পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কিষাণ মণ্ডী স্থাপনৰ বাবে স্মল ফাৰ্মাৰ্ছ এগ্ৰিবিজনেছ কনছ’ৰ্টিয়ামলৈ দিল্লী দুগ্ধ আঁচনিয়ে দিল্লীৰ আলিপুৰত থকা খাছাৰা নং ৯১/১৫ ৰ ১.৬১ একৰ ভূমি লীজত দিবৰ বাবে আগবঢ়োৱা প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন আগবঢ়াইছে।
উল্লেখ্য যে এই লীজ ৩০ বছৰৰ বাবে বৈধ হ’ব আৰু ১০.০৯.২০১৪ তাৰিখৰ পৰা ০৯.০৯.২০৪৪ তাৰিখলৈ এই লীজৰ ম্যাদ থাকিব। প্ৰতিমাহেকত ইয়াৰ বাবে পৰিশোধ কৰিব লাগিব ১০০ টকাকৈ, আৰু বিগত ১০.০৯.২০১৪ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা এই মাচুলত বছৰেকত ১০ শতাংশকৈ বৃদ্ধি সামৰি লোৱা হ’ব। লীজৰ ভাড়াসমূহ সমগ্ৰ বছৰটোৰ বাবে একেলগে পৰিশোধ কৰিব লাগিব আৰু বৰ্ষাৰম্ভতেই এই ধন পৰিশোধ কৰিব লাগিব, পৰিশোধ কৰাৰ অন্তিম থাকিখ হিচাপে গণ্য কৰা হ’ব ৩১ জানুৱাৰী।
প্ৰভাৱ –
এই স্মল ফাৰ্মাৰ্ছ এগ্ৰিবিজনেছ কনছৰ্টিয়ামৰ দ্বাৰা স্থাপন কৰিবলগীয়া এই কিষাণ মণ্ডীয়ে কৃষকসকলৰ লগতে দেশখনৰ উপভোক্তাসকলৰ লাভৰ বাবে দিল্লী/এনচিআৰত পাইকাৰী আৰু খুচুৰা ক্ৰেতাক ফল-মূল আৰু শাক-পাচলি প্ৰত্যক্ষভাৱে বিক্ৰী কৰিবৰ বাবে এফপিঅ’সমূহ আৰু গ্ৰোৱাৰ্ছ এছ’ছিয়েশ্যনসমূহলৈ এক অতিৰিক্ত, বিপণন চেনেল বা প্লেটফৰ্ম প্ৰদান কৰিব।
কিষাণমণ্ডীৰ মুখ্য দিশসমূহ –
পটভূমি:-
স্মল ফাৰ্মাৰ্ছ এগ্ৰিবিজনেছ কনছ’ৰ্টিয়াম হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ কৃষি সমবায় আৰু কৃষক কল্যাণ বিভাগৰ নিয়ন্ত্ৰাণাধীন এক পঞ্জীকৃত ছ’চাইটি। ইয়াৰ উদ্দেশ্য আৰু কাৰ্যাৱলী হৈছে কৃষকসকলক বিনিয়োগ, প্ৰযুক্তি আৰু বজাৰৰ সৈতে সংযোগ কৰি দিয়া। এই অনুষ্ঠানটোৱে এই পৰ্যন্ত সমগ্ৰ দেশতে প্ৰায় ৬৫০ টা এনে এফপিঅ’ৰ প্ৰসাৰৰ কাম কৰি আছে, য’ত সদস্য সংখ্যা ২০১৭ চনৰ ডিচেম্বৰ মাহলৈ ৬.৬০ লাখৰো অধিক। এই অনুষ্ঠানটোৱে কৃষকসকলৰ লগতে দেশখনৰ উপভোক্তাসকলৰ লাভৰ বাবে দিল্লী/এনচিআৰত পাইকাৰী আৰু খুচুৰা ক্ৰেতাক ফল-মূল আৰু শাক-পাচলি প্ৰত্যক্ষভাৱে বিক্ৰী কৰিবৰ বাবে এফপিঅ’সমূহ আৰু গ্ৰোৱাৰ্ছ এছ’ছিয়েশ্যনসমূহৰ সৈতে কৃষক সংলক সংযোজন ঘটাবৰ বাবে এটা কিষাণ মণ্ডী স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে, যিটোৱে কৃষকৰ সামগ্ৰীসমূহৰ সঠিক বিপণন কৰাৰ লগতে উপস্থাপনৰ প্লেটফৰ্ম প্ৰদান কৰিব।
*******
AKT/RD