Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ আৰু পেঞ্চনাৰসকলৰ মৰগীয়া সকাহ বৃদ্ধিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত  অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ(ডি এ) আৰু পেঞ্চনাৰসকলৰ মৰগীয়া সকাহ(ডি আৰ)ৰ অতিৰিক্ত কিস্তি চলিত বৰ্ষৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মুকলি কৰাৰ বিষয়ত অনুমোদন জনায়। বৰ্তমানৰ মূল দৰমহা/পেঞ্চনৰ ৬০ শতাংশ হাৰত ৩ শতাংশ বৃদ্ধি কৰি এই হাৰ ৬৩ শতাংশলৈ উন্নীত কৰা হৈছে। মূল্যবৃদ্ধিৰ প্ৰভাৱৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে এই বৃদ্ধি কাৰ্যকৰী কৰা হৈছে।

মৰগীয়া বানচ আৰু মৰগীয়া সকাহৰ এই বৰ্ধিত হাৰৰ ফলত চৰকাৰৰ ৰাজকোষৰ পৰা বছৰি অতিৰিক্ত ১০,০১৬.১০ কোটি টকা ব্যয় হ’ব। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৪৮.৫৪ লাখ কৰ্মচাৰী আৰু ৬৮.৭১ লাখ পেঞ্চনাৰ উপকৃত হ’ব।

এই বৃদ্ধি সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা স্বীকৃত সূত্ৰ অনুসৰি কাৰ্যকৰী কৰা হৈছে।

 

****

MJPS/SS/UD