Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটে ধঁপাত উৎপাদনৰ অবৈধ ব্যৱসায় সমাপ্ত কৰাৰ বাবে ধঁপাত নিয়ন্ত্ৰণত ডব্লিউএইচঅ’ ৰূপৰেখা চুক্তিৰ অন্তৰ্গত প্ৰ’ট’কল স্বীকাৰ কৰাৰ বাবে অনুমোদন জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ধঁপাত উৎপাদনৰ অবৈধ ব্যৱসায় সমাপ্ত কৰাৰ বাবে ধঁপাত নিয়ন্ত্ৰণত বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচঅ’)ৰ ৰূপৰেখা চুক্তিৰ অন্তৰ্গত প্ৰকল স্বীকাৰ কৰাৰ বাবে অনুমোদন জনাইছে৷ এয়া ধুমপান আৰু ধঁপাত সেৱন তথা ধোঁৱাসহিত ধঁপাত (এছএলটি)ৰ ৰূপত ধঁপাত নিয়ন্ত্ৰণত বিশ্ব স্বাস্থ্য সংস্থাৰ ৰূপৰেখা চুক্তিৰ ধাৰা ১৫ৰ অধীনত চুক্তি বাৰ্তা (ডব্লিউএইচঅএফচিটিচি) আৰু অংগীকাৰৰ ৰূপত প্ৰণয়ন হব৷ ভাৰত ডব্লিউএইচঅএফচিটিচিৰ চুক্তিত অন্তৰ্গত আছে৷

বিৱৰণঃ

প্ৰকলত বিভিন্ন পক্ষৰ দায়িত্ব নিৰ্ধাৰিত কৰা হৈছে৷ ইয়াত কোৱা হৈছে যে যোগান শৃংখলা নিয়ন্ত্ৰণ উপায় সকলো পক্ষৰ দ্বাৰা পালন হব লাগে৷ সেই উপায়সমূহত ধঁপাত উৎপাদন বৃদ্ধি কৰাৰ বাবে অনুজ্ঞাপত্ৰ, ধঁপাত উৎপাদনৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, উৎপাদনত অন্তৰ্গত পক্ষসমূহৰ বাবে উচিত উদ্যম, ট্ৰেকিং আৰু ট্ৰেচিং ব্যৱস্থা, ৰেকৰ্ড কীপিং আৰু সুৰক্ষাও অন্তৰ্ভুক্ত হৈ আছে৷ ইকমাৰ্চ, মুক্ত বাণিজ্যৰ ক্ষেত্ৰত নিৰ্মাণ, তথা শুল্ক মুক্ত বিক্ৰীত অন্তৰ্ভুক্ত পক্ষৰ দ্বাৰা পদক্ষেপ গ্ৰহণ কৰা হব৷

প্ৰকলত অপৰাধ, জব্দী তথা জব্দ সামগ্ৰীৰ নিস্তাৰণৰ দৰে প্ৰৱৰ্তন উপায়ো অন্তৰ্ভুক্ত কৰা হৈছে৷ ইয়াত তথ্য অনুপালন কৰিবলৈ, গোপনীয়তা পালন কৰিবলৈ, প্ৰশিক্ষণ, বৈজ্ঞানিক তথা প্ৰযুক্তিগত আৰু প্ৰদ্যোগিকী ক্ষেত্ৰত প্ৰযুক্তিগত সহায় আৰু সহযোগৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ব্যৱস্থা কৰা হৈছে৷

প্ৰভাৱঃ

নিয়মসমূহ শক্তিশালী কৰি ধঁপাত উৎপাদনত অবৈধ ব্যৱসায়ৰ সমাপ্তিৰ জৰিয়তে ব্যাপক ধঁপাত নিয়ন্ত্ৰণক শক্তিশালী কৰাত সহায়ক হব আৰু ইয়াৰ দ্বাৰা ধঁপাত উৎপাদনৰ ব্যৱহাৰ কম হব আৰু পৰিণামস্বৰূপে ৰোগৰ সংখ্যা কম হব তথা ধঁপাত সেৱনৰ দ্বাৰা হোৱা মৃত্যুৰ সংখ্যাও কম হব৷

এই সন্ধি মানি লোৱাৰ ফলত সাৰ্বজনিক স্বাস্থ্যত প্ৰতিকূল প্ৰভাৱ পেলোৱা বৰ্তমানৰ ব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিকল্প উপলব্ধ হব৷ ভাৰতে ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে আৰু এনেকুৱা অবৈধ ব্যৱহাৰক নিয়ন্ত্ৰিত কৰাত বিশ্ব সীমা শুল্ক সংগঠনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সংগঠনক প্ৰভাৱিত কৰাত সমৰ্থ হব৷

ধঁপাতৰ বিৰুদ্ধে বৈশ্বিক ব্যৱস্থা গ্ৰহণক শক্তিশালী কৰাৰ বাবে ধঁপাত উৎপাদনত অবৈধ ব্যৱহাৰৰ সমাপ্তি সম্বন্ধীয় প্ৰকল পথ প্ৰদৰ্শক পদক্ষেপ হয় আৰু সাৰ্বজনিক স্বাস্থ্যৰ নতুন আইনৰ উপায়ো হয়৷ এয়া ধঁপাত উৎপাদনত অবৈধ ব্যৱসায়ক মোকাবিলা কৰাৰ বাবে আৰু তাক সমাপ্ত কৰাৰ বাবে তথা আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্যক সহযোগিতা কৰাৰ বাবে আইনী পদক্ষেপক শক্তিশালী কৰাৰ এক উত্তম পথ হিচাপে বিবেচিত হৈছে৷

পৃষ্ঠভূমিঃ

ধঁপাত নিয়ন্ত্ৰণত বিশ্ব স্বাস্থ্য সংস্থা চুক্তি (ডব্লিউএইচঅএফচিটিচি) ডব্লিউএইচঅৰ তত্বাৱধানত কৰা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সাৰ্বজনিক স্বাস্থ্য সন্ধি৷ এফচিটিচিৰ উদ্দেশ্য ৰাষ্ট্ৰীয়, ক্ষেত্ৰীয় তথা বৈশ্বিক স্তৰত ধঁপাত নিয়ন্ত্ৰণৰ বাবে যোগান আৰু চাহিদাৰ হাৰ হ্ৰাস কৰা৷

ডব্লিউএইচঅএফচিটিচিৰ ধাৰা ১৫ত অন্তৰ্গত মুখ্য ধঁপাত হ্ৰাস ৰণনীতিত সকলো ধৰণৰ অবৈধ ব্যৱসায় অৰ্থাৎ ডকাইতি, অবৈধ নিৰ্মাণ তথা জালিয়াতিসহিতে সকলো ধৰণৰ অবৈধ বাণিজ্যৰ সমাপ্তিৰ পৰিকল্পনা কৰা হৈছে৷ এই ধৰণেই এই প্ৰকল সজ্বিত কৰা হৈছে আৰু সন্মিলনত অন্তৰ্ভুক্ত পক্ষ (চিঅপি)ৰ দ্বাৰা গ্ৰহণ কৰা হৈছে৷ চিঅপি হল এফচিটিৰ গৱৰ্ণিং বডী৷ প্ৰকল দহটা ভাগত বিভক্ত কৰা হৈছে আৰু ইয়াত ৪৭টা ধাৰা আছে৷  

***

AKT/VBA/SH/MANN