পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত আজি দেশৰ কেন্দ্ৰীয় কেবিনেটে কাৰিকৰী শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু বেলাৰুচৰ মাজত হোৱা বুজাবুজি চুক্তিলৈ যাৱতীয় অনুমোদন জনাইছে৷ এই বুজাবুজি চুক্তিখন বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশ্বেকোৰ ভাৰত ভ্ৰমণৰ সময়ত ২০১৭ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে স্বাক্ষৰিত হৈছিল৷
উল্লেখ্য যে ইউৰো-এছীয় দেশৰ মাজত স্বাক্ষৰিত চুক্তিসমূহৰ ভিতৰত কাৰিকৰী শিক্ষা, প্ৰশিক্ষণ আৰু দক্ষতা উন্নয়ণ ক্ষেত্ৰত এই চুক্তিখনেই প্ৰথম৷
বেলাৰুছৰ আছে উদ্যোগ ক্ষেত্ৰত পৰ্যাপ্ত ব্যুৎপত্তি, বিশেষকৈ উৎপাদন আৰু বৃহৎ উদ্যোগৰ ক্ষেত্ৰত আছে বিশেষ দখল, যিয়ে দেশখনক দক্ষ কৰ্মীৰ পৰ্যাপ্ততা আৰু উন্নত দক্ষতা ভিত্তিক প্ৰশিক্ষণ ব্যৱস্থাৰ দিশেৰে সমৃদ্ধ কৰি ৰাখিছে৷ তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বিভিন্ন পদ্ধতিৰ জ্ঞান বিনিময়ে আমাৰ দেশৰ ‘মেক ইন ইণ্ডিয়া’ আৰু ‘স্কিল ইণ্ডিয়া’ৰ দৰে পদক্ষেপসমূহক বাৰুকৈয়ে সমৃদ্ধ কৰিব৷ এই বুজাবুজি চুক্তিখনৰ মাধ্যমেৰে দেশখনৰ দক্ষ কৰ্মী সৃষ্টিৰ ব্যৱস্থা বিনিময় কৰাৰ ক্ষেত্ৰত, বিশেষকৈ উৎপাদন ক্ষেত্ৰৰ দক্ষকৰ্মী সৃষ্টিৰ দিশেৰে ভাৰতক যথেষ্ট সহায় কৰিবলৈ সক্ষম হ’ব৷
বেলাৰুছৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ উন্নয়ণৰ এক মূৰব্বী প্ৰতিষ্ঠান ৰিপাব্লিকান ইনষ্টিটিউট ফৰ ভ’কেশ্যনেল এডুকেশ্যন (RIPO) আৰু প্ৰশিক্ষণ সঞ্চালকালয়ৰ মাজত প্ৰতিষ্ঠানিক অংশীদাৰীত্ব স্থাপনেৰে দুয়োখন দেশৰ মাজত বিভিন্ন নিৰ্বাচিত ক্ষেত্ৰত সহযোগিতা স্থাপনৰ দুৱাৰ মুকলি হ’ব এই চুক্তিৰ মাধ্যমেৰে, বিশেষকৈ কাৰিকৰী শিক্ষা প্ৰশিক্ষণৰ দীৰ্ঘম্যাদীতা আৰু অয়াৰ ফলপ্ৰসূতা সন্দৰ্ভত৷ প্ৰস্তাৱিত সামগ্ৰিক ব্যৱস্থাটোত গৱেষণা আৰু উন্নয়ণৰ বাবে বেলাৰুছৰ ছেক্টৰেল ভেট/চেণ্টাৰ্ছ অৱ এক্সেলেন্সৰ সৈতেও সহযোগিতাৰে কাম কৰিবলৈ লোৱা হ’ব৷
সহযোগিতাৰে কৰিবলগীয়া কামসমূহ নিম্নোক্তধৰণৰ –
1. শেহতীয়া প্ৰযুক্তি, প্ৰশিক্ষণ আৰু মূল্যায়ণ পদ্ধতিবোৰ, নিয়মীয়া পাঠ্যক্ৰম/দূৰ-সংযোগ পাঠ্যক্ৰম/ই-লাৰ্ণিং পাঠ্যক্ৰমৰ বাবে বিষয়বস্তুৰ উন্নয়ণ/মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ, যোগসূত্ৰ স্থাপনেৰে বিষয়টোক সম্প্ৰসাৰণ কৰাৰ সমস্ত খুটি-নাটি আগবঢ়াব বেলাৰুছৰ তৰফৰ পৰা;
2. নিৰ্মাণ খণ্ড, বিদ্যুৎ শক্তি উৎপাদন আৰু বিতৰণ খণ্ড, উৎপাদন উদ্যোগ, বাণিজ্য, অটো ছাৰ্ভিচ আৰু ঘৰুৱা সামগ্ৰী মেৰামতি তথা তদাৰকী, পৰিবহণ, যোগাযোগ, হোটেল আৰু ৰেষ্টুৰেণ্ট আদিৰ লগতে ভাৰতত সম্প্ৰতি উচ্চ চাহিদাৰ বিভিন্ন ক্ষেত্ৰত দক্ষতা উত্তৰণৰ বাবে ভাৰতীয় নাগৰিকৰ বাবে কাৰিকৰী শিক্ষা সেৱাৰ উপলব্ধতা;
3. বেলাৰুছৰ তৰফৰ পৰা পুনঃপ্ৰশিক্ষণ, দক্ষতা বৃদ্ধি, কাৰিকৰী শিক্ষা আৰু প্ৰশিক্ষণ প্ৰবন্ধক, শিক্ষক আৰু প্ৰশিক্ষকসকলৰ বাবে ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা;
4. পৰিকল্পনা, ব্যৱস্থাপনা আৰু কাৰিকৰী শিক্ষা আৰু প্ৰসিক্ষণ তথা দক্ষতা উন্নয়ণৰ বাবে পৰামৰ্শমূলক সেৱাৰ সুবিধা৷
মূল প্ৰভাৱ –
এই বুজাবুজি চুক্তিখনে বেলাৰুছৰ অভিজ্ঞতা আৰু দক্ষতাৰ পূৰ্ণ ব্যৱহাৰৰ মাধ্যমেৰে ভাৰতৰ আৰ্থসামাজিক ব্যৱস্থাটোলৈ সামগ্ৰিক উন্নয়ণ কঢ়িয়াই আনিব৷
• পূৰ্বৰে পৰা থকা কাৰিকৰীশিক্ষা আৰু দক্ষতা উন্নয়ণৰ উদ্ভাৱনীয়তা আৰু উত্তৰণক কাৰ্যকৰী কৰাৰ উপৰিও সংশ্লিষ্ট প্ৰস্তাৱসমূহকো এই ক্ষেত্ৰৰ বিশদ গৱেষণা আৰু উন্নয়ণেৰে সফল ৰূপায়ণ কৰি তোলা হ’ব৷
পুঁজিৰ উপলব্ধতাৰ ওপৰত ভিত্তি কৰি এইসমূহ সহযোগিতামূলক কাৰ্যাৱলী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সন্মতি ইতিমধ্যেই প্ৰকাশ কৰা হৈছে৷
***
AKT/VBA/SH/Rang