী চৌৰা ঘাট’ৰ পৰা আৰম্ভ কৰি ‘মদাৰী পাসী’ পৰ্যন্ত, ‘নানা চাহাব’ৰ পৰা ‘বটুকেশ্বৰ দত্ত’ পৰ্যন্ত, যেতিয়া আমি এইখন চহৰ পৰিভ্ৰমণ কৰো তেতিয়া এনে লাগে যেন আমি স্বাধীনতা সংগ্ৰামৰ বলিদানসমূহৰ গৌৰৱহে কৰিছো, সেই গৌৰৱশালী অতীতৰহে যেন পৰ্যৱেক্ষণ কৰি আছো। এইসমূহ স্মৃতিৰ মাজত, আপোনালোকৰ ওপৰত দেশৰ আগন্তুক ২৫টা বছৰ পৰ্যন্ত দিক-দৰ্শন কৰোৱাৰ, দেশক গতি প্ৰদান কৰাৰ দায়িত্ব আছে। আপোনালোকে কল্পনা কৰকচোন, যেতিয়া ১৯৩০ চনত দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল, তেতিয়া সেই যাত্ৰাই সেই কালখণ্ডক, সমগ্ৰ দেশক কিমান আন্দোলিত কৰি তুলিছিল। সেই সময়ত দেশ যিমান ‘চাৰ্জড’ আছিল, সেয়াই স্বাধীনতাৰ বাবে ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত একধৰণৰ অদ্ভুত বিশ্বাস জগাই তুলিছিল, প্ৰতিগৰাকী ভাৰতীয়ৰ মনত বিজয়ৰ বিশ্বাস ঘনীভূত কৰি তুলিছিল। ১৯৩০ৰ সেই যাত্ৰাত যিসকল ২০-২৫বছৰীয়া নৱজোৱান আছিল, ১৯৪৭ পৰ্যন্ত সেইসকলৰ যাত্ৰা আৰু ১৯৪৭ত স্বাধীনতাৰ সিদ্ধি লাভ, তেওঁলোকৰ জীৱনৰ সোণালী পৰ্ব আছিল। আজি আপোনালোকো এফালৰ পৰা চবলৈ গ’লে তেওঁলোকৰ দৰেই ‘সোণালী যুগ’ত খোজ পেলাইছেহি। এই ‘সোণালী যুগ’ আপোনালোকৰ বাবে, যেনেকৈ এয়া ৰাষ্ট্ৰৰ জীৱনৰ অমৃতকাল, তেনেকৈয়ে এয়া আপোনালোকৰ জীৱনৰ বাবেও অমৃতকাল। ‘অমৃত মহোত্সৱ’ৰ এই মুহূৰ্তত আপোনালোকে যেতিয়া ‘আইআইটি’ৰ উত্তৰাধিকাৰিত্ব গ্ৰহণ কৰি ইয়াৰ পৰা ওলাই যোৱা প্ৰস্তুতি চলাইছে, আপোনালোকেও সেই সপোনকো লৈ ওলাই যাওক, যে ২০৪৭ৰ ভাৰতখননো কেনুকেৱা হ’ব? আগন্তুক ২৫টা বছৰত ভাৰতৰ বিকাশ যাত্ৰাৰ নেতৃত্ব আপোনালোকে গ্ৰহণ কৰিব লাগিব। যেতিয়া আপোনালোকে জীৱনৰ ৫০বছৰ পূৰ্ণ কৰিবগৈ, সেইসময়ত ভাৰতখননো কেনেকুৱা হ’বগৈ, তাৰ বাবে আপোনালোকে এতিয়াৰ পৰাই কাম কৰিব লাগিব। আৰু মই জানো, ‘কানপুৰ আইআইটি’য়ে, ইয়াৰ পৰিৱেশটোৱে আপোনালোক আটাইকে সেই সামৰ্থ্য প্ৰদান কৰিছে যে আপোনালোকৰ সপোনবোৰ পূৰণ কৰিবলৈ যাওতে আপোনালোকক এতিয়া আৰু কোনেও বাধা দি ৰাখিব নোৱাৰে। এই যাত্ৰা, ২১ৰ এই শতিকা, সম্পূৰ্ণ্ ভাবেই ‘প্ৰযুক্তি-সঞ্চালিত’। এই দশকটোতো প্ৰযুক্তিয়ে বিভিন্ন ক্ষেত্ৰত নিজৰ উপস্থিতি বৃদ্ধি কৰি তুলিব বুলি ধাৰণা কৰা হৈছে। প্ৰযুক্তি অবিহণে আজিৰ জীৱন এফালৰ পৰা চবলৈ গ’লে আধা ডুখৰীয়া হোৱাৰ দৰেই হৈছেহি। এয়া যেন জীৱন আৰু প্ৰযুক্তিৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰহে যুগ আৰু মোৰ বিশ্বাস যে ইয়াত আপোনালোক নিশ্চিত ভাবেই আগবাঢ়ি যাব পাৰিব। আপোনালোকে আপোনালোকৰ নতুন যৌৱনৰ এনে এক মহত্বপূৰ্ণ বছৰ দিয়েক প্ৰযুক্তি ক্ষেত্ৰৰ বিশেষজ্ঞ হোৱাৰ বাবে নিয়োজিত কৰিছে। আপোনালোকৰ বাবে ইয়াতকৈ ডাঙৰ সুযোগ আৰু কি হব পাৰে! আপোনালোকৰ লগততো ভাৰতৰ সহযোগিতা আছে, সমগ্ৰ বিশ্বত প্ৰযুক্তিৰ ক্ষেত্ৰখনত যোগদান দিয়াৰ বহুত ডাঙৰ সুযোগ আছে।
বন্ধুসকল,
আমাৰ ‘আইআইটি’সমূহতো সদায়ে প্ৰতিভাধৰ আৰু প্ৰযুক্তিৰ ‘উমনি-কেন্দ্ৰ’ হৈ আহিছে আৰু আইআইটি কানপুৰৰতো নিজাববীয়াকৈ এক অনন্য সুনামো আছে। আপোনালোকে আপোনালোকৰ নিজা প্ৰতিষ্ঠান ‘একুৱা-ফ্ৰণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’-ৰ জৰিয়তে বেনাৰসৰ ‘খিৰকিয়া ঘাট’ত পৃথিৱীৰ প্ৰথমটো ‘ফ্ল’টিং চিএনজি ফিলিং ষ্টেশ্যন’ বিকশিত কৰিছে, সেয়া সঁচায়ে অতিকে সুন্দৰ। এইদৰেই, আপোনালোকে কৃষি জগততো কলা সন্মত প্ৰযুক্তি বিকশিত কৰিছে, পৃথিৱীৰ প্ৰথমটো ‘প’ৰ্টেবল ছইল টেষ্টিং কিট’ প্ৰস্তুত কৰি উলিয়াইছে। ‘৫-জি প্ৰযুক্তি’ৰ ক্ষেত্ৰততো আইআইটি কানপুৰৰ কাম গোলকীয় মানৰ অংশ হৈ উঠিছে। এইটো সংস্থান এনে অনেক সাফল্যৰ বাবে প্ৰশংসাৰ পাত্ৰ হৈ উঠিছে। ইয়াৰ ফলত আপোনালোকৰ দায়িত্বও বহু গুণে বাঢ়ি গৈছে। আজি ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ ক্ষেত্ৰখনত ‘এনাৰ্জী এণ্ড ক্লাইমেট ছলিউশ্যনছ’-ত, ‘হাইটেক ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’-ৰ ক্ষেত্ৰত দেশৰ সন্মুখত বহুত ডাঙৰ সম্ভাৱনা আছে। স্বাস্থ্য-ৰ দৰে খণ্ডও আজি ‘প্ৰযুক্তি সঞ্চালিত’ হৈ উঠিছে। আমি এক ‘ডিজিটেল ডায়েগ্নছীছ’-ৰ যুগত, ‘ৰ’বট এছিষ্টেড ট্ৰীটমেণ্ট’-ৰ যুগত খোজ পেলাইছোহি। স্বাস্থ্য সম্পৰ্কীয় যন্ত্ৰপাতিসমূহ এতিয়া ঘৰৰ অপৰিহাৰ্য সাধন হৈ উঠিছে। দুৰ্যোগ প্ৰবন্ধন-ৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলাও আমি প্ৰযুক্তিৰ জৰিয়তে কৰিব পাৰো। আপোনালোকে কল্পনা কৰকচোন, আমি কিমান ব্যাপক সম্ভাৱনাসমূহৰ দুৱাৰদলিত উপস্থিত হৈছোহি। এই সম্ভাৱনাসসমূহ আপোনালোকৰ বাবে, ইয়াত আপোনালোকৰ বহুত ডাঙৰ ভূমিকা আছে। এয়া আপোনালোকৰ বাবে দেশৰ প্ৰতি কেৱল দায়িত্ব পালনেই নহয়, বৰঞ্চ এয়া সেই সপোন যাক আমাৰ কিমানযে প্ৰজন্মই দেখি আহিছিল। কিন্তু, সেই সপোনক সাকাৰ কৰাৰ, এক আধুনিক ভাৰত নিৰ্মাণৰ সেই সৌভাগ্য আপোনালোকে পাইছে, আপোনালোকৰ প্ৰজন্মই পাইছে।
বন্ধুসকল,
আজি আপোনালোক ২১শতিকাৰ যিডোখৰ কালখণ্ডত আছে, সেয়া বহুত ডাঙৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা আৰু সেই লক্ষ্যত উপনীত হোৱাৰ বাবে সমগ্ৰ শক্তি লগোৱাৰ কালখণ্ড। যি চিন্তা আৰু ‘এটিটিউড’ আজি আপোনালোকৰ আছে, সেই ‘এটিটিউড’ দেশৰো আছে। আগতে যদি চিন্তা কাম চলোৱাৰ আছিল, তেন্তে আজি চিন্তা কিবা কৰি আগুৱাই যোৱাৰ, কাম কৰি সাফল্য অৰ্জন কৰাৰ। আগতে যদি সমস্যাসমূহক পিচলৈ পেলাই থোৱাৰ চেষ্টা কৰা হৈছিল, তেন্তে এতিয়া সমস্যাসমূহৰ সমাধানৰ বাবে সংকল্প গ্ৰহণ কৰা হৈছে। সমাধান, তাকো স্থায়ী সমাধান! ‘ষ্টেবল ছ’লিউশ্যনছ’! ‘আত্মনিৰ্ভৰ ভাৰত’ ইয়াৰ বহুত ডাঙৰ উদাহৰণ!
বন্ধুসকল,
আমি সকলো দেখি আহিছো যে পৰিয়ালসমূহৰো যেতিয়া কোনোবা ২০-২২বছৰীয়া হৈ উঠে তেন্তে ঘৰৰ জ্যেষ্ঠ-বয়সষ্ঠসকলে বাৰে বাৰে ক’বলৈ ধৰে যে -এতিয়া সময় হৈ গৈছে নিজৰ ভৰিত থিয় হোৱাৰ। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোক ইয়াৰ পৰা যেতিয়া ঘৰলৈ যাব মা-দেউতাক লগ পাবলৈ, তেন্তে প্ৰথমতে এই কথাই শুনিবলৈ পাব যে –‘ভাই এতিয়া আমাৰ কাম শেষ হ’ল। এতিয়া তোমালোকে নিজৰ ভৰিত থিয় হোৱাৰ চেষ্টা কৰা’। প্ৰতিগৰাকী মা-দেউতাই এই কথাই চাগৈ ক’ব খুজিব, আৰু যদি পলম কৰি দিয়া তেন্তে বাৰে বাৰে শুনিব লাগিব এইকেইষাৰ কথা। ঘৰৰ জ্যেষ্ঠ-বয়োজ্যেষ্ঠ, মা-দেউতাই এয়া এই কাৰণেই কৰে যাতে আপোনালোক আত্মনিৰ্ভৰ হৈ উঠিব পাৰে, আপোনালোকে আপোনালোকৰ সামৰ্থ্য চিনিব পাৰে, আপোনালোকে যাতে সপোন দেখিব পাৰে, সেই সপোনক সংকল্পলৈ পৰিৱৰ্তিত কৰিব পাৰে আৰু জীৱন পণ কৰি সেইসমূহক সিদ্ধ কৰিব পাৰে। আমাৰ ভাৰতেওতো স্বাধীনতাৰ পিচত নিজৰ যাত্ৰা নতুন উদ্যমৰে আৰম্ভ কৰিছিল। যেতিয়া দেশৰ স্বাধীনতাৰ ২৫ বছৰ হৈছিল, তেতিয়া আমিও আমাৰ ভৰিত থিয় হোৱাৰ বাবে বহুত কিবা কৰি লোৱা উচিত আছিল। তেতিয়াৰ পৰা এতিয়ালৈকে বহুত দেৰি হৈ গ’ল, দেশে বহুত সময় হেৰুৱালে। ইয়াৰ মাজত দুটা প্ৰজন্ম পাৰ হৈ গ;ল, সেয়ে আমি ২টা পলো নষ্ট কৰি বিচৰা নাই।
বন্ধুসকল,
মোৰ কথাত আপোনালোকে চাগৈ অধীৰ হোৱা যেন অনুভৱ কৰিছে, সেয়া নিতান্তই স্বাভাৱিক, আপোনালোকৰ তেনে যেনেই লাগিব। কিন্তু মই বিচাৰো, আৰু, আপোনালোক যেতিয়া কানপুৰৰ মাটিত, আপোনালোকৰ মাজলৈ আহিছো, সেয়ে মোৰ মন গৈছে আপোনালোকেও এনেকৈয়ে টআত্মনিৰ্ভৰ ভাৰতটৰ বাবে অধীৰ হৈ উঠক। টআত্মনিৰ্ভৰ ভাৰতট, পূৰ্ণ স্বাধীনতাৰ মূল স্বৰূপেইতো হয়, যটত কাৰো ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। স্বামী বিবেকানন্দই কৈছিল- ‘এভ্ৰী নেশ্যন হেজ এ মেছেজ টু ডেলিভাৰ, এ মিছন টু ফুলফিল, এ ডেষ্টিনী টু ৰীচ্ছ’। যদি আমি আত্মনিৰ্ভৰ নহও, তেতিয়া আমাৰ দেশে নিজৰ লক্ষ্য কেনেকৈ পূৰণ কৰিব পাৰিব, নিজৰ ‘ডেষ্টিনী’-ত কেনেকৈ উপনীত হ’বগৈ পাৰিব!
বন্ধুসকল,
আপোনালোকে এয়া কৰিব পাৰে। মোৰ আপোনালোকৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। আৰু মই যেতিয়া আজি ইমান কথা কৈ আছো, ইমানবোৰ কাম কৰি আছো, তাত আপোনালোকৰ মুখবোৰ উদ্ভাসিত হৈ উঠা দেখিবলৈ পাও। আজি দেশলৈ এটাৰ পিচত এটাকৈ যি পৰিৱৰ্তন আহিছে, তাৰ নেপথ্যত মই আপোনালোকৰ মুখবোৰকে দেখিবলৈ পাও। আজি যি লক্ষ্য দেশে নিৰ্দ্ধাৰণ কৰিছে, তাৰ প্ৰাপ্তিৰ শক্তিও দেশে আপোনালোকৰ জৰিয়তেহে লাভ কৰিব। আপোনালোকেইহে এয়া সম্ভৱ কৰিব আৰু আপোনালোকেই এয়া সম্ভৱ কৰিব লাগিব। এই অনন্ত সম্ভাৱনা আপোনালোকৰ বাবেইহে, আৰু আপোনালোকেই ইয়াক সাকাৰ কৰিব লাগিব। দেশে যেতিয়া স্বাধীনতাৰ ১০০বৰ্ষ উদযাপন কৰিবগৈ, সেই সাফল্যত আপোনালোকৰ ঘামৰ সুগন্ধ বিজড়িত হৈ থাকিব, আপোনালোকৰ পৰিশ্ৰমৰ পৰিচয় উদ্ভাসিত হ’ব। আৰু আপোনালোকে এই কথা ভালকৈয়ে জানে যে বিগত বছৰচেৰেকত কেনেকৈ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বুনিয়াদ গঢ়ি তোলাৰ বাবে, আপোনালোকৰ কাম সহজ কৰি তোলাৰ বাবে, দেশে কেনেধৰণে কাম কৰিছে। বিগত ৭টা বছৰত দেশত ‘ষ্টাৰ্টআপ ইণ্ডিয়া’, ‘ষ্টেণ্ডআপ ইণ্ডিয়া’ৰ দৰে কাৰ্যক্ৰম আৰম্ভ হৈছে। ‘অটল ইন’ভেশ্যন মিছন’, আৰু ‘পিএম ৰিছৰ্চ ফেল’শ্বিপ’-ৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে নতুন পথ নিৰ্মাণ কৰি থকা হৈছে। ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’-ৰ সৈতে ‘ফিউশ্যাৰিষ্টিক টেম্পেৰামেণ্ট’-ৰ নতুন প্ৰজন্মক তৈয়াৰ কৰাৰ শুভাৰম্ভ কৰা হৈছে। ‘স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ বাতাবৰণ তৈয়াৰ কৰা’, ‘প’লিচী ব্লকেজ’ আঁতৰ কৰাৰ দৰে প্ৰয়াসৰ পৰিণাম যে ইমান কম সময়তে আজি আমাৰ সন্মুখত দেখিবলৈ পোৱা গৈছে। স্বাধীনতাৰ ৭৫বছৰত আমাৰ হাতত ৭৫ৰো অধিক ‘ইউনিকৰ্ণ’ আছে, পঞ্চাশ হাজাৰৰো অধিক ‘ষ্টাৰ্টআপ’ আছে। ইয়াৰে দহহাজাৰ ‘ষ্টাৰ্টআপ’তো কেৱল যোৱা ছটা মাহতে স্থাপিত হৈছে। আজি ভাৰত পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহত্ ‘ষ্টাৰ্টআপ হাব’ হৈ মূৰ দাঙি উঠিছে। কিমানযে ‘ষ্টাৰ্টআপ’ আমাৰ ‘আইআইটি’সমূহৰ যুৱ-প্ৰতিভায়েই আৰম্ভ কৰিছে। অলপতে প্ৰকাশিত এক প্ৰতিবেদনৰ মতে ভাৰতে পৃথিৱীৰ অনেক বিকশিত দেশক পিচ পেলাই থৈ তৃতীয় সৰ্ববৃহত্ ‘ইউনিকৰ্ণ ক্ৰাণ্টী’ হিচাপে চিহ্নিত হৈছে।
বন্ধুসকল,
আজিকালি গোলকীকৰণৰ চৰ্চা কৰা হয়, ইয়াৰ পক্ষে-বিপক্ষেও চৰ্চা কৰা হয়। কিন্তু এটা কথাত পিচে কেতিয়াও বিবাদ নহয়। কোন গৰাকী ভাৰতীয়ই বাৰু নিবিচাৰিব যে ভাৰতৰ প্ৰতিষ্ঠান গোলকীয় প্ৰতিষ্ঠান হৈ নুঠক। যিসকলে ‘আইআইটি’সমূহক জানে, ইয়াৰ প্ৰতিভাধৰসকলক জানে, ইয়াৰ অধ্যাপকসকলক জানে, তেওঁলোকে এই কথা বিশ্বাস কৰে যে এই ‘আইআইটি’ৰ নৱজোৱানসকলে নিশ্চয় সম্ভৱ কৰিবই। আৰু মই আজি, আপোনালোকক, এনে ‘প্ৰফেশ্যনেল’সকলক এই ভৰসাও দিব বিচাৰিছো যে চৰকাৰ সকলো প্ৰকাৰে আপোনালোকৰ লগত আছে।
বন্ধুসকল,
আৰু এটা আৱশ্যকীয় কথা আপোনালোকে মনত ৰাখিব লাগিব। আজিৰ পৰা আৰম্ভ হ’বলগীয়া যাত্ৰাত আপোনালোকক প্ৰাধান্য অৰ্জন কৰাৰ বাবে চমু পথৰ সন্ধান দিবলৈ বহুজন আগবাঢ়ি আহিব। কিন্তু এইক্ষেত্ৰত মোৰ পৰামৰ্শ হ’ব আপোনালোকে ‘কমফ’ৰ্ট’ আৰু ‘চেলেঞ্জ’ৰ মাজত যদি কোনোবা এটাক নিৰ্বাচন কৰিবলগীয়া হয় তেন্তে মই ক’ব খুজিম ‘কমফ’ৰ্ট’ নহয় আপোনালোকে ‘চেলেঞ্জ’ক নিৰ্বাচিত কৰিব। কিয়নো আপোনালোকে বিচাৰকেই বা নিবিচাৰক জীৱনত ‘চেলেঞ্জ’-প্ৰত্যাহ্বান আহিবই আহিব। যিসকল লোকে এই প্ৰত্যাহ্বানৰ পৰা আঁতৰি ফুৰিব বিচাৰে তেওঁলোক সেই প্ৰত্যাহ্বানৰে চিকাৰ হৈ পৰে। কি্ন্তু আপোনালোকে যদি প্ৰত্যাহ্বান গ্ৰহণ কৰে, তেন্তে আপোনালোক চিকাৰী আৰু প্ৰত্যাহ্বান স্বয়ং চিকাৰ হৈ পৰে। সেয়ে আপোনালোক এনে একোগৰাকী মানুহ হৈ উঠা উচিত যে যিসকলে প্ৰত্যাহ্বানক নিৰীক্ষণ কৰে আৰু নিজৰ সুবিধা অনুসৰি, নিজৰ পচন্দৰ হিচাপত তাৰ সমাধান সূত্ৰ বিচাৰি উলিয়ায়। বন্ধুসকল, আপোনালোক সকলো শিক্ষাৰ্থী, ‘আইআইটি’-ৰ ‘ফাইনেষ্ট টেক মাইণ্ড’। ‘ইউ অল ইট, ড্ৰিংক, ব্ৰীথ টেকন’লজী’, আপোনালোকে নিৰন্তৰ উদ্ভৱনশীলতাৰে নিমগ্ন হৈ থাকে। তথপিও, এই সকলোৰে মাজত, মই আপোনালোকক এটা আহ্বানো জনাব বিচাৰিছো। প্ৰযুক্তিৰ এক নিজা শক্তি থাকে, সেয়া বেয়া কথা নহয় আৰু আপোনালোকৰ উত্সাহো আছে, কিন্তু প্ৰযুক্তিক্ষেত্ৰত থাকি আপোনালোকে জীৱনৰ মানৱীয় উপাদানসমূহক কেতিয়াও পাহৰি নাযাব। আপোনালোক নিজৰে ‘ৰ’বট ভাৰ্ছন’ হৈ নপৰিব। আপোনালোকে নিজৰ মানৱীয় সংবেদনশীলতাসমূহ, আপোনালোকৰ কল্পনা, নিজৰ সৃষ্টিশীলতা আৰু অনুসন্ধিত্সুতাক আমি জীয়াই ৰাখিব লাগিব। নিজৰ জীৱনত সেইবোৰ কথাকো গুৰুত্ব দিব, যিবোৰ কেৱল প্ৰযুক্তিৰ জৰিয়তেই লাভ কৰিবই লাগিব বুলি কোনো কথা নাই। আপোনালোকে ‘ইণ্টাৰনেট অব থিংছ’-ত নিশ্চয় কাম কৰিব, কিন্তু ‘ইম’শ্যন অব থিংছ’-ক কেতিয়াও পাহৰি নাযাব। আপোনালোকে ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’-ৰ বিষয়ে নিশ্চয় ভাবিব কিন্তু ‘হিউমেন ইণ্টেলিজেন্স’-কো মনত ৰাখিব। আপোনালোকে ‘ক’ডিং’ কৰি থাকিব কিন্তু মানুহৰ সৈতে আপোনালোকৰ যোগাযোগো নিৰন্তৰ বৰ্তাই ৰাখিব। বিভিন্ন জনৰ সৈতে, বিভিন্ন সংস্কৃতিৰ ব্যক্তিৰ সৈতে আপোনালোকৰ সম্পৰ্কই আপোনালোকৰ ব্যক্তিত্বৰ সামৰ্থ্য বৰ্দ্ধন কৰিব। যেতিয়া আবেগ প্ৰদৰ্শনৰ সময় আহে, তেতিয়া আপোনালোকৰ মস্তিষ্কই যাতে ‘এইছ.টি.টি.পি ৪০৪-পৃষ্ঠাটো বিচাৰি পোৱা নাই’ বুলি ক’বলগীয়া নহয়। যেতিয়া অংশীদাৰিত্বৰ প্ৰসংগ আহে ‘শ্বেয়াৰিং অব জয়’ আৰু ‘কাইণ্ডনেছ’-ৰ প্ৰসংগ আহে, তেতিয়া কেতিয়াও কোনো ‘পাছৱৰ্ড’ নাৰাখিব, মুক্ত মনেৰে জীৱনক উপভোগ কৰিব। অৱশ্যে, মই এতিয়া যি ‘শ্বেয়াৰিং অব জয়’-ৰ কথা কৈছো, মই জানো যে এই শব্দই আপোনালোকক বহুত কিবা কিবি মনত পেলায়ো দিছে চাগৈ। ‘সাগৰ ধাবা’ আৰু ‘কেৰালা কে’ফে’-ৰ আড্ডা ইয়াৰ চৌহদৰ ৰেস্তোৰাঁ-ৰ সোৱাদ ‘চি.চি.ডি’-ৰ কফী, ‘অ’.এ.টি’-ত ‘কাঠী ৰোল’ আৰু ‘এম.টি’ত চাহ আৰু জেলেপী, ‘টেক-ক্ৰিটি’ আৰু ‘অন্তৰংগিনী’-ৰ কথাও চাগৈ আপোনালোকৰ বহুত মনত পৰিব। জীৱন এইবোৰৰেই নাম। ঠাই সলনি হয়, মানুহৰে সম্পৰ্ক অটুত হয়, বিচ্ছেদো হয়, কিন্তু জীৱন চলিয়েই থাকে। ইয়কে কয়- ‘চৰৈৱতি চৰৈৱতি চৰৈৱতি’। মই এতিয়া দেখিবলৈ পাইছো যে বহু সংখ্যক শিক্ষাৰ্থীয়ে, অন্য ‘লেকশ্যাৰ হল’ৰ পৰাও আমাৰ সৈতে জড়িত হৈ আছে, ‘ক’ৰোনা প্ৰটোকল’ৰ পৰিপ্ৰেক্ষিতত, তেওংলোকে তাৰ পৰাই মোৰ কথা শুনি আছে। যদি আপোনালোকে অনুমতি দিয়ে আৰু আপোনালোকৰ এই ‘প্ৰটোকল’ক লৈ যদি কোনো অসুবিধা নহয় মই এতিয়া তেওঁলোকক লগ পাবলৈ যাম, মই তেওঁলোকৰ সৈতে মুখামুখী হ’মগৈ। আপোনালোক আপোনালোকৰ কৰ্মক্ষেত্ৰত সফল হওক, আপোনালোকৰ সফলতা, দেশৰ সফলতা হৈ উঠক, এই কামনাকে কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো। আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত শুভকামনা জনালো। বহুত বহুত ধন্যবাদ!
***
DS/VJ/AK/SJ/KB
Speaking at the convocation at @IITKanpur. https://t.co/qwDphPdEyJ
— Narendra Modi (@narendramodi) December 28, 2021
आपने जब IIT कानपुर में प्रवेश लिया था और अब जब आप यहां से निकल रहे हैं, तब और अब में, आप अपने में बहुत बड़ा परिवर्तन महसूस कर रहे होंगे।
— PMO India (@PMOIndia) December 28, 2021
यहां आने से पहले एक Fear of Unknown होगा, एक Query of Unknown होगी: PM @narendramodi
अब Fear of Unknown नहीं है, अब पूरी दुनिया को Explore करने का हौसला है।
— PMO India (@PMOIndia) December 28, 2021
अब Query of Unknown नहीं है, अब Quest for the best है, पूरी दुनिया पर छा जाने का सपना है: PM @narendramodi
कानपुर भारत के उन कुछ चुनिंदा शहरों में से है, जो इतना diverse है।
— PMO India (@PMOIndia) December 28, 2021
सत्ती चौरा घाट से लेकर मदारी पासी तक,
नाना साहब से लेकर बटुकेश्वर दत्त तक,
जब हम इस शहर की सैर करते हैं तो ऐसा लगता है जैसे हम स्वतंत्रता संग्राम के बलिदानों के गौरव की, उस गौरवशाली अतीत की सैर कर रहे हैं: PM
1930 के उस दौर में जो 20-25 साल के नौजवान थे, 1947 तक उनकी यात्रा और 1947 में आजादी की सिद्धि, उनके जीवन का Golden Phase थी।
— PMO India (@PMOIndia) December 28, 2021
आज आप भी एक तरह से उस जैसे ही Golden Era में कदम रख रहे हैं।
जैसे ये राष्ट्र के जीवन का अमृतकाल है, वैसे ही ये आपके जीवन का भी अमृतकाल है: PM
ये दौर, ये 21वीं सदी, पूरी तरह Technology Driven है।
— PMO India (@PMOIndia) December 28, 2021
इस दशक में भी Technology अलग-अलग क्षेत्रों में अपना दबदबा और बढ़ाने वाली है।
बिना Technology के जीवन अब एक तरह से अधूरा ही होगा।
ये जीवन और Technology की स्पर्धा का युग है और मुझे विश्वास है कि इसमें आप जरूर आगे निकलेंगे: PM
जो सोच और attitude आज आपका है, वही attitude देश का भी है।
— PMO India (@PMOIndia) December 28, 2021
पहले अगर सोच काम चलाने की होती थी, तो आज सोच कुछ कर गुजरने की, काम करके नतीजे लाने की है।
पहले अगर समस्याओं से पीछा छुड़ाने की कोशिश होती थी, तो आज समस्याओं के समाधान के लिए संकल्प लिए जाते हैं: PM @narendramodi
जब देश की आजादी को 25 साल हुए, तब तक हमें भी अपने पैरों पर खड़ा होने के लिए बहुत कुछ कर लेना चाहिए था।
— PMO India (@PMOIndia) December 28, 2021
तब से लेकर अब तक बहुत देर हो चुकी है, देश बहुत समय गंवा चुका है।
बीच में 2 पीढ़ियां चली गईं इसलिए हमें 2 पल भी नहीं गंवाना है: PM @narendramodi
मेरी बातों में आपको अधीरता नजर आ रही होगी लेकिन मैं चाहता हूं कि आप भी इसी तरह आत्मनिर्भर भारत के लिए अधीर बनें।
— PMO India (@PMOIndia) December 28, 2021
आत्मनिर्भर भारत, पूर्ण आजादी का मूल स्वरूप ही है, जहां हम किसी पर भी निर्भर नहीं रहेंगे: PM @narendramodi
स्वामी विवेकानंद ने कहा था- Every nation has a message to deliver, a mission to fulfill, a destiny to reach.
— PMO India (@PMOIndia) December 28, 2021
यदि हम आत्मनिर्भर नहीं होंगे, तो हमारा देश अपने लक्ष्य कैसे पूरे करेगा, अपनी Destiny तक कैसे पहुंचेगा? - PM @narendramodi
आजादी के इस 75वें साल में हमारे पास 75 से अधिक unicorns हैं, 50,000 से अधिक स्टार्ट-अप हैं।
— PMO India (@PMOIndia) December 28, 2021
इनमें से 10,000 तो केवल पिछले 6 महीनों में आए हैं।
आज भारत दुनिया का दूसरा सबसे बड़ा स्टार्टअप हब बनकर उभरा है।
कितने स्टार्टअप्स तो हमारी IITs के युवाओं ने ही शुरू किए हैं: PM
कौन भारतीय नहीं चाहेगा कि भारत की कंपनियां Global बनें, भारत के Product Global बनें।
— PMO India (@PMOIndia) December 28, 2021
जो IITs को जानता है, यहां के टैलेंट को जानता है, यहां के प्रोफेसर्स की मेहनत को जानता है, वो ये विश्वास करता है ये IIT के नौजवान जरूर करेंगे: PM @narendramodi
आज से शुरू हुई यात्रा में आपको सहूलियत के लिए शॉर्टकट भी बहुत लोग बताएँगे।
— PMO India (@PMOIndia) December 28, 2021
लेकिन मेरी सलाह यही होगी कि आप comfort मत चुनना, challenge जरूर चुनना।
क्योंकि, आप चाहें या न चाहें, जीवन में चुनौतियाँ आनी ही हैं।
जो लोग उनसे भागते हैं वो उनका शिकार बन जाते हैं: PM @narendramodi
Was a delight to be among the brilliant students of @IITKanpur.
— Narendra Modi (@narendramodi) December 28, 2021
Like all other students, when they entered the institution there was a fear of the unknown.
Today, that has changed and our bright young minds have a quest for the best. pic.twitter.com/fJ24zR9h1h
My young friends who are graduating in this time period have a great opportunity to strengthen India’s growth trajectory till 2047, when India marks 100 years of freedom from colonial rule. @IITKanpur pic.twitter.com/PpKOaW2LJH
— Narendra Modi (@narendramodi) December 28, 2021
My faith is in India’s youth, who will turn our vision of an Aatmanirbhar Bharat into a reality. pic.twitter.com/Rn3T0cCJxq
— Narendra Modi (@narendramodi) December 28, 2021
Between comfort and challenges, the choice is obvious… @IITKanpur pic.twitter.com/YpEEnfI7GE
— Narendra Modi (@narendramodi) December 28, 2021
In this era of technology, embrace it to the fullest and even excel in it. At the same time, don’t forget the more human elements of life. A perfect balance is what will make life enjoyable. @IITKanpur pic.twitter.com/8arJdSDRCI
— Narendra Modi (@narendramodi) December 28, 2021