প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি (CGFMU) আৰু পাঁচ বছৰৰ বাবে, অৰ্থাৎ ২০৩১ চনৰ ৩১ মাৰ্চ পৰ্যন্ত অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত নেশ্যনেল ক্ৰেডিট গেৰাণ্টী ট্ৰাষ্টী কোম্পানী লিমিটেড (NCGTC)ৰ জৰিয়তে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক ঋণ পৰিশোধত ব্যৰ্থ হোৱাৰ আশংকাৰ বিপৰীতে ঋণ নিশ্চয়তাৰ সুবিধা প্ৰদান কৰা হয়। ২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আৰম্ভ হোৱাৰ পাছৰে পৰা ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে ৬০.৩৬ কোটিৰো অধিক ঋণ মঞ্জুৰ কৰিছে, যাৰ মুঠ পৰিমাণ হৈছে ৪৩.৩৪ লাখ কোটি টকা। ২০১৬ চনৰ জানুৱাৰী মাহত আৰম্ভ হোৱা ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজিয়ে দেশত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ঋণ প্ৰদানৰ সম্প্ৰসাৰণত এক গুৰুত্বপূৰ্ণ অনুঘটক হিচাপে কাম কৰি আহিছে।
আঁচনিখনৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ:
এই পুঁজিৰ উদ্দেশ্য হৈছে তলত উল্লেখ কৰা ঋণ সুবিধাসমূহৰ বাবে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক ঋণ নিশ্চয়তা প্ৰদান কৰা। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (PMMY): এই আঁচনিৰ অধীনত যোগ্য ক্ষুদ্ৰ উদ্যোগসমূহক ২০ লাখ টকালৈকে ঋণ প্ৰদান কৰা হয়।
প্ৰধানমন্ত্ৰী জন-ধন যোজনা (PMJDY): বেংকসমূহে জন-ধন যোজনাৰ একাউণ্টৰ জৰিয়তে প্ৰদান কৰা ১০,০০০ টকালৈকে অভাৰড্ৰাফ্টৰ সুবিধা।
স্ব-সহায়ক গোট (SHG): ১০ লাখৰ পৰা ২০ লাখ টকাৰ ভিতৰত ঋণৰ পৰিমাণ থকা স্ব-সহায়ক গোটসমূহক প্ৰদান কৰা ঋণ।
ঋণ নিশ্চয়তাৰ পৰিসৰ: কাৰ্যকৰী মূলধনৰ সীমাৰ ক্ষেত্ৰত প্ৰকৃততে বিতৰণ কৰা ঋণৰ পৰিমাণৰ সৈতে আৰু ম্যাদী ঋণৰ একাউণ্টৰ ক্ষেত্ৰত বাকী থকা ঋণৰ পৰিমাণৰ সৈতে ঋণ নিশ্চয়তাৰ পৰিসৰ সংযুক্ত কৰা হ’ব। ইয়াৰ ফলত ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ প্ৰকৃত বিপদাশংকাৰ পৰিমাণ প্ৰতিফলিত হ’ব।
ঋণ নিশ্চয়তা মাচুল: ঋণ নিশ্চয়তা মাচুল বছৰি ১ শতাংশৰ পৰা হ্ৰাস কৰি ০.৭৫ শতাংশ কৰা হৈছে। অৱশ্যে, স্ব-সহায়ক গোটৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। প্ৰথম বছৰৰ বাবে ০.২৫ শতাংশ আৰু পৰৱৰ্তী বছৰসমূহৰ বাবে ০.৫০ শতাংশ নিশ্চয়তা মাচুল পূৰ্বৰ দৰেই অব্যাহত থাকিব।
আঁচনিৰ কাৰ্যকাল: ষোড়শ বিত্ত আয়োগৰ কাৰ্যকাল, অৰ্থাৎ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষলৈকে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত প্ৰদান কৰা সকলো ঋণৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য হ’ব।।
প্ৰভাৱ:
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত জামিনবিহীন ঋণ প্ৰদানৰ ফলত এনে এক নতুন প্ৰজন্মৰ উদ্যোগীৰ সৃষ্টি হৈছে, যিসকলে পূৰ্বতে আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ পৰা ঋণ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি আঁচনিৰ কাৰ্যকাল বৃদ্ধি কৰাৰ ফলত অহা পাঁচ বছৰত ১২.৬ লাখ কোটি টকাৰ ঋণ প্ৰদানৰ সুবিধা হ’ব। নিজৰ ব্যৱসায় প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণ কৰিবলৈ আগ্ৰহী যুৱ উদ্যোগীসকলৰ বাবে এই আঁচনিয়ে এক গুৰুত্বপূৰ্ণ অনুঘটক হিচাপে কাম কৰিব।
****
MJPS/PB