পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় তালিকাৰ অন্য পিছ পৰা শ্ৰেণীৰ আয়োগৰ বৰ্তমানৰ অন্তিম কাৰ্যকাল ২০ জুন ২০১৮ৰ পৰা বৃদ্ধি কৰি ৩১ জুলাই ২০১৮লৈ বৃদ্ধি কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷
আয়োগে ৰাজ্য চৰকাৰসমূহ, ৰাজ্যিক পিছপৰা শ্ৰেণীৰ আয়োগ, বিভিন্ন সম্প্ৰদায়ৰ সংগঠন তথা পিছ পৰা শ্ৰেণী আৰু সম্প্ৰদায়ৰ সৈতে জড়িত জনসাধাৰণসহিতে হিতাধিকাৰীসকলৰ সৈতে বিস্তৃত ৰূপত আলোচনা কৰে৷ আয়োগে উচ্চ শৈক্ষিক অনুষ্ঠানত নামভৰ্তি কৰা অন্য পিছ পৰা শ্ৰেণীৰ তথ্য প্ৰাপ্তিৰ লগতে কেন্দ্ৰীয় বিভাগ, কেন্দ্ৰীয় সাৰ্বজনিক প্ৰতিষ্ঠান, সাৰ্বজনিক ক্ষেত্ৰৰ বেংক আৰু বিত্তীয় সংস্থাসমূহত এই ধৰণৰ শ্ৰেণীৰ লোকসকলৰ তথ্য প্ৰাপ্তি কৰিছে৷
সংগৃহীত তথ্যৰ বিস্তৃত আলোচনাৰ বাবে আয়োগে ৩১ জুলাই ২০১৮ পৰ্যন্ত কাৰ্যকাল বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিছে৷
*****
AKT/VBA/MANN