পি এম ইণ্ডিয়া
অমৃতকালৰ এই প্ৰথম বাজেটে উন্নত ভাৰতৰ বিশাল সংকল্প পূৰণ কৰিবলৈ এক শক্তিশালী ভেটি গঢ়ি তুলিব। এই বাজেটে দুখীয়াসকলক অগ্ৰাধিকাৰ প্ৰদান কৰে। এই বাজেটে আজিৰ উচ্চাকাংক্ষী সমাজ- গাওঁ, দৰিদ্ৰ, কৃষক, মধ্যবিত্তসকলৰ সপোন পূৰণ কৰিব।
এই ঐতিহাসিক বাজেটৰ বাবে মই বিত্ত মন্ত্ৰী নিৰ্মলাজী আৰু তেওঁৰ দলক অভিনন্দন জনাইছোঁ।
বন্ধুসকল,
পৰম্পৰাগতভাৱে, নিজ হাতেৰে, সঁজুলি আৰু সামগ্ৰীৰে কঠোৰ পৰিশ্ৰম কৰি কিবা বা নহয় কিবা সৃষ্টি কৰা কোটি কোটি ‘বিশ্বকৰ্মা’ হৈছে এই দেশৰ নিৰ্মাতা। আমাৰ ওচৰত লোহাৰ, সোণোৰী, কুমাৰ, কাঠমিস্ত্ৰী, ভাস্কৰ্যশিল্পী, শিল্পী, মিস্ত্ৰী আদি অগণন লোকৰ এক বিশাল তালিকা আছে। এই সকলো বিশ্বকৰ্মাৰ কঠোৰ পৰিশ্ৰমক সহযোগ কৰিবলৈ দেশে এই বাজেটত প্ৰথমবাৰৰ বাবে বিভিন্ন উদগনিমূলক আঁচনি আনিছে। এনে লোকসকলৰ বাবে প্ৰশিক্ষণ, প্ৰযুক্তি, ঋণ আৰু বজাৰ সমৰ্থনৰ বাবে ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল সন্মান অৰ্থাৎ প্ৰধানমন্ত্ৰী বিকাশে কোটি কোটি বিশ্বকৰ্মাৰ জীৱনলৈ এক আমূল পৰিৱৰ্তন আনিব।
বন্ধুসকল,
চহৰত বাস কৰা মহিলাৰ পৰা গাঁৱত বাস কৰা মহিলা, ব্যৱসায়ত নিয়োজিত মহিলা, বা ঘৰুৱা কামত ব্যস্ত মহিলালৈকে, চৰকাৰে তেওঁলোকৰ জীৱন সহজ কৰাৰ বাবে বহুতো পদক্ষেপ লৈছে। জল জীৱন মিছন, উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী-আৱাস যোজনা হওঁক, এনে বহুতো পদক্ষেপ যথেষ্ট উদ্যমেৰে আগুৱাই নিয়া হ’ব। ইয়াৰ উপৰিও, ‘মহিলা আত্ম-সহায়ক গোট’ হৈছে এক অতি শক্তিশালী খণ্ড যিয়ে আজি ভাৰতত এক বিশাল স্থান অৰ্জন কৰিছে। যদিহে তেওঁলোকে অলপ সহযোগ পায়, তেওঁলোকে অলৌকিক কাম কৰিব পাৰে। আৰু সেয়েহে, ‘মহিলা আত্ম-সহায়ক গোট’ৰ সৰ্বাংগীন বিকাশৰ বাবে এক নতুন পদক্ষেপে এই বাজেটত এক নতুন মাত্ৰা প্ৰদান কৰিব। মহিলাসকলৰ বাবে এটা বিশেষ সঞ্চয় আঁচনিও আৰম্ভ কৰা হৈছে। আৰু জন ধন একাউণ্টৰ পিছত, এই বিশেষ সঞ্চয় আঁচনিয়ে পৰিয়ালৰ গৃহিনী, মাতৃ আৰু ভগ্নীসকলক এক নতুন উৎসাহ যোগাব।
এই বাজেটে সমবায়সমূহক গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ মূল বিষয় কৰি তুলিব। চৰকাৰে সমবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ খাদ্য সঞ্চয় আঁচনি-সঞ্চয় ক্ষমতা আনিছে। বাজেটত নতুন প্ৰাথমিক সমবায় গঠনৰ এক উচ্চাভিলাষী পৰিকল্পনাও ঘোষণা কৰা হৈছে। ই কৃষিৰ লগতে গাখীৰ আৰু মাছ উৎপাদনৰ ক্ষেত্ৰ সম্প্ৰসাৰিত কৰিব। কৃষক, গোপালক আৰু মাছমৰীয়াসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে উন্নত মূল্য লাভ কৰিব।
বন্ধুসকল,
এতিয়া আমি ডিজিটেল পৰিশোধৰ সফলতাক কৃষি খণ্ডত প্ৰয়োগ কৰিব লাগিব। সেয়েহে, এই বাজেটত আমি ডিজিটেল কৃষি আন্তঃগাঁথনিৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। বিশ্বই আন্তৰ্জাতিক বাজৰা বৰ্ষ উদযাপন কৰি আছে। ভাৰতত বিভিন্ন ধৰণৰ বাজৰা আছে যাৰ বিভিন্ন নাম আছে। আজি, যিহেতু বাজৰাবোৰ প্ৰতিটো পৰিয়ালত উপনীত হৈছে আৰু সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ উঠিছে, ইয়াৰ সৰ্বাধিক লাভালাভ ভাৰতৰ ক্ষুদ্ৰ কৃষকসকলৰ ওচৰলৈ যোৱা উচিত। সেয়েহে, ইয়াক এক নতুন ধৰণে আগুৱাই নিয়াটো প্ৰয়োজনীয়। ইয়াক এক নতুন পৰিচয়, এক বিশেষ পৰিচয়ৰ প্ৰয়োজন। সেয়েহে এতিয়া এই চুপাৰ-ফুডক ‘শ্ৰী অন্ন’ৰ এক নতুন পৰিচয় দিয়া হৈছে। ইয়াৰ প্ৰচাৰৰ বাবে কেইবাটাও আঁচনি প্ৰস্তুত কৰা হৈছে। ‘শ্ৰী অন্ন’ক অগ্ৰাধিকাৰ দিয়াৰ ফলত দেশৰ ক্ষুদ্ৰ কৃষকসকল, আমাৰ জনজাতীয় ভাই-ভনীসকল, যিসকলে খেতিত নিয়োজিত হৈ আছে, তেওঁলোকে আৰ্থিক সহায় লাভ কৰিব আৰু একে সময়তে দেশবাসীয়ে এক স্বাস্থ্যৱান জীৱন লাভ কৰিব।
বন্ধুসকল,
এই বাজেটে এক বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ বিকাশ, সেউজ অৰ্থনীতি, সেউজ শক্তি, সেউজ আন্তঃগাঁথনি আৰু সেউজ চাকৰিক এক অভূতপূৰ্ব সফলতা প্ৰদান কৰিব। বাজেটত, আমি প্ৰযুক্তি আৰু নতুন অৰ্থনীতিৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছো। উচ্চাকাংক্ষী ভাৰতে আজি পথ, ৰেল, মেট্ৰ’, বন্দৰ, জলপথৰ দৰে প্ৰতিটো ক্ষেত্ৰত আধুনিক আৰু পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি বিচাৰে। ২০১৪ চনৰ তুলনাত, আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ ৪০০শতাংশতকৈও অধিক বৃদ্ধি কৰা হৈছে। এইবাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ১০ লাখ কোটি টকাৰ অভূতপূৰ্ব বিনিয়োগে ভাৰতৰ উন্নয়নত নতুন শক্তি আৰু গতি প্ৰদান কৰিব। এই বিনিয়োগে যুৱসকলৰ বাবে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব, এক বৃহৎ জনসংখ্যাক নতুন উপাৰ্জনৰ সুযোগ প্ৰদান কৰিব। এই বাজেটত, ইজ অফ ডুয়িং বিজনেছৰ সৈতে, আমাৰ উদ্যোগসমূহৰ বাবে ক্ৰেডিট ছাপ’ৰ্ট আৰু সংস্কাৰৰ অভিযানক আগবঢ়োৱা হৈছে। এমএচএমইৰ বাবে ২ লাখ কোটি টকাৰ অতিৰিক্ত ঋণ গেৰাণ্টিৰ ব্যৱস্থা কৰা হৈছে। এতিয়া প্ৰকল্পিত কৰৰ সীমা বৃদ্ধি কৰাৰ ফলত এমএছএমইবোৰৰ বিকাশত সহায় হব। ডাঙৰ কোম্পানীবোৰে এমএছএমইসমূহক সময়মতে পৰিশোধ কৰাৰ বাবে এটা নতুন প্ৰণালী বিকশিত কৰা হৈছে।
বন্ধুসকল,
ভাৰতৰ মধ্যবিত্ত শ্ৰেণীটো জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে, সেয়া বিকাশেই হওঁক বা প্ৰণালী হওঁক, সাহস হওঁক বা দ্ৰুত পৰিৱৰ্তনশীল ভাৰতত সংকল্প লোৱাৰ সামৰ্থ্যই হওঁক এক মুখ্য ধাৰা হৈ পৰিছে। মধ্যবিত্ত শ্ৰেণী হৈছে সমৃদ্ধ আৰু উন্নত ভাৰতৰ সপোন পূৰণ কৰাৰ বাবে এক বৃহৎ শক্তি। যিদৰে ভাৰতৰ যুৱ শক্তি হৈছে ভাৰতৰ বিশেষ শক্তি, ঠিক তেনেদৰে ভাৰতৰ বৰ্ধিত মধ্যবিত্ত শ্ৰেণীও ইয়াৰ বৃহৎ শক্তি। মধ্যবিত্ত শ্ৰেণীক শক্তিশালী কৰাৰ বাবে, আমাৰ চৰকাৰে বিগত বছৰবোৰত কেইবাটাও সিদ্ধান্ত লৈছে আৰু জীৱনধাৰণৰ সহজতা নিশ্চিত কৰিছে। আমি কৰ হাৰ হ্ৰাস কৰিছো, লগতে প্ৰক্ৰিয়াটো সৰল, স্বচ্ছ আৰু দ্ৰুত কৰি তুলিছো। আমাৰ চৰকাৰে, যি সদায় মধ্যবিত্ত শ্ৰেণীৰ সৈতে থিয় হৈ আহিছে, মধ্যবিত্ত শ্ৰেণীক বৃহৎ কৰ ৰেহাই দিছে। সকলোকে স্পৰ্শ কৰা আৰু এক গতিশীল আৰু উন্নত ভাৰত গঢ়াত সহায় কৰা বাজেট এখনৰ বাবে মই আকৌ এবাৰ নিৰ্মলাজী আৰু তেওঁৰ গোটেই দলটোক অভিনন্দন জনাইছোঁ আৰু দেশবাসীকো বহুত অভিনন্দন জনোৱাৰ লগতে আহ্বান জনাইছোঁ-আপোনাৰ সন্মুখত নতুন বাজেট আছে, এতিয়া নতুন সংকল্পৰ সৈতে আগবাঢ়ি যাওক। ২০৪৭ চনৰ ভিতৰত আমি নিশ্চিতভাৱে এক সমৃদ্ধ ভাৰত, এক সক্ষম ভাৰত আৰু সকলো ধৰণে উন্নত ভাৰত গঢ়ি তুলিব পাৰিম। আহক আমি এই যাত্ৰাটো আগুৱাই নিওঁ। বহুত বহুত ধন্যবাদ!
***
DS/IG/AK/KG
This year's Budget infuses new energy to India's development trajectory. #AmritKaalBudget https://t.co/lyV2SMgvvs
— Narendra Modi (@narendramodi) February 1, 2023
अमृतकाल का ये पहला बजट विकसित भारत के विराट संकल्प को पूरा करने के लिए एक मजबूत नींव का निर्माण करेगा। #AmritKaalBudget pic.twitter.com/UgN5T1gzTB
— PMO India (@PMOIndia) February 1, 2023
पीएम विश्वकर्मा कौशल सम्मान यानि पीएम विकास, करोड़ों विश्वकर्माओ के जीवन में बहुत बड़ा बदलाव लायेगा। #AmritKaalBudget pic.twitter.com/SKhFJkURk9
— PMO India (@PMOIndia) February 1, 2023
ये बजट, सहकारिता को ग्रामीण अर्थव्यवस्था के विकास की धुरी बनाएगा। #AmritKaalBudget pic.twitter.com/lMluKTDT7l
— PMO India (@PMOIndia) February 1, 2023
हमें डिजिटल पेमेंट्स की सफलता को एग्रीकल्चर सेक्टर में दोहराना है। #AmritKaalBudget pic.twitter.com/HVc9x0DgqC
— PMO India (@PMOIndia) February 1, 2023
This year's Budget focusses on:
— PMO India (@PMOIndia) February 1, 2023
Sustainable Future,
Green Growth,
Green Economy,
Green Infrastructure,
Green Jobs. #AmritKaalBudget pic.twitter.com/txwhLNpof5
Promoting 'Ease of Doing Business.' #AmritKaalBudget pic.twitter.com/vTAMxGcHOT
— PMO India (@PMOIndia) February 1, 2023
समृद्ध और विकसित भारत के सपनों को पूरा करने के लिए मध्यम वर्ग एक बहुत बड़ी ताकत है। #AmritKaalBudget pic.twitter.com/Lg87abmQRS
— PMO India (@PMOIndia) February 1, 2023