পি এম ইণ্ডিয়া
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ ফাৰ্মাচিউটিকেল সংস্থাসমূহ বন্ধ বা কৌশলগত নিৰ্বিনিয়োগ হোৱালৈকে ফাৰ্মাচিউটিকেল ক্ৰয় নীতি(পিপিপি)ৰ ম্যাদ বৃদ্ধি অথবা নবীকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷
মুখ্য প্ৰভাৱঃ
কেবিনেটৰ এই সিদ্ধান্তৰ ফলত ৰাজহুৱা খণ্ডৰ ফার্মা সংস্থাসমূহৰ সা-সুবিধা বর্তমানতকৈ আৰু অধিক পৰিমাণে কামত লগোৱা সম্ভৱ হ’ব৷ সংস্থাসমূহৰ কর্মচাৰীসকলৰ দৰমহা পুৰণ কৰি ৰাজহ বৃদ্ধিত সহায় কৰিব৷ আনকি, কোনো সংস্থা বন্ধ বা কৌশলগত নিৰ্বিনিয়োগ হোৱালৈকে সংস্থাসমূহৰ বকেয়া বিষয়ৰ নিষ্পত্তি কৰা তথা বর্তমান কাৰ্যক্ষম হৈ থকা উচ্চ মূল্যৰ অত্যাধুনিক যন্ত্ৰপাতিসমূহৰ ব্যৱহাৰ অব্যাহত থাকিব৷
পটভূমিঃ
উল্লেখ্য যে কেন্দ্রীয় কেবিনেটৰ ২০১৩ৰ ৩০ অক্টোবৰত অনুষ্ঠিত বৈঠকত ৰাজহুৱা খণ্ডৰ ফার্মা সংস্থাসমূহৰ উৎপাদিত ১০৩বিধ ঔষধৰ পৰিপ্রেক্ষিতত ফাৰ্মাচিউটিকেল ক্ৰয় নীতিৰ ম্যাদ আৰু পাঁচ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গৃহীত হৈছিল। ২০১৮ৰ ৯ ডিচেম্বৰত এই ম্যাদ অন্ত পৰিছিল৷
******
VRRK/SC/SH/DB