পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অতি সংকটৰ সময়ত আৰু নিজে গুৰুতৰভাৱে আহত হোৱা সত্ত্বেও আনৰ জীৱন ৰক্ষাৰ বাবে দেখুওৱা অসাধাৰণ সাহস আৰু দৃঢ় সংকল্পৰ বাবে কেপ্টেইন স্মিট মাচ্ছাৰক ভূয়সী প্ৰশংসা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে কেপ্টেইন মাচ্ছাৰৰ বীৰত্বই শ শ লোকৰ জীৱন ৰক্ষা কৰাৰ লগতে এক ভয়ংকৰ বিপদৰ পৰা হাত সৰাত সহায় কৰিলে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে কেপ্টেইন মাচ্ছাৰক লৈ গৌৰৱ কৰাৰ লগতে তেওঁৰ আশু আৰোগ্য, অপাৰ শক্তি তথা সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছে।
শ্ৰী মোদীয়ে এক্সৰ পোষ্টত উল্লেখ কৰে;
“কেপ্টেইন স্মিট মাচ্ছাৰ এগৰাকী প্ৰকৃত নায়ক।
অত্যন্ত সংকটজনক পৰিস্থিতিৰ সন্মুখীন হৈ আৰু নিজে গুৰুতৰভাৱে আহত হোৱা সত্ত্বেও তেওঁ অসাধাৰণ সাহস আৰু আনৰ জীৱন ৰক্ষাৰ বাবে এক দৃঢ় সংকল্প প্ৰদৰ্শন কৰিলে।
তেওঁৰ বীৰত্বই শ শ লোকৰ জীৱন ৰক্ষা কৰাৰ লগতে এক ভয়ংকৰ বিপদ প্ৰতিহত কৰিলে।
ভাৰতবাসী কেপ্টেইন মাচ্ছাৰক লৈ গৌৰৱান্বিত।
তেওঁৰ আশু আৰোগ্য, অপাৰ শক্তি আৰু সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।”
Captain Smit Machchhar is a HERO.
In the face of the gravest danger and despite being seriously injured, he showed immense courage and an unwavering resolve to protect the lives of others.
His valour helped save hundreds of lives and avert a great tragedy.
India is proud of…
— Narendra Modi (@narendramodi) October 1, 2026
*****
MJPS/SS/ST/DB