পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় বিমান প্ৰাধিকৰণ (এএআই)ৰ কাৰ্যকৰী শ্ৰেণীৰ বিশিষ্ট কৰ্মচাৰী, বিমান যাতায়াত নিয়ন্ত্ৰক, যোগাযোগ বিষয়া আৰু পাইলটসকলক সাৰ্বজনীন উদ্যম বিভাগ (ডিপিই)ৰ দ্বাৰা নিৰ্দিষ্ট ৫০ শতাংশ (পূৰ্বৰ সংশোধন)/২৫ শতাংশ (সংশোধিত) সীমাৰ উপৰিও প্ৰদান কৰা কিছু বিশেষ ভাত্তাৰ নিয়মীয়াকৰণক অনুমোদন প্ৰদান কৰিছে৷ এই ভাট্টাসমূহত মূল্যায়ন ভাট্টা, চাপ ভাট্টা, প্ৰবীণ ভাট্টা, উৰণ ভাট্টা আৰু প্ৰশিক্ষক ভাট্টা অন্তৰ্ভুক্ত কৰা হৈছে৷ কেবিনেটে ইয়াৰ সৈতে এই ভাট্টাসমূহক ৩৫ শতাংশ (সংশোধিত)সীমাৰ বাহিৰত ৰখাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ এওঁলোকে চাকৰিৰ সময়ত বিভিন্ন জটিল কাৰ্য সম্পন্ন কৰিব লাগে যাৰ বাবে ব্যাপক জ্ঞান তথা বিশেষজ্ঞতাৰ উপৰিও জ্ঞান সম্বন্ধীয় বিশিষ্ট কৌশল (স্থানীয় ধাৰণা, সূচনাসমূহৰ ব্যৱস্থাপনা, তাৰ্কিক জ্ঞান, নিৰ্ণয় গ্ৰহণ, যোগাযোগ সম্বন্ধীয় পদক্ষেপ আৰু মানৱীয় সম্বন্ধ)ৰ ব্যৱহাৰিক উপযোগিতাও আৱশ্যক হয়৷
উক্ত নিৰ্ণয় এই তথ্যসমূহক গুৰুত্ব প্ৰদান কৰি গ্ৰহণ কৰা হৈছে যে বিমান যাতায়াত বহুগুণে বৃদ্ধি হৈছে আৰু এই প্ৰযুক্তি কৰ্মীয়ে আকাশৰ উৰণ প্ৰক্ৰিয়াক সুৰক্ষিত কৰি ৰাখে৷ ইয়াৰ উদ্দেশ্য হ’ল সৰ্বোত্তম প্ৰতিভাশালী পেছাদাৰীসকলক আকৰ্ষিত কৰা আৰু বিদ্যমান প্ৰশিক্ষিত শ্ৰম শক্তি বৰ্তাই ৰখা যাতে বিমানযাত্ৰীসকলে নিশ্চিত সুবিধা লাভ কৰিব পাৰে৷ এই পেছাদাৰী ব্যক্তিসকলক সমুচিত পাৰিশ্ৰমিক প্ৰদান কৰাটো প্ৰয়োজন৷
******
AKT/SNC/SH/MANN