পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিকৰ মজুৰি সন্দৰ্ভত অষ্টম পর্যায়ৰ আলোচনা আৰু চুক্তিৰ মজুৰি নীতিত অনুমোদন জনায়।
আলোকপাতঃ
(i) কেবিনেটৰ এই সিদ্ধান্তৰ ফলত কেন্দ্রীয় কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ পৰিচালন কর্তৃপক্ষই তেওঁলোকৰ শ্রমিক-কর্মচাৰীৰ বাবে স্বাধীনভাবে মজুৰি সংশোধনৰ ক্ষেত্ৰত চুক্তি সম্পাদন কৰিব পাৰিব। যোৱা বছৰ ৩১ ডিচেম্বৰলৈকে যিবোৰ মজুৰি চুক্তিৰ ম্যাদ ৫-১০ বছৰ উকলি গৈছে, সেইবোৰৰ ক্ষেত্রত মজুৰি সংশোধনৰ সুযোগ প্ৰদানৰ লক্ষ্যৰে কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে।
(ii) শ্ৰমিকৰ যিকোনো মজুৰি বৃদ্ধিৰ বাবদ চৰকাৰে কোনো বিত্তীয় সাহাৰ্য আগনবঢ়ায়। ইয়াৰ বাবে প্ৰয়োজনীয় সকলো পুঁজি কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে আভ্যন্তৰীণ সম্পদৰ জৰিয়তে আহৰণ কৰিব লাগিব।
(iii) অনুমোদিত নীতি-নির্দেশনা অনুসৰণ কৰি কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে মজুৰি সংশোধনৰ ব্যৱস্থা কৰিব পাৰিব। এই ক্ষেত্ৰত কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে সংশ্লিষ্ট প্রশাসনিক মন্ত্রালয় বা বিভাগক জনোৱাৰ পাছতহে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে নতুন মজুৰি চুক্তি বাস্তবায়িত কৰিব পাৰিব।
(iv) সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে আলোচনা মৰ্মে মজুৰি বৃদ্ধি কৰিলেও পূৰ্বৰ কৰ্মচাৰী বা ছুপাৰভাইজাৰতকৈ এই মজুৰি অধিক হ’ব নালাগিব।
(v) কৰ্মত নিয়োজিত হোৱাৰ পাঁচ বছৰৰ সম্পূৰ্ণ হোৱাৰ পাছতহে কৰ্মচাৰী বা ছুপাৰভাইজাৰসকলৰ মজুৰি বৃদ্ধি সন্দৰ্ভত আলোচনা কৰিব পাৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই।
(vi) নতুন কৰ্মচাৰী আৰু পূৰ্বৰ কৰ্মচাৰীৰ মাজত সংঘাত ৰোধৰ বাবে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্তৃপক্ষই গ্ৰেড অনুসৰি মৰগীয়া বানচৰ বিষয়টো চালি-জাৰি চাব লাগিব।
(vii) কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্তৃপক্ষই এইটো নিশ্চিত কৰিব লাগিব যে মজুৰি বৃদ্ধিৰ ফলত তেওঁলোকৰ সামগ্ৰী আৰু সেৱাৰ মুল্য যাতে বৃদ্ধি নহয়।
(viii) কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগৰ অনুমোদনৰ পাছতহে বৰ্ধিত মজুৰি কাৰ্যকৰী কৰিব পাৰিব।
পটভূমিঃ
উল্লেখযোগ্য যে দেশত ৩২০ টা কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত প্ৰায় ১২.৩৪ লাখ কৰ্মচাৰীয়ে কাম কৰি আছে। ইয়াৰে ২.৯৯ লাখ কৰ্মচাৰী বোৰ্ড পৰ্যায়ৰ আৰু বোৰ্ডৰ অধীনস্থ কৰ্মী তথা সংঘীয় ছুপাৰভাইজাৰ। ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত বাণিজ্য সংঘ আৰু কৰ্তৃপক্ষই আলোচনা মৰ্মে মজুৰি বৃদ্ধি কৰে।
***
AKT/VBA/SH/DB