Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাষ্টমছ সংক্রান্তীয় বিষয়ত পাৰস্পৰিক সহযোগিতাৰ অৰ্থে ভাৰত আৰু আর্মেনিয়াৰ মাজত প্রস্তাৱিত চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাষ্টমছ সংক্রান্তীয় বিষয়ত পাৰস্পৰিক সহযোগিতাৰ অৰ্থে ভাৰত আৰু আর্মেনিয়াৰ মাজত প্রস্তাৱিত চুক্তিত কেবিনেটৰ অনুমোদন জনায়।

দুয়োখন দেশৰ চৰকাৰৰ প্রয়োজনীয় অনুমোদন লাভৰ পাছত এই সহযোগিতা চুক্তিখন স্বাক্ষৰ কৰা হ’ব। দুয়োখন দেশৰ ফালৰ পৰা সংশ্লিষ্ট পক্ষই কূটনৈতিকভাবে সকলোধৰণৰ আইনগত কাম-কাজ পুৰণৰ মর্মে বিজ্ঞাপ্তি প্রকাশৰ পাছতে এই চুক্তিখন কার্যকৰী কৰা হ’ব।

কাষ্টমছ সংক্রান্তীয় অপৰাধ প্রৱণতা ৰোধ আৰু অপৰাধমূলক ঘটনাৱলীৰ তদন্ত আৰু অনুসন্ধানৰ ক্ষেত্রত প্রস্তাৱিত চুক্তিৰ অধীনত প্রাসংগিক তথ্য বিনিময়ৰ মাধ্যমত সহযোগিতা প্রসাৰৰ কথা কোৱা হৈছে। ইয়াৰ ফলত দ্বিপাক্ষিক ব্যৱসায়-বাণিজ্যৰ সুবিধাৰ উপৰি দুয়ো দেশৰ মাজত সামগ্ৰী আমদানি-ৰপ্তানিৰ বিষয়সমূহৰ চাফাই দিয়াৰো বিশেষ সুবিধা হ’ব।

উল্লেখ্য যে এই চুক্তিয়ে দুয়ো দেশৰ মাজত প্ৰকৃত কাষ্টমছ আইন, কাষ্টমছ সংক্ৰান্তীয় অপৰাধ প্ৰতিৰোধ তথা তদন্তৰ লগতে উপযুক্ত কাষ্টমছ আইনৰ ব্যৱহাৰৰ লগতে তথ্য আৰু বুদ্ধিমত্তাৰ বিনিময়ৰ আইনী পৰিকাঠামোত সৃষ্টিত সহায় কৰিব।

******

AKT/VBA/SH/DB