পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ইন্সটিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টছ অৱ ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকান ইন্সটিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টৰ মাজত পাৰস্পৰিক স্বীকৃতিক অনুমোদন প্ৰদান কৰিছে৷
বিৱৰণঃ
গাণনিক জ্ঞানৰ উন্নয়ন, পেছাদাৰী আৰু বৌদ্ধিক বিকাশ, তাৰ সংখ্যা বৃদ্ধি আৰু ভাৰত তথা দক্ষিণ আফ্ৰিকাত লেখাংকন পেছাৰ বিকাশত সকৰাত্মক যোগদানৰ বাবে পাৰস্পৰিক সহযোগিতা স্থাপনৰ বাবে আইচিএআই আৰু এছএআইচিএৰ মাজত পাৰস্পৰিক স্বীকৃতিৰ বুজাবুজি (এমআৰএ) সন্দৰ্ভত কেবিনেটে এই অনুমোদন প্ৰদান কৰে৷
এই বুজাবুজিয়েঃ
১. বিদ্যমান আইচিএআই যোগ্যতাৰ সৈতে স্থানীয় লেখাংকন যোগ্যতাৰ ভাৰতীয় লেখাংকন পেছাদাৰীসকলক মান্যতা প্ৰদান কৰিব যাৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ বজাৰত তেওঁলোকৰ বাবে পেছাদাৰী সুবিধা বৃদ্ধি হ’ব৷
২. এই দুয়োটাই গাণনিক সংস্থা দুটাৰ মাজৰ কামকাজৰ সম্বন্ধক শক্তিশালী কৰিব৷
৩. দুয়োখন দেশৰ মাজত গাণনিক পেছাদাৰীসকলৰ ভ্ৰাম্যতাক গতি প্ৰদান কৰিব, যাৰ জৰিয়তে দুয়োখন দেশত লঘূ আৰু মজলীয়া উদ্যোগসমূহে এটা নতুন দিশ প্ৰাপ্ত কৰিব৷
লাভসমূহঃ
ৰণনীতিৰ ফালৰ পৰা এছএআইচিএ সৈতে নিকট সম্পৰ্ক বাহাল ৰখাটো আইচিএআইৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ দ্বাৰা সংস্থাটোক আফ্ৰিকা অঞ্চলত আইচিএআই ব্ৰেণ্ডক শক্তি প্ৰদান কৰিবলৈ আৰু সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ সহায় প্ৰাপ্ত হ’ব৷ বিগত কেইটামান বৰ্ষত বিকশিত হোৱা সম্বদ্ধৰ প্ৰকৃতি ৰণনীতিক তথা নিজস্ব হিতৰ অনুকূলে হৈছে৷ ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টৰ বাবে এমআৰএয়ে সেই ক্ষেত্ৰত উন্নত নিয়োজনৰ সম্ভাৱনা প্ৰদান কৰিব পাৰে৷ লগতে ভাৰতৰ পৰা চাৰ্টাৰ্ড একাউণ্টেণ্টৰ সৰবৰাহো বৃদ্ধি হ’ব৷
পৃষ্ঠভূমিঃ
আইচিএআই ভাৰতীয় সংসদৰ দ্বাৰা প্ৰণয়ন কৰা আইন ‘চাৰ্টাৰ্ড একাউণ্টেণ্টছ এক্ট ১৯৪৯’ৰ অধীনত স্থাপিত এক বৈধ সংস্থা৷ ইয়াৰ স্থাপনা ভাৰতত চাৰ্টাৰ্ড একাউণ্টৰ পেছাক ৰূপায়ণৰ বাবে কৰা হৈছিল৷ এছএঐআইচিএ দক্ষিণ আফ্ৰিকাৰ অগ্ৰণী গাণনিক সংস্থা আৰু এয়া বিশ্বৰ অগ্ৰণী সংস্থাসমূহৰ ভিতৰত অন্যতম৷
*****
AKT/VBA/SH/MANN