Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটে বহনক্ষম নগৰ বিকাশৰ ক্ষেত্ৰত প্ৰযুক্তিগত সহযোগিতাৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ বুজাবুজিৰ চুক্তি (এমঅ’ইউ)ক অনুমোদন প্ৰদান কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক বহনক্ষম নগৰ বিকাশৰ ক্ষেত্ৰত প্ৰযুক্তিগত সহযোগিতাৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ মাজত এপ্ৰিল ২০১৮ত হস্তাক্ষৰিত বুজাবুজিৰ চুক্তি (এমঅ’ইউ)ৰ বিষয়ে অৱগতা কৰোৱা হৈছে৷

বিৱৰণঃ

এই বুজাবুজিৰ চুক্তিৰ উদ্দেশ্য হ’ল বহনক্ষম নগৰ বিকাশৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰিটেইনৰ মাজত সংস্থাগত সহযোগিতা উপলব্ধ কৰোৱা আৰু সেয়া শক্তিশালী কৰোৱা৷ সহযোগিতাৰ ক্ষেত্ৰত স্মাৰ্ট চিটীৰ বিকাশ, কঠিন জাৱৰ ব্যৱস্থাপনা, পৰিৱেশ অনুকূল্য আৱাস, অপশিষ্ট জল ব্যৱস্থাপনা, নগৰ সংসাধনত ক্ষমতা নিৰ্মাণ, নগৰ ক্ষেত্ৰত কৌশল বিকাশ, নগৰ ম’বিলিটী, বৌদ্ধিক পৰিবহণ প্ৰণালী আৰু ট্ৰেনজিট কেন্দ্ৰিক বিকাশ, বিত্তীয় ক্ষেত্ৰত উদ্ভাৱলী প্ৰৱেশ তথা অন্যান্য সম্বন্ধীয় ক্ষেত্ৰ অন্তৰ্ভুক্ত আছে৷ দুয়োটা পক্ষই এই ক্ষেত্ৰত সহযোগিতাৰ বাবে নিজৰ মাজত সহমতি প্ৰকাশ কৰিছিল৷

প্ৰণয়ন কৌশলঃ

এই এমঅ’ইউৰ অধীনত এক ভাৰত-ব্ৰিটেইন যৌথ কৰ্ম গোট (জেডব্লিউজি) গঠন কৰা হ’ব যি এমঅ’ইউৰ পৰিক্ষেত্ৰ ভিতৰত সহযোগিতাৰ ওপৰত ৰণনীতি তথা কাৰ্যাৱলীৰ ৰূপৰেখা প্ৰস্তুত কৰিব৷ নগৰ বিকাশত যৌথ কৰ্ম গোটৰ বৈঠক বছৰত এবাৰকৈ হোৱাৰ সম্ভাৱনা আছে৷ এই বৈঠক পৰ্যায়ক্ৰমে ভাৰত আৰু ব্ৰিটেইনত অনুষ্ঠিত হ’ব৷

মুখ্য প্ৰভাৱঃ

এই এমঅ’ইউয়ে দুয়োখন দেশৰ মাজত বহনক্ষম নগৰ বিকাশৰ ক্ষেত্ৰত দীৰ্ঘকালীন দ্বিপাক্ষিক সহযোগিতাক শক্তিশালী কৰাৰ বাবে উৎসাহ প্ৰদান কৰিব৷

হিতাধিকাৰীঃ 

এই এমঅইউৰ দ্বাৰা স্মাৰ্ট চিটীৰ বিকাশ, কঠিন জাৱৰ ব্যৱস্থাপনা, পৰিৱেশ অনুকূল্য আৱাস, অপশিষ্ট জল ব্যৱস্থাপনা, নগৰ সংসাধনত ক্ষমতা নিৰ্মাণ, নগৰ ক্ষেত্ৰত কৌশল বিকাশ, নগৰ ম’বিলিটী, বৌদ্ধিক পৰিবহণ প্ৰণালীৰ ক্ষেত্ৰত নিয়োজনৰ সৃষ্টি কৰাৰ আশা প্ৰকাশ কৰা হৈছে৷

*****

AKT/VBA/SH/MANN