পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ ক্ৰমবৰ্ধমান ষ্টাৰ্টআপ ইক’চিষ্টেমলৈ ব্যাপক সমৰ্থন আগবঢ়াবলৈ দেশৰ ষ্টাৰ্টআপ ইক’চিষ্টেমৰ বাবে ভেঞ্চাৰ কেপিটেল সংগঠিত কৰাৰ উদ্দেশ্যেৰে মুঠ ১০,০০০ কোটি টকাৰ কৰ্পাছসহ ষ্টাৰ্টআপ ইণ্ডিয়া ফাণ্ড অৱ ফাণ্ডছ ২.০ (Startup India FoF 2.0) স্থাপনত অনুমোদন জনাইছে।
সমগ্ৰ দেশতে দীৰ্ঘ-ম্যাদী ঘৰুৱা মূলধনক সংগঠিত, ভেঞ্চাৰ কেপিটেল বাতাবৰণক শক্তিশালী আৰু উদ্ভাৱন-চালিত উদ্যমিতাক সমৰ্থন কৰি ভাৰতৰ ষ্টাৰ্টআপ যাত্ৰাৰ পৰৱৰ্তী পৰ্য্যায়ক ত্বৰান্বিত কৰিবলৈ আঁচনিখন যুগুত কৰা হৈছে।
ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ অধীনত শুভাৰম্ভ কৰা ষ্টাৰ্টআপ ইণ্ডিয়া এফঅ’এফ ২.০ হৈছে ভাৰতক বিশ্বৰ অন্যতম আগশাৰীৰ ষ্টাৰ্টআপ বাতাবৰণ সম্পন্ন ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰায় এক দশকজোৰা স্থায়ী প্ৰচেষ্টা আধাৰিত। ২০১৬-ত ষ্টাৰ্টআপ ইণ্ডিয়াৰ শুভাৰম্ভণিৰ পিছৰে পৰা ভাৰতৰ ষ্টাৰ্টআপ বাতাবৰণত ৫০০ তকৈ কম ষ্টাৰ্টআপৰ পৰা আজি উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য প্ৰচাৰ বিভাগৰ (DPIIT)-স্বীকৃতিপ্ৰাপ্ত ২ লাখৰো অধিক ষ্টাৰ্টআপলৈ বৃদ্ধি পোৱা এক অসাধাৰণ ৰূপান্তৰ প্ৰত্যক্ষ হৈছে। একেদৰে ২০২৫-ত সৰ্বাধিক বাৰ্ষিক ষ্টাৰ্টআপ পঞ্জীয়ন হৈছে।
ষ্টাৰ্টআপৰ বাবে ফাণ্ড অৱ ফাণ্ডছ ১.০ আধাৰিত
ষ্টাৰ্টআপ ইণ্ডিয়া এফঅ’এফ ২.০-এ ষ্টাৰ্টআপৰ বাবে পুঁজিৰ ব্যৱধান দূৰ কৰিবলৈ আৰু ঘৰুৱা ভেঞ্চাৰ কেপিটেল বজাৰত অনুঘটক হিচাপে কাম কৰিবলৈ ২০১৬-ত শুভাৰম্ভ কৰা ষ্টাৰ্টআপৰ বাবে ফাণ্ড অৱ ফাণ্ডছৰ (FFS 1.0) উন্নত প্ৰদৰ্শনৰ পৰা প্ৰেৰণা লাভ কৰিছে।
এফএফএছ ১.০-ৰ অধীনত সমগ্ৰ ১০,০০০ কোটি টকাৰ কৰ্পাছ ১৪৫ টা বিকল্প বিনিয়োগ পুঁজিৰ (AIF)ৰ বাবে অংগীকাৰ কৰা হৈছে। এনে সমৰ্থিত এআইএফ সমূহে কৃষি, কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক্স, অট’ম’টিভ, স্বচ্ছ প্ৰযুক্তি, উপভোক্তা সামগ্ৰী আৰু সেৱা, ই-কমাৰ্চ, শিক্ষা, ফিনটেক, খাদ্য আৰু পানীয়, স্বাস্থ্যসেৱা, উৎপাদন, মহাকাশ প্ৰযুক্তি আৰু জৈৱ প্ৰযুক্তি আদি খণ্ডত সমগ্ৰ দেশৰ ১,৩৭০ টাৰো অধিক ষ্টাৰ্টআপত ২৫,৫০০ কোটি টকা বিনিয়োগ কৰিছে।
এফএফএছ ১.০-এ প্ৰথম প্ৰতিষ্ঠাপকসকলক লালন-পালন কৰা, ব্যক্তিগত মূলধন বৃদ্ধি কৰা আৰু ভাৰতৰ ভেঞ্চাৰ কেপিটেল বাতাবৰণৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তোলাত সহায়ৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
আঁচনিখনৰ মূল বৈশিষ্ট্যসমূহঃ
ইয়াৰ প্ৰথম পৰ্য্যায়ে বাতাবৰণটোক নিৰ্মাণ কৰাৰ বিপৰীতে ষ্টাৰ্টআপ ইণ্ডিয়া এফঅ’এফ ২.০-ক ভাৰতীয় উদ্ভাৱনক পৰৱৰ্তী পৰ্য্যায়ত উপনীত কৰাবলৈ যুগুত কৰা হৈছে। নতুন পুঁজিটোত সহায় কৰিবলৈ লক্ষ্য নিৰ্ধাৰিত, বিভাজিত পুঁজিৰ পদ্ধতি আৰোপ কৰা হ’বঃ
ষ্টাৰ্টআপ ইণ্ডিয়া এফঅ’এফ ২.০-এ ভাৰতৰ অৰ্থনৈতিক পৰিক্ৰমাক গঢ় দিয়াত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালনেৰে ৰূপান্তৰশীল প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা কৰা হৈছে।
ভাৰতৰ উদ্ভাৱন-চালিত বিকাশৰ এজেণ্ডাক আগুৱাই নিয়াত ষ্টাৰ্টআপ ইণ্ডিয়া ফাণ্ড অৱ ফাণ্ডছ ২.০-এ এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। বিশ্বব্যাপী প্ৰতিযোগিতামূলক প্ৰযুক্তি, সামগ্ৰী নিৰ্মাণ আৰু সমাধান আগবঢ়োৱা ষ্টাৰ্টআপসমূহক সহায় কৰি এই পুঁজিয়ে ভাৰতৰ অৰ্থনৈতিক স্থিতিস্থাপকতাক সুদৃঢ়কৰণ, উৎপাদন ক্ষমতাৰ বৰ্ধন, উচ্চ-মানৰ চাকৰি সৃষ্টি আৰু ভাৰতক বিশ্বব্যাপী উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাব।
বিকশিত ভাৰত @ ২০৪৭-ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই পুঁজিয়ে উদ্যোগীসকলক সবলীকৰণ, উদ্ভাৱনক লালন-পালন কৰা আৰু ভাৰতৰ ষ্টাৰ্টআপ বাতাবৰণৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ চৰকাৰৰ অবিৰত অংগীকাৰকে প্ৰতিফলিত কৰিছে।
****
MJPS/VJ/SB