পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি বহা কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকত কোম্পানী আইন ২০১৩ ৰ সংশোধনেৰে প্ৰস্তুত কৰা কোম্পানী (দ্বিতীয় সংশোধিত) আইন, ২০১৯ লৈ যাৱতীয় অনুমোদন প্ৰদান কৰা হয়।
উল্লেখ্য যে এই বিধেয়কখনে অপৰাধমূলক কাৰ্যাৱলীবোৰ আঁতৰ কৰিব, যাৰ জৰিয়তে নিৰপেক্ষ ৰূপত নিৰ্ধাৰণ কৰিব পৰা যাব প্ৰতিটো অপৰাধমূলক দিশ, আৰু ইয়াৰ জৰিয়তে প্ৰবঞ্চনামূলক কাৰক নাইকিয়া কৰা আৰু ব্যাপক সাৰ্বজনীন বিষয় অন্তৰ্ভুক্ত নকৰাটো নিশ্চিত কৰা হ’ব। ইয়াৰ যোগেদি দেশত অপৰাধী ন্যায়িক ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰি তুলিব পৰা যাব। এই বিধেয়কে আইন অনুসৰণ কৰা কৰ্প’ৰেট বা উদ্যোগপতিসকলৰ বাবে জীৱন প্ৰণালী সুচল কৰি তুলিব।
ইয়াৰ পূৰ্বে কোম্পানী (সংশোধিত) আইন, ২০১৫ অনুসৰি এই আিনৰ কিছু কিছু দিশ সংশোধন কৰা হৈছিল যাতে এই আইনৰ বিভিন্ন ব্যৱস্থা প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা জটিলতাবোৰ আঁতৰ কৰিব পাৰি।
**********
VRRK/AK/RD