Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেবিনেটৰ ভাৰত আৰু উজবেকিস্তানৰ মাজত নাৰ্কোটিকছ, ড্ৰাগছ, ছায়ক’ট্ৰ’পিক মৌল আদিক প্ৰতিৰোধ কৰিবলৈ সম্পন্ন হোৱা পাৰস্পৰিক বুজাবুজিত অনুমোদন প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু উজবেকিস্তানৰ মাজত নাৰ্কোটিকছ, ড্ৰাগছ, ছায়ক’ট্ৰ’পিক মৌল আদিক প্ৰতিৰোধ কৰিবলৈ সম্পন্ন হোৱা পাৰস্পৰিক বুজাবুজিত অনুমোদন প্ৰদান কৰিছে৷

লাভসমূহঃ

এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা নাৰ্কোটিক ড্ৰাগছ আৰু ছায়ক’ট্ৰ’পিক মৌল তথা ড্ৰাগ সৰবৰাহক ৰোধ কৰাত নিয়ামক প্ৰণয়ন হ’ব৷ চিনাক্ত কৰা ক্ষেত্ৰসমূহত উদ্ভৱ হোৱা সমস্যাসমূহ প্ৰতিৰোধ কৰিবলৈ ই এক উত্তম পৰিকাঠামো হিচাপে বিবেচিত হ’ব৷ এই বুজাবুজিৰ চুক্তিপত্ৰই দুয়োখন চৰকাৰৰ মাজত কাৰ্যকৰী সহযোগিতা সম্ভৱ কৰি তুলিব৷ তাৰোপৰি এই চুক্তিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় নাৰ্কটিকছৰ সৰবৰাহ ৰোধ কৰাত সহায়ক হ’ব৷

****

NW/AKT/SH/MANN