পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ ক্ৰাউন প্ৰিন্স মহামহিম শ্বেইখ চাবাহ আল খালেদ আল হামাদ আল মুবাৰক আল ছাবাহৰ সৈতে কথা পাতি উৎসৱৰ শুভেচ্ছা বিনিময় কৰে আৰু আঞ্চলিক নিৰাপত্তাৰ পৰিস্থিতি পৰ্যালোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ ক্ৰাউন প্ৰিন্স শ্বেইখ চাবাহ আল খালেদ আল হামাদ আল মুবাৰক আল ছাবাহৰ সৈতে বাৰ্তালাপ কৰি আগন্তুক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। বাৰ্তালাপৰ সময়ত শ্ৰী মোদী আৰু ক্ৰাউন প্ৰিন্সে পশ্চিম এছিয়াৰ বিৱৰ্তনশীল পৰিস্থিতিৰ ওপৰত মত বিনিময় কৰে আৰু শেহতীয়া পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিয়াৰ কথা পুনৰবাৰ উল্লেখ কৰি হৰমুজ জলদ্বীপৰ মাজেৰে নিৰাপদ তথা মুক্ত যাতায়ত নিশ্চিত কৰাৰ বিষয়টো অগ্ৰাধিকাৰ বিষয় হৈ আছে বুলি উল্লেখ কৰে। দুয়োগৰাকী নেতাই এই কথাত একমত প্ৰকাশ কৰে যে আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ বাবে স্থায়ী কূটনৈতিক সংযোগ অপৰিহাৰ্য হৈয়ে আছে। প্ৰধানমন্ত্ৰীয়ে কুৱেইটত ভাৰতীয় জনগোষ্ঠীৰ সুৰক্ষা আৰু মংগলৰ বাবে প্ৰদান কৰা অবিৰত সহায়ৰ বাবেও ক্ৰাউন প্ৰিন্সক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
“কুৱেইটৰ ক্ৰাউন প্ৰিন্স শ্বেইখ চাবাহ আল-খালেদ আল-হামাদ আল-মুবাৰক আল-ছাবাহৰ সৈতে কথা পাতো আৰু আগন্তুক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰো ।”
আমি পশ্চিম এছিয়াৰ বিৱৰ্তনশীল পৰিস্থিতিৰ বিষয়ত মত বিনিময় কৰিলোঁ আৰু শেহতীয়া পৰিস্থিতিৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰিলোঁ। কুৱেইটৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিয়াৰ কথা পুনৰবাৰ উল্লেখ কৰে। হৰমুজ জলদ্বীপৰ মাজেৰে নিৰাপদ তথা মুক্ত পৰিবহণ নিশ্চিত কৰাটো আমাৰ অগ্ৰাধিকাৰৰ বিষয় হৈয়েই আছে।
আমি এই কথাত একমত হ’লোঁ যে আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ বাবে স্থায়ী কূটনৈতিক সংযোগ অপৰিহাৰ্য হৈয়েই আছে৷
কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা আৰু মংগলৰ বাবে আগবঢ়োৱা অবিৰত সহায়ৰ বাবে তেওঁক ধন্যবাদ জনাইছো।”
Spoke with HH Sheikh Sabah Al-Khaled Al-Hamad Al-Mubarak Al-Sabah, Crown Prince of Kuwait and conveyed greetings on the upcoming festival of Eid.
We exchanged views on the evolving situation in West Asia and shared concerns over recent developments. Reiterated India’s…
— Narendra Modi (@narendramodi) March 18, 2026
***
MJPS/PRK/DM
Spoke with HH Sheikh Sabah Al-Khaled Al-Hamad Al-Mubarak Al-Sabah, Crown Prince of Kuwait and conveyed greetings on the upcoming festival of Eid.
— Narendra Modi (@narendramodi) March 18, 2026
We exchanged views on the evolving situation in West Asia and shared concerns over recent developments. Reiterated India’s…