Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেৰালাৰ বানপৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ; সাম্ভাব্য সকলো ধৰণৰ সহায়ৰ আশ্বাস


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ী বিজয়নৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ী বিজয়নৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰিলো। বানৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সাম্ভাব্য সকলো ধৰণৰ সাহায্য আগবঢ়াম। কেৰালাৰ এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি সকলোৱে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰত থিয় দিছো।

*****

AP/KP/DB