Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটৰ ‘‘কেন্দ্ৰীয় শৈক্ষিক প্ৰতিষ্ঠান (শিক্ষকৰ কেডাৰত সংৰক্ষণ) বিধেয়ক, ২০১৯’’ৰ অনুমোদন


 

শিক্ষা ক্ষেত্ৰৰ সংশোধনত গুৰুত্ব প্ৰদান কৰি তথা ইয়াক সমাবেশী হিচাপে প্ৰস্তুত কৰাৰ বাবে আৰু বিভিন্ন শ্ৰেণীৰ লোকৰ আকাংক্ষাসমূহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় শৈক্ষিক প্ৰতিষ্ঠান (শিক্ষকৰ কেডাৰত সংৰক্ষণ) বিধেয়ক, ২০১৯শীৰ্ষক বিধেয়ক উত্থাপন কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷

কেবিনেটৰ এই সিদ্ধান্তৰ দ্বাৰা অনুসূচীত জাতি/অনুসূচীত জনজাতি/সামাজিক আৰু শৈক্ষিক দিশৰ পৰা পিছপৰা শ্ৰেণীসকলৰ বহু পুৰণি দাবী সমাধান হব আৰু সংবিধানৰ অধীনত তেওঁলোকৰ অধিকাৰ সুনিশ্চিত হব৷ ইয়াৰ দ্বাৰা আৰ্থিক ক্ষেত্ৰত দুৰ্বল শ্ৰেণীৰ বাবেও ১০ শতাংশ সংৰক্ষণ সুনিশ্চিত হব৷

প্ৰভাৱঃ

এই নিৰ্ণয়ৰ দ্বাৰাঃ

) ২০০ পইণ্ট ৰোষ্টাৰযুক্ত শিক্ষক কেডাৰত প্ৰত্যক্ষ ভৰ্তিৰ দ্বাৰা ৭০০০ত কৈও অধিক বিদ্যমান পদ পূৰণ হোৱাৰ অনুমতি লাভ হব৷ অনুচ্ছেদ ১৪, ১৬ আৰু ২১ৰ সাংবিধানিক ব্যৱস্থাসমূহৰ অনুপালনৰ নিশ্চিতি লাভ হব৷

) শিক্ষকৰ কেডাৰত প্ৰত্যক্ষ ভৰ্তিৰ দ্বাৰা অনুসূচীত জাতি/অনুসূচীত জনজাতি/সামাজিক আৰু শৈক্ষিক দিশৰ পৰা পিছপৰা শ্ৰেণীসকলৰ বহু পুৰণি দাবী সমাধান হব আৰু সংবিধানৰ অধীনত তেওঁলোকৰ অধিকাৰ সুনিশ্চিত হ

) অনুসূচীত জাতি/অনুসূচীত জনজাতি/সামাজিক আৰু শৈক্ষিক দিশৰ পৰা পিছপৰা শ্ৰেণীসম্বন্ধীয় সকলো উপযুক্ত তথা প্ৰতিভাৱান প্ৰাৰ্থীক আকৰ্ষিত কৰি উচ্চতৰ শৈক্ষিক সংস্থাসমূহৰ অধ্যয়নৰ মানদণ্ড উন্নীত কৰাৰ আশা কৰা হব৷

নিহিতাৰ্থঃ

এই বিধেয়ক কেন্দ্ৰীয় শৈক্ষিক প্ৰতিষ্ঠান (শিক্ষকৰ কেডাৰত সংৰক্ষণ) বিধেয়ক, ২০১৯ৰ স্থানত হব৷ ইয়াক পৰৱৰ্তী সদনত উত্থাপিত কৰা হব৷

প্ৰণয়নঃ

  • এই ২০০ পইণ্ট ৰোষ্টাৰৰ ওপৰত আধাৰিত পূৰ্বৱৰ্তী সংৰক্ষণ প্ৰণালীক বাহাল ৰাখি বিশ্ববিদ্যালয়/মহাবিদ্যালয়সমূহক এটা ইউনিটৰ ৰূপত বিবেচনা কৰা হব৷ এতিয়াৰে পৰা বিভাগ/বিষয়ক এটা ইউনিটৰ ৰূপত বিবেচনা কৰা নহব৷
  • শিক্ষক কেডাৰত প্ৰত্যক্ষ ভৰ্তিত পদসমূহৰ সংৰক্ষণৰ বাবে বিশ্বাবিদ্যালয়/শৈক্ষিক সংস্থাসমূহক বিভাগৰ পৰিৱৰ্তে ইউনিট হিচাপে বিবেচনা কৰা হব৷
  • কেবিনেটৰ সিদ্ধান্তৰ দ্বাৰা অনুসূচীত জাতি/অনুসূচীত জনজাতি/সামাজিক আৰু শৈক্ষিক দিশৰ পৰা পিছপৰা শ্ৰেণীসকলৰ বহু পুৰণি দাবী সমাধান হব আৰু সংবিধানৰ অধীনত তেওঁলোকৰ অধিকাৰ সুনিশ্চিত হব৷ ইয়াৰ দ্বাৰা আৰ্থিক ক্ষেত্ৰত দুৰ্বল শ্ৰেণীৰ বাবেও ১০ শতাংশ সংৰক্ষণ সুনিশ্চিত হব৷

 

 

 

*****

AKT/AK/MANN