Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কিষাণ তক ভাৰত কৃষি সন্মিলন ২০২৬-ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

কিষাণ তক ভাৰত কৃষি সন্মিলন ২০২৬-ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি  কিষাণ তক ভাৰত কৃষি সন্মিলন ২০২৬ত অংশগ্ৰহণ কৰে। এই উপলক্ষে সমগ্ৰ দেশৰ কৃষি বিজ্ঞানী, কৃষি-উদ্যমী আৰু কৃষকসকলৰ উপস্থিতিত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে পৰিচ্ছন্নতা অভিযানত উৎসাহজনক অংশগ্ৰহণৰ বাবে আৰু এই উদ্ভাৱনীমূলক কিষাণ মেলা আয়োজনৰ বাবে সম্পূৰ্ণ দুদিন উৎসৰ্গা কৰাৰ বাবে সংবাদ গোষ্ঠীটোক প্ৰশংসা কৰে।

দীপাৱলীৰ পিছতে আৰু কৃষি জীৱনৰ সৈতে গভীৰভাৱে সম্পৰ্কিত ষঠ মহাপৰ্বৰ সময়ত এই সন্মিলন অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিহু, পোংগল, ওনাম, বৈশাখী, সৰহুল আৰু পোলাৰ দৰে প্ৰধান ভাৰতীয় উৎসৱবোৰ কৃষিৰ সৈতে অংগাংগীভাৱে জড়িত। “অৰ্থাৎ, কৃষি আৰু খেতি হৈছে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা আৰু আমাৰ সামাজিক জীৱনৰ ভেটি”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

বিকশিত ভাৰতৰ বাবে কৃষিয়ে প্ৰাথমিক স্তম্ভ হিচাপে কাম কৰাকে ধৰি প্ৰয়োজনীয় ৰাষ্ট্ৰীয় শক্তিৰ সাতটা ধাৰাৰ (সপ্তধাৰা)সন্দৰ্ভত লালকিল্লাৰ পৰা দিয়া ভাষণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে এনে কৃষক সন্মিলনৰ গুৰুত্ব বহুগুণে বৃদ্ধি পাইছে কিয়নো ৰাষ্ট্ৰীয় উন্নয়ন পোনপটীয়াকৈ কৃষি আধুনিকীকৰণৰ ওপৰত নিৰ্ভৰ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “কৃষিৰ বিকাশ নোহোৱাকৈ, কৃষিক অধিক বুদ্ধিদীপ্ত নকৰাকৈ তথা কৃষকৰ সবলীকৰণ নোহোৱাকৈ বিকশিত ভাৰত নিৰ্মাণ সম্ভৱ নহয়।”

ক্ষুদ্ৰ কৃষক আৰু কৃষি শ্ৰমিকসকলৰ মাজত গ্ৰাম্য দৰিদ্ৰতা দ্ৰুতভাৱে হ্ৰাস হোৱাৰ ফলত মাত্ৰ  ১২ ৰ পৰা ১৩ বছৰত ৫০ কোটি ভাৰতীয়ই দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ লাভ কৰা সম্পৰ্কীয় বিশ্ব বেংকৰ বিস্তৃতভাৱে আলোচিত অধ্যয়নৰ জৰিয়তে কৃষি বিকাশ আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সময়ছোৱাতে ভাৰতৰ কৃষি খণ্ডই স্বাধীনতাৰ পিছত প্ৰথমটো দশক হিচাপে ৪শতাংশতকৈ অধিক গড় বিকাশৰ হাৰ লাভ কৰিছে।

কৃষক আৰু কৃষি বিশেষজ্ঞসকলে নিৰন্তৰভাবে নীতি আৰু পদ্ধতিগত বিৱর্তনৰ প্ৰয়োজনীয়তা বুজি পোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে বিশ্বৰ বজাৰ, খাদ্যাভ্যাস, বতৰৰ ধাৰা আৰু সময়ৰ সৈতে প্ৰযুক্তি বিকশিত হোৱাৰ লগে লগে কৃষকসকলক নতুনকৈ সবলীকৰণৰ প্ৰয়োজন। “কেৱল খাদ্যশস্যৰ ভাণ্ডাৰ পূৰণ কৰাটোৱে যথেষ্ট নহয়”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

গোলকীয় কৃষি পৰিৱৰ্তনৰ গতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিবলৈ আৰু বাৰ্ষিক কৃষি ৰপ্তানিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক কৃষি আয় বৃদ্ধিৰ বাবে যোৱা দশকত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰত এতিয়া গাখীৰ, মাহজাতীয় শস্য, মৰাপাট, চাউল আৰু বজৰা উৎপাদনত বিশ্বৰ ভিতৰত প্ৰথম স্থানত আছে আৰু ঘেঁহু, কপাহ, ফলমূল, শাক-পাচলি আৰু মাছ উৎপাদনত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। “এইবোৰ কেৱল কেইটামান সংখ্যা নহয়, এইবোৰে দেখুৱায় যে ভাৰতৰ কৃষকসকলৰ সামৰ্থ্য কিমান বৃদ্ধি পাইছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

কৃষকৰ সমৃদ্ধিৰ বাবে ঘেঁহু, চাউল আৰু কুঁহিয়াৰৰ ওপৰত পৰম্পৰাগত নিৰ্ভৰশীলতাক অতিক্ৰমী  আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে শস্যৰ বৈচিত্ৰ্য আৰু আনুষংগিক কৃষি সম্পৰ্কীয় কামকাজসমূহৰ বিষয়ে সক্ৰিয়ভাৱে প্ৰচাৰ কৰি আছে।

সেউজ বিপ্লৱৰ জৰিয়তে খাদ্যশস্যৰ আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাৰ পৰা আৰু শ্বেত বিপ্লৱৰ জৰিয়তে বিশ্বৰ শীৰ্ষ দুগ্ধ উৎপাদক হোৱালৈকে ভাৰতৰ কৃষি সম্পৰ্কীয় ঊৰ্ধ্বমুখী গতিপথৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা দশকত একাধিক খণ্ডত দ্ৰুত সম্প্ৰসাৰণৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰে, যাৰ ভিতৰত আছে দুগ্ধ উৎপাদনত প্ৰায় ৭০শতাংশ বৃদ্ধি, কণী উৎপাদনত প্ৰায় ৯০শতাংশ বৃদ্ধি, নীল বিপ্লৱৰ অধীনত মাছৰ উৎপাদন দুগুণৰো অধিক বৃদ্ধি, মধু বিপ্লৱৰ অধীনত মৌ উৎপাদন প্ৰায় ৮০,০০০টনৰ পৰা ১.৫ লাখ টনলৈ বৃদ্ধি আৰু উদ্যানশস্য উৎপাদন ২৮০ নিযুত টনৰ পৰা ৩৫০ নিযুত টনলৈ বৃদ্ধি। “আজি মই আপোনালোকক পৰিসংখ্যা দিছোঁ যিয়ে দেখুৱাইছে যে এই যাত্ৰা এতিয়া অতি বিশাল ধৰণে আগবাঢ়িছে”, প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

 

এই বিবিধ কৃষি বিপ্লৱক ব্যাপক দৃষ্টিভংগীৰ অধীনত একত্ৰিতকৰণৰ দ্বাৰা ভৱিষ্যতৰ কৃষিৰ বাবে প্ৰয়োজনীয় একাধিক উপাৰ্জনৰ ধাৰাৰ সৃষ্টি হয় বুলি ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ অধীনত সৌৰ শক্তি বিপ্লৱৰ ওপৰত আলোকপাত কৰে, যিয়ে বিদ্যুৎ বিল হ্ৰাস কৰিবলৈ আৰু কৃষকসকলক তেওঁলোকৰ পথাৰত সৌৰ শক্তি উৎপাদন কৰি ৰাজহ অৰ্জন কৰিবলৈ সক্ষম কৰাৰ বাবে প্ৰায় ১২ লাখ সৌৰ পাম্প প্ৰদান কৰিছে। “এই বিপ্লৱে দেশৰ অন্নদাতাক শক্তিদাতালৈ ৰূপান্তৰিত কৰিছে আৰু কৃষি উৎপাদনৰ লগতে আমি উৎপাদনশীলতা তথা কৃষকৰ লাভতো গুৰুত্ব আৰোপ কৰিছোঁ”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

চৰকাৰৰ মুৰব্বী হিচাপে শেহতীয়াকৈ তেওঁ ২৫ বছৰ সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰি আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে বিশাল কৃষি মহোৎসৱৰ জৰিয়তে কৃষিক আধুনিকীকৰণৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্ণনা কৰে কেনেকৈ শ শ কৃষি বিজ্ঞানী আৰু বিশেষজ্ঞই খেতিৰ মাটি পৰীক্ষা কৰিবলৈ, পানীৰ উপলব্ধতা মূল্যায়ন কৰিবলৈ আৰু কৃষকসকলক উপযুক্ত শস্য আৰু পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিবলৈ ৪০ৰ পৰা ৪৫ ডিগ্ৰী গৰমত গাঁওবোৰ ভ্ৰমণ কৰিছিল। “আমি বিজ্ঞানীসকলৰ পৰীক্ষাগাৰৰ জ্ঞান প্ৰত্যক্ষভাৱে কৃষকৰ পথাৰত উপনীত হোৱাটো নিশ্চিত কৰি ‘পৰীক্ষাগাৰৰ পৰা পথাৰ’লৈ ধাৰণাটোৰ সৈতে আগবাঢ়ি গৈছিলোঁ আৰু গুজৰাটৰ কৃষকসকলে ইয়াৰ পৰা ব্যাপকভাৱে লাভান্বিত হৈছিল”, প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্ত কৰে।

গুজৰাটত তেওঁৰ শাসনৰ অভিজ্ঞতা ৰাষ্ট্ৰীয় পৰ্যায়ত অমূল্য প্ৰমাণ হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সমগ্ৰ ভাৰতত মাটি পৰীক্ষা কৰা পৰীক্ষাগাৰৰ সংখ্যা ২০১৪চনৰ কেইবাহাজাৰৰো পৰা আজি ৮,৪০০ৰো অধিক হোৱাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ সংখ্যা ৭২৫ৰো অধিকলৈ বৃদ্ধি পাইছে। আনহাতে ভৰি আৰু মুখৰ ৰোগৰ বিৰুদ্ধে এটা বৃহৎ টিকাকৰণ অভিযানৰ জৰিয়তে পশুধনৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া হৈছে। ” ভৰি আৰু মুখৰ ৰোগৰ পৰা পশুধন সুৰক্ষিত কৰিবলৈ ৮ কোটিৰো অধিক কৃষকৰ পশুধনক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰা হৈছে”, শ্ৰী মোদীয়ে উল্লেখ কৰে।

গ্ৰাম্য ভাৰতে উন্নত প্ৰযুক্তি গ্ৰহণ কৰিব নোৱাৰে বুলি থকা পুৰণি মানসিকতাক প্ৰত্যাহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নমো ড্ৰোন দিদিয়ে সাৰ আৰু কীটনাশক ছটিওৱাৰ বাবে দক্ষভাৱে ড্ৰোন পৰিচালনা কৰি সংশয়বাদীসকলক ভুল প্ৰমাণিত কৰিছে। “এতিয়া ইয়াৰ ব্যৱহাৰৰ পৰিসৰো সম্প্ৰসাৰিত হৈছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

ক্ষুদ্ৰ কৃষককো সঠিক তথ্য প্ৰদান কৰাকে ধৰি ভাৰতীয় কৃষিক্ষেত্ৰত অভিযান্ত্ৰিক বিদ্যাৰ বৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰি বিজ্ঞানী, অভিযন্তা আৰু যুৱক-যুৱতীসকলে ব্যয় হ্ৰাস কৰা ৰোপণ আৰু শস্য চপোৱাৰ যন্ত্ৰপাতিৰ লগতে সুলভ, সংবেদক-আধাৰিত আৰু এআই-সজ্জিত সঁজুলি বিকশিত কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিছে বুলি মন্তব্য আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কৃষি পথাৰ পৰ্যায়ত মূল্য সংযোজন আৰু কৃষি-অভিযান্ত্ৰিক আৰু কৃষি-ষ্টাৰ্টআপৰ সমৃদ্ধ পৰিৱেশতন্ত্ৰত অন্নদাতাসকলক কৃষি-অগ্ৰগামী হিচাপে ৰূপান্তৰিত কৰাৰ দিশত জোৰ দিয়ে। “শেহতীয়া বছৰবোৰত ক্ষুদ্ৰ কৃষকসকলে চৰকাৰৰ সৈতে মিলি এফ পি অ’ৰ  বিশাল নেটৱৰ্ক গঢ়ি তুলিছে, যিয়ে ক্ষুদ্ৰ কৃষকসকলৰ গোটসমূহক মূল্য উৎপাদক হিচাপে গঢ়ি তুলিছে আৰু তেওঁলোকক খাদ্য সংসাধন তথা ৰপ্তানি বজাৰৰ সৈতে সংযোগ কৰিছে”, শ্ৰী মোদীয়ে উল্লেখ কৰে।

চৰকাৰৰ স্পষ্ট নীতি আৰু কৃষিয়ে কৃষকৰ ওপৰত বোজা নপৰাটো নিশ্চিত কৰাৰ অভিপ্ৰায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইৰান আৰু উপসাগৰীয় অঞ্চলত অব্যাহত যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ দাম বৃদ্ধি হোৱা সত্বেও ভাৰতে যোৱা ১২ বছৰত সুলভ মূল্যত সাৰ প্ৰদান কৰিবলৈ ১৬লাখ কোটি টকা ব্যয় কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ ৫,০০০ টকা দামৰ ডি এ পি সাৰৰ এটা বস্তা  ভাৰতৰ কৃষকসকলৰ বাবে ১,৩০০ টকাত উপলব্ধ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩,০০০ টকা দামত ইউৰিয়া সাৰৰ এটা বস্তা ৩০০ টকাৰো কম দামত দিয়া হৈছে।”

পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত খাৰুৱা তেলৰ দাম এসপ্তাহৰ ভিতৰত প্ৰতি বেৰেলত ৭০ ডলাৰৰ পৰা ১২২ ডলাৰলৈ বৃদ্ধি হোৱাৰ সময়ত চৰকাৰে কৃষকসকলক কেনেদৰে সুৰক্ষা দিছিল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত কমেও ৫০ টকাকৈ বৃদ্ধি কৰাৰ বাবে চাপ সৃষ্টি হৈছিল, যি সময়ত চুবুৰীয়া দেশসমূহে ইন্ধনৰ দাম ৪০ৰ পৰা ৫০ শতাংশ বৃদ্ধি কৰিছিল সেই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ চাপ নাগৰিক আৰু কৃষকসকলৰ ওপৰত পৰিবলৈ দিয়াটো অগ্ৰাহ্য কৰি ডিজেলৰ দাম প্ৰতি লিটাৰত মাত্ৰ ৭ টকা বৃদ্ধি কৰাৰ জৰিয়তে প্ৰতি লিটাৰক ৪৩ টকা নিজেই বহন কৰি বৰ্তমানলৈকে মাহিলি ১৪,০০০কোটি টকাৰ বোজা লৈছে। “দেশৰ কৃষকসকলৰ স্বাৰ্থ সকলোৰে ঊৰ্ধ্বত হ’লে আৰু নাগৰিক দেৱো ভৱৰ মনোভাব থাকিলে এনে সংবেদনশীল সিদ্ধান্ত লোৱা হয়”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

 

শেহতীয়া বছৰবোৰত ভাৰতীয় কৃষকসকলৰ গুৰুত্বপূৰ্ণ সাফল্যক স্বীকৃতি দি আৰু সমৃদ্ধিশালী কৃষক, সমৃদ্ধিশালী গাঁও তথা আধুনিক, লাভজনক কৃষিৰ সৈতে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে আৰু অধিক প্ৰচেষ্টাৰ আহ্বানেৰে ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে এই সন্মিলনত হোৱা আলোচনাসমূহে তেওঁৰ শুভেচ্ছা জনোৱাৰ আগতে ৰাষ্ট্ৰখনক উপকৃত কৰিব।”ইয়াৰ পৰা যি উন্নত পৰামৰ্শ আৰু সমাধান ওলাইছে, চৰকাৰেও সেইবোৰক লৈ কাম কৰিব”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

***********

MJPS/SS/VJ/PRK/HS