Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কৃত্ৰিম বুদ্ধিমত্তা প্ৰতি ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে সামঞ্জস্যপূৰ্ণ এটা প্ৰবন্ধ শ্বেয়াৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে, য’ত কৃত্ৰিম বুদ্ধিমত্তা-চালিত প্ৰযুক্তিগত নতুন যুগত ভাৰতৰ বিকশিত উদ্ভাৱন কাহিনীৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে।

প্ৰবন্ধটোত ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে দৃঢ়ভাৱে জড়িত হৈ থকাৰ সময়তে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী বিশ্বজনীন অংশীদাৰিত্বৰ সৈতে গভীৰভাৱে জড়িত হৈ থকাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হৈছে। লগতে এই বুলিও কোৱা হৈছে যে ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ৰণনীতি স্পষ্ট, ই মানৱ-কেন্দ্ৰিক, অন্তৰ্ভুক্তিমূলক, আন্তঃব্যৱহাৰযোগ্য আৰু সাৰ্বভৌম সামৰ্থ্যৰ ভেটিৰ ওপৰত নিৰ্মিত।

এক্সত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @dpradhanbjp-এ লিখিছে যে কৃত্ৰিম বুদ্ধিমত্তা-চালিত নতুন প্ৰযুক্তিগত যুগত, ভাৰতৰ উদ্ভাৱন কাহিনী বিশ্বজনীন অংশীদাৰিত্বৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে।

তেওঁ কয় যে, ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী স্পষ্ট-মানৱ-কেন্দ্ৰিক, অন্তৰ্ভুক্তিমূলক, আন্তঃব্যৱহাৰযোগ্য আৰু সামৰ্থ্যত সাৰ্বভৌম।”

 

***

MJPS/PRK/NB