Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কিংবদন্তি অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী মনোজ কুমাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী মনোজ কুমাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ অভিনেতাজনক ভাৰতীয় চলচ্চিত্ৰৰ প্ৰতীক হিচাপে প্ৰশংসা কৰে, বিশেষকৈ তেওঁৰ চলচ্চিত্ৰসমূহত প্ৰতিফলিত হোৱা দেশপ্ৰেমৰ ভাৱনাৰ বাবে তেওঁক স্মৰণ কৰা হয়।

এক্সত এটা পোষ্টত তেওঁ লিখিছে-

“কিংবদন্তি অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী মনোজ কুমাৰ জীৰ মৃত্যুত গভীৰভাৱে শোকাহত। তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন অন্যতম ব্যক্তিত্ব আছিল, যিজনক বিশেষকৈ তেওঁৰ দেশপ্ৰেমমূলক ভাৱনাৰ বাবে স্মৰণ কৰা হয় আৰু সেইটো তেওঁৰ চলচ্চিত্ৰতো প্ৰতিফলিত হৈছিল। মনোজ জীৰ কৰ্মই ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱ জাগ্ৰত কৰিছিল আৰু ই পৰৱৰ্তী প্ৰজন্মসমূহকো অনুপ্ৰাণিত কৰি থাকিব। দুখৰ এই সময়ত মোৰ চিন্তা তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ সৈতে আছে। ওম শান্তি।”

কিংবদন্তি অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী মনোজ কুমাৰ জীৰ মৃত্যুত গভীৰভাৱে শোকাহত। তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন অন্যতম ব্যক্তিত্ব আছিল, যিজনক বিশেষকৈ তেওঁৰ দেশপ্ৰেমমূলক ভাৱনাৰ বাবে স্মৰণ কৰা হয় আৰু সেইটো তেওঁৰ চলচ্চিত্ৰতো প্ৰতিফলিত হৈছিল। মনোজ জীৰ কৰ্মই ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱ জাগ্ৰত কৰিছিল… pic.twitter.com/f8pYqOxol3

— Narendra Modi (@narendramodi) April 4, 2025

***

MJPS/SR/HS