পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক বিজ্ঞান তথা প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ বাবে ভাৰতৰ অটল উদ্ভাৱন অভিযান আৰু ৰাছিয়াৰ পুঁজি ‘‘প্ৰতিভা তথা সাফল্য’’ৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰৰ বিষয়ে অৱগত কৰা হয়৷ এই চুক্তিপত্ৰ ৫ অক্টোবৰ ২০১৮ তাৰিখে হস্তাক্ষৰ কৰা হৈছিল৷
লাভঃ
বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা বিজ্ঞান তথা প্ৰযুক্তিৰ সম্প্ৰসাৰণ, শিক্ষাৰ্থী, শিক্ষক আৰু বৈজ্ঞানিকৰ আদান-প্ৰদানৰ জৰিয়তে সহযোগী কাৰ্যসমূহৰ শক্তিশালী ভেটী স্থাপনত সুবিধা হ’ব৷
মুখ্য প্ৰভাৱঃ
বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা দুয়োখন দেশৰ বিদ্যালয়, বিশ্ববিদ্যালয়, সাংস্কৃতিক সংস্থা, বিজ্ঞান তথা প্ৰযুক্তি আৰু বিশেষ শিক্ষা সংস্থা, হাইটেক উদ্যোগসমূহ, ষ্টাৰ্ট আপ আৰু উদ্ভাৱন কেন্দ্ৰসমূহৰ মাজত সম্পৰ্ক স্থাপন কৰাৰ বাবে প্ৰণালী উপলব্ধ হ’ব৷ আশা কৰা হৈছে যে ইয়াৰ অধীনত নতুন বৈজ্ঞানিক, জ্ঞানৰ সৃজন, বৌদ্ধিক সম্পদ, উদ্ভাৱন আৰু উৎপাদনৰ বিকাশক উৎসাহিত কৰা হ’ব৷
পৃষ্ঠভূমিঃ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩-২৪ ডিচেম্বৰ ২০১৫ তাৰিখে ৰাছিয়া যাত্ৰাৰ সময়ত সোচীত ছাইৰিয়ছ শিক্ষণ কেন্দ্ৰৰ পৰিভ্ৰমণ কৰিছিল৷ তাত এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে কাম কৰাৰ বাবে ৰাছিয়ান শিক্ষাৰ্থীক ভাৰতলৈ আমন্ত্ৰিত কৰা হ’ব৷ ২০১৮ চনৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত ৰাছিয়ান সংঘৰ ৰাষ্ট্ৰপতি শ্ৰী ভ্লাডিমিৰ পুটিনে শেহতীয়াকৈ কৰা ভাৰত ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত দহজন ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে কাম কৰাৰ বাবে দহজন ৰাছিয়ান শিক্ষাৰ্থীয়ে ভাৰত ভ্ৰমণ কৰিছিল৷ ভাৰতৰ এই দহজন শিক্ষাৰ্থী দিল্লী আইআইটিৰ এক উদ্ভাৱন বিকাশ কেন্দ্ৰত অৱস্থিত পাঁচটা অটল টিংকাৰিং লেবৰ সৈতে জড়িত আছিল৷ এই আদান-প্ৰদান ১ অক্টোবৰৰ পৰা ২ অক্টোবৰ ২০১৮ তাৰিখলৈ সম্পন্ন হৈছিল৷ শিক্ষাৰ্থীসকলে পাঁচটা ভিন্ন ক্ষেত্ৰত নতুন প্ৰট’টাইপৰ বিকাশৰ সম্ভাৱনা সন্ধানৰ বাবে উদ্ভাৱন ধাৰণাৰ ওপৰত কাম কৰিছিল৷ এই পাঁচটা ক্ষেত্ৰত স্বাস্থ্য সুবিধা, মহাকাশ প্ৰযুক্তি, স্বচ্ছ প্ৰযুক্তি, কৃষি প্ৰযুক্তি আৰু স্মাৰ্ট ম’বিলিটী অন্তৰ্ভুক্ত আছিল৷ বিকশিত প্ৰট’টাইপসমূহ যুৱ শিক্ষাৰ্থীসকলে ৫ অক্টোবৰ ২০১৮ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়ান সংঘৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সন্মুখত প্ৰস্তুত কৰিছিল৷
এই বুজাবুজিৰ চুক্তিপত্ৰৰ জৰিয়তে অটল উদ্ভাৱন অভিযান আৰু ৰাছিয়াৰ পুঁজি ‘প্ৰতিভা তথা সাফল্য’ৰ মাজত সহযোগিতা অব্যাহত ৰখাৰ বাবে প্ৰস্তাৱ প্ৰদান কৰা হৈছে৷
.
*****
AKT/MANN