Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটৰ প্ৰথমখন অধিৱেশনত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক আঁচনিৰ সৈতে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই ঐতিহাসিক সিদ্ধান্তৰ অধীনত আমাৰ পৰিশ্ৰমী কৃষকসকলক পেঞ্চনৰ আওতালৈ অনা হ’ব যিয়ে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি আমাৰ দেশখনক খাদ্যৰ যোগান ধৰি আছে৷ তাৎপৰ্যপূৰ্ণভাৱে স্বাধীনতাৰ পিছত এইটোৱেই হ’ব প্ৰথম প্ৰয়াস য’ত কৃষকসকলৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰা হৈছে৷

এই আঁচনিৰ জৰিয়তে প্ৰথম তিনিটা বৰ্ষত ৫ কোটি ক্ষুদ্ৰ আৰু বঞ্চিত কৃষক উপকৃত হ’ব বুলি অনুমান কৰা হৈছে৷ এই আঁচনিৰ অধীনত সামাজিক সুৰক্ষা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩ বছৰৰ বাবে ১০৭৭৪.৫০ কোটি টকা ব্যয় কৰিব৷
এই আঁচনিৰ অধীনত উল্লেখযোগ্য বৈশিষ্টসমূহঃ

ই হ’ল সমগ্ৰ দেশৰ ক্ষুদ্ৰ আৰু বঞ্চিত কৃষক (এছএমএফ)সকলৰ বাবে এক স্বেচ্ছামূলক তথা অৰিহণামূলক পেঞ্চন আঁচনি৷
এই আঁচনিত প্ৰবেশৰ বয়সসীমা হ’ল ১৮-৪০ বছৰ আৰু ৬০ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত ন্যূনতম ৩,০০০টকাৰ স্থিৰ পেঞ্চনৰ সুবিধা৷

উদাহৰণস্বৰূপে, এজন হিতাধিকাৰী কৃষকে ২৯ বছৰ বয়সৰ পৰা প্ৰতিমাহে ১০০ টকাকৈ জমা কৰিব লাগিব৷ কেন্দ্ৰীয় চৰকাৰেও যোগ্য কৃষকজনে জমা কৰা ধনৰ সম পৰিমাণৰ টকা জমা কৰিব৷

অংশগ্ৰহণকাৰীৰ মৃত্যুৰ পিছত পেঞ্চন পোৱাৰ ক্ষেত্ৰত এছএমএফ হিতাধিকাৰীৰ স্বামী/স্ত্ৰীয়ে পেঞ্চনৰ ৫০% পৰিয়াল পেঞ্চন হিচাপে লাভ কৰিব৷ যদি অংশগ্ৰহণকাৰীৰ পেঞ্চন জমা কৰি থকা সময়ৰ ভিতৰতে মৃত্যু হয় তেন্তে তেওঁৰ স্বামী/স্ত্ৰীয়ে সেই আঁচনিত ধন জমা অব্যাহত ৰখাৰ বৈকল্পিক সুবিধা লাভ কৰিব৷

আঁচনি আৰু কৃষকসকৰ উন্নতিৰ মাজৰ সম্পৰ্কঃ

এই আঁচনিৰ এক উল্লেখযোগ্য বৈশিষ্ট হ’ল যে কৃষকসকলে তেওঁলোকৰ মাহিলী অৰিহণা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ পৰা প্ৰত্যক্ষভাৱে জমা কৰাৰ বৈকল্পিক সুবিধা লাভ কৰিব৷ তাৰোপৰি কৃষকসকলে সাধাৰণ সেৱা কেন্দ্ৰ (চিএছচি)ৰ জৰিয়তে পঞ্জীয়নভুক্ত হৈ তেওঁলোকৰ মাহিলী অৰিহণা জমা কৰিব পাৰিব৷

প্ৰধান প্ৰতিশ্ৰুতিসমূহৰ পূৰণ, কৃষি খণ্ডৰ সৱলীকৰণঃ

স্বাধীনতাৰ সত্তৰ বছৰৰ পিছত প্ৰথমবাৰলৈ কৃষকসকলৰ বাবে এনে ধৰণৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে৷ ইয়াৰ বিষয়ে ২০১৯ বৰ্ষৰ লোকসভাৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছিল যি ভাৰতৰ সৰ্বদিশতে বৃহৎ সমৰ্থন লাভ কৰিছিল৷ ইয়াক বিজেপিৰ ইস্তাহাৰত প্ৰকাশ কৰা হৈছিল আৰু নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটতে ইয়াক বাস্তৱায়িত কৰা হয়৷

****

AKT/SH/MANN