পি এম ইণ্ডিয়া
মন্ত্ৰী সভাৰ মোৰ সতীৰ্থ শ্ৰী অৰুণ জেটলীজী, গিৰিৰাজ সিংজী, প্ৰতাপ শুক্লজী, পোন ৰাধাকৃষ্ণনজী, বেংকিং খণ্ড, বিত্তীয় খণ্ড, ব্যৱসায়খণ্ডৰ লগতে অন্যান্য বাণিজ্য খণ্ডৰ মহানুভৱসকল, দেশজুৰি থকা মোৰ প্ৰিয় লঘূ উদ্যমীসকল, আইসকল আৰু সদাশয় ৰাইজ। লঘূ উদ্যোগৰ প্ৰতি উচ্চৰ্গিত আজিৰ এই কাৰ্যক্ৰমলৈ মই আপোনালোকৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ লঘূ উদ্যোগী বন্ধুসকলক আন্তৰিকতাৰে স্বাগতম জনাইছো। পোণতে আপোনালোক আটাইলৈকে দীপাৱলী আৰু সনৱত নতুন বৰ্ষৰ আগতীয়াকৈ শুভ কামনা জ্ঞাপন কৰিছো।
দীপাৱলী আৰু নতুন বছৰ একোটাৰ আমাৰ ইয়াত কিমান গুৰুত্ব অনুভৱ কৰা হয় সেয়া হয়তো আপোনালোক সকলোৱেই জানে। এতিয়াতো এই কথা পৃথিৱী জুৰি অনুভূত হোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ আমাৰ ব্যৱসায়-বাণিজ্যৰে জড়িত বন্ধুসকলৰ বাবে এই কথাৰ গুৰুত্ব সদায়ে বেছি। কিয়নো তেওঁলোকে দীপাৱলী কিম্বা নতুন বছৰৰ আৰম্ভণী ভালকৈ হলে বছৰটো ভালকৈ পাৰ হব বুলি ধৰি লয়। তদুপৰি এইখিনি সময়তে আমাৰ কৃষকসকলে উত্পাদন কৰা খেতি ফচল বজাৰলৈ আহিবলৈ লয় বাবেও এইচোৱা সময়ে অন্য এক গুৰুত্ব বহণ কৰে। দৰাচলতে এইচোৱা সময়ত হোৱা ফচলৰ কিনা-বেচাই আগন্তুক বৰ্ষৰ বজাৰ তথা দেশৰ উন্নয়ণৰ গতি-বিধিও নিৰ্ণয় কৰে।
যি কি নহওক, আজি মই আপোনালোকৰ আগত আমাৰ চৰকাৰে লঘূ উদ্যোগ ক্ষেত্ৰৰ উন্নয়ণৰ বাবে গ্ৰহণ কৰা ১২টা বিশেষ সিদ্ধান্তৰ বিষয়ে বাখ্যা দাঙি ধৰিব খুজিছো। বিগত কেইটামান সপ্তাহ ধৰি ভাৰত চৰকাৰৰ কেইবাটাও মন্ত্ৰালয়ে এই ক্ষেত্ৰত ঐকমত্য স্থাপন কৰাৰ বাবে দীঘলীয়া আলোচনাত মিলিত হৈছিল। ইয়াৰে দুই এটা সিদ্ধান্ত সীমিত পৰিসৰত পৰীক্ষামূলক ভাবে ৰূপায়ণ কৰিও চোৱা হৈছে। আৰু সকলো সমীক্ষাৰ অন্তত অৱশেষত মই আজি আপোনালোকৰ আগত এই ১২টা সিদ্ধান্তৰ কথা ঘোষণা কৰিবলৈ আগবাঢ়িব খুজিছো। বন্ধুসকল, এই ১২টা সিদ্ধান্তই আৰু এটা কথাকো প্ৰতিপন্ন কৰে, সেয়া হৈছে যেতিয়া Silosক ভংগ কৰি, collective উদ্যোগ গ্ৰহণ কৰা যায়, collective দায়বদ্ধতা স্বীকাৰ কৰা হয় আৰু collective সিদ্ধান্ত গ্ৰহণ কৰা যায় তেতিয়া ইয়াৰ প্ৰভাৱ বাস্তবিকতেই বিস্তাৰিত হয়!
Silosততো আপোনালোকৰ সকলো সপোন ফাইলৰ মাজতে বন্ধ হৈ থাকিবলগীয়া হয়। কিন্তু যেতিয়া Silos ভংগ হয় তেতিয়া ফাইলেও গতি লাভ কৰে। বিষয়া-বৰ্গয়ো নিজেই হাতে-হাতে ফাইল লৈ সিদ্ধান্ত বাস্তবায়িত কৰিবলৈ লাগি যায়।
এই ১২টা সিদ্ধান্ত দেশৰ ক্ষুদ্ৰ-লঘূ আৰু মধ্যমীয়া উদ্যোগ খণ্ড (Micro-Small and Medium Enterprises Sector) চমুকৈ MSMEৰ বাবে দীপাৱলীৰ বহুত ডাঙৰ উপহাৰতো হয়েই, দেশৰ লঘূ উদ্যোগ খণ্ডৰ বাবে এটা নতুন যুগৰ, নতুন অধ্যায়ৰ সূচনাকাৰী হিচাপেও চিহ্নিত হয়।
প্ৰিয় ভাই-ভনীসকল, ভৱিষ্যতৰ লেখা-জোখা আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অতীত আৰু বৰ্তমানৰ কিছু কথা কৈ লব খুজিছো। ইয়াৰ প্ৰয়োজনীয়তা এই কৰণেই আছে কিয়নো ইয়ে অতীতৰ গৌৰৱ গাঁথাৰ স্মৰণ কৰোৱাৰ লগতে বৰ্তমানত আমাক আগুৱাই যোৱাৰ বাবে অনুপ্ৰাণিত কৰে। সেয়ে ইয়াৰ উল্লেখ কৰাৰ আক্ষৰিক অৰ্থতে প্ৰাসংগিকতা থাকে। বন্ধুসকল, এমএছএমই অৰ্থাত্ লঘূ উদ্যোগ খণ্ডই আমাৰ দেশৰ কোটি-কোটি জনতাক জীৱিকাৰ সাধন দি আহাৰ লগতে দেশৰ অৰ্থ-ব্যৱস্থাক টনকিয়াল কৰাৰ ক্ষেত্ৰতো মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি আমি সকলোৱে জানো। কৃষিৰ পিছত এই এমএছএমই-য়েই হৈছে কৰ্ম সংস্থাপন দিয়া দেশৰ আটাইতকৈ বৃহত্ খণ্ড। খেতিক যদি আমাৰ দেশৰ অৰ্থনীতিৰ বুনিয়াদ বুলি গণ্য কৰা হয় তেন্তে এমএছএমই-ক এই অৰ্থনীতিৰ সমৃদ্ধিৰ বাবে অব্যাহত ৰখা পদক্ষেপ বুলি অভিহিত কৰিব পাৰি। গঢ়া-পিটাৰ পৰা ঔষধলৈ, খেতি-বাতিৰ পৰা খেলপথাৰলৈ, বস্ত্ৰ পৰা অস্ত্ৰলৈ, ঊণৰ পৰা শক্তিলৈ এনে অনেক ক্ষেত্ৰত এমএছএমই-য়ে অতি গুৰিত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
কাঞ্চীপুৰমৰ শাড়ীয়েই হওক কিম্বা পাণিপটৰ হস্ত-শিল্পই হওক
লুধীয়ানাৰ গৰম কাপোৰৰ উদ্যোগেই হওক কিম্বা মুৰাদাবাদৰ পিতলৰ উদ্যোগেই হওক
বাৰানসীৰ শাড়ীয়েই হওক কিম্বা আলিগড়ৰ তলাই হওক
জামছেদপুৰ বা পুণেৰ অটোমোবাইল উদ্যোগেই হওক কিম্বা ভাৰুছৰ ৰসায়ণ উদ্যোগেই হওক অথবা কইমবাটোৰৰ বিজুলী-চালিত পাম্প উদ্যোগেই হওক
যোধপুৰ, কিষাণগঞ্জৰ হস্ত-শিল্প বা পাথ্থৰ শিল্পই হওক কিম্বা কটকৰ অলংকাৰ শিল্পই হওক
মধুবাণীৰ পেইটিঙেই হওক কিম্বা মেৰথৰ খেল সামগ্ৰীৰ উদ্যোগেই হওক
পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ ই বিস্তাৰিত হৈ আছে। আমাৰ বাবে এয়া কেৱল উদ্যোগেই নহয় বৰং এয়া আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ জীৱনৰ অতিকে গুৰুত্বপূৰ্ণ অংগ। কিমানখন যে চহৰৰ নাম সেই চহৰত থন্ ধৰি উঠা উদ্যোগৰ নামেৰে প্ৰসিদ্ধ হৈছে! মই যদি কওঁ দেশৰ প্ৰতিখন জিলাৰ সৈতে এনে একোটা পৰিচিতি জড়িত হৈ আছে তেন্তে সেয়াও মিছা কোৱা নহব নিশ্চয়। এই সকলোৰে নেতৃত্ব লঘূউদ্যোগেইতো বহণ কৰি আহিছে। এই ঐতিহ্যক সযতনে সুৰক্ষিত ৰাখি আমাৰ লঘূ উদ্যোগে সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাৰ লগতে আমাৰ অৰ্থ-ব্যৱস্থাকো সমৃদ্ধিশালী কৰি আহিছে।
বন্ধুসকল, আজি ভাৰত বিশ্ব অৰ্থনীতিৰ এক উজ্জ্বল তৰা হৈ জিলিকি উঠিছে। সাম্প্ৰতিক পৃথিৱীৰ চকু এতিয়া ভাৰতৰ ওপৰত স্তিমিত হৈছে, বিশ্ব-বাণিজ্যৰ কেন্দ্ৰ হিচাবে এতিয়া নতুন ভাৰতে প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে। এনে এক নতুন ভাৰত যাৰ সংকল্পক সিদ্ধি কৰাৰ সক্ষমতা আছে, যাৰ ১৩০কোটি নাগৰিকৰ আশা-আকাংক্ষাক পূৰণ কৰাৰ সামৰ্থ্য আছে। ভাৰতক এই উচ্চতালৈ উন্নীত কৰাৰ, দেশৰ প্ৰাণত নতুন শক্তি সঞ্চাৰিত কৰাৰ কৃতিত্ব দৰাচলতেই আমাৰ এমএছএমই খণ্ড, অৰ্থাত্ আপোনালোকৰ। এয়া আপোনালোকৰ শ্ৰম আৰু পুৰুষাৰ্থৰ ফল যাৰ জহত আজি ভাৰত ইকনমিক পাৱাৰ হাউছ হিচাবে চিহ্নিত হৈছে।
ভাৰতত শেহতীয়া চাৰে চাৰি বছৰত যি পৰিৱৰ্তন সম্ভৱ হৈছে, আপোনালোক তাৰ আটাইতকৈ ডাঙৰ অংশীদাৰ। আপোনালোকে আনুষ্ঠানিকতাৰ ক্ষেত্ৰত বহুত ডাঙৰ প্ৰয়াস কৰিছে, ডিজিটেল লেন-দেনক আপোন কৰি লৈছে, ই-কমাৰ্চৰ দৰে নতুন ব্যৱস্থাৰে সম্পৰ্ক সহজ কৰাৰ প্ৰয়াসত লিপ্ত হৈছে, জিএছটি-ৰ দৰে দেশৰ বৃহত্তম কৰ-সংস্কাৰ ব্যৱস্থাক আপোন কৰি লোৱাৰ ব্ৰতত ব্ৰতী হৈছে। আপোনালোকে খুউব সুন্দৰ আৰু সফল ভাবেই বিশ্ব-বাণিজ্যক্ষেত্ৰখনৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি লবলৈ সক্ষম হৈছে। দেশত সম্পাদিত হোৱা এই পৰিৱৰ্তনৰ সুবাদতে আজি ভাৰতে চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিৰ নেতৃত্ব বহণৰ দিশত অগ্ৰসৰ হৈছে। আমি এক নতুন যাত্ৰাত অগ্ৰসৰ হোৱাৰ পথত, এক নতুন যুগত প্ৰৱেশ কৰাৰ মুহূৰ্তত উপস্থিত হৈছোহি। এয়া সম্ভৱ হৈছে, কিয়নো আপোনালোকে, দেশৰ এমএছএমই খণ্ডই এই পৰিৱৰ্তনৰ সৈতে নিজকে জড়িত কৰিছে, ইয়াক নিজৰ ব্যৱস্থাৰ অংগ কৰি লৈছে। বন্দুসকল, আপোনালোকক এই ক্ষেত্ৰত উত্সাহিত কৰাৰ লগতে সাহস প্ৰদান কৰিবলৈ চৰকাৰেও কান্ধত কান্ধ মিলাই আগবাঢ়ি আহিছে।
দেশত গ্ৰহণ কৰা বহু সংস্কাৰ আৰু সিদ্ধান্তৰ ফলত আজি ভাৰতত ব্যৱসায় কৰাটো সহজ হৈ উঠিছে। মাত্ৰ দুদিন আগতে বিশ্ব-বেংকে ঘোষণা কৰা ইজ অব ডুয়িং বিজনেছৰ তথ্যই এই কথাকে প্ৰতিপন্ন কৰিছে। চাৰি বছৰ আগতে যিটো কথা ভাবিবই পৰা নাছিল আজি হিন্দুস্থানে সেইটো কথাকে কৰি দেখুৱাবলৈ সক্ষম হৈছে, সেইটো কথাকে আমি কৰি দেখুৱাইছো। বন্ধুসকল, এইবাৰ ভাৰতে ইজ অব ডুয়িং বিজনেছ ৰেংকিঙত ২৩অংকৰ এটা দীঘলীয়া জাপ মাৰিবলৈ সক্ষম হৈছে। এয়া নিশ্চয় আমাৰ সকলোৰে বাবেই গৌৰৱৰ কথা নহয় জানো। চাৰি বছৰৰ আগতে, আমাৰ চৰকাৰ গঠনৰ পূৰ্বে আমি এই শিতানত ১৪২নং স্থানত আছিলো। আজি মই কবলৈ পাই সুখী হৈছো যে এইচোৱা সময়ত আমি ৬৫টা স্থান বগাই আহি ৭৭নং স্থানত অৱতীৰ্ণ হৈছোহি, আৰু সম্পূৰ্ণৰূপে বিশ্বাস হৈছে যে যি দৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে, বিভিন্ন বিভাগসমূহে এটাৰ পিচত এটাকৈ পদক্ষেপ গ্ৰহণ কৰি আছে এতিয়া শীৰ্ষৰ ৫০নং স্থানো আমাৰ বাবে বেছি দূৰৈত নহব। ইজ অব ডুয়িং বিজনেছ-ত যদি ব্যৱস্থাৰ সৰলতা বৃদ্ধি পায়, সুবিধা বেছি হয় তেন্তে তাৰ অধিক সুফল লাভ কৰে আমাৰ এমএছএমই খণ্ডই। নিৰ্মাণৰ অনুজ্ঞা হওক, বিজুলী শক্তিৰ সংযোগ হওক বা অন্য কোনো অনুমোদন হওক বিগত সময়চোৱাত এয়া আমাৰ লঘূ উদ্যোগৰ বাবে সদায়ে প্ৰত্যাহ্বানপূৰ্ণ আছিল। পিছে এতিয়া একেবাৰে তৃণমূল পৰ্যায়লৈ গৈ, নিয়মৰ শুধৰণি কৰি এমএছএমই-ৰ বাবে আমি উদ্যোগৰ পথ আৰু অধিক সহজ কৰি তোলাৰ কাম কৰিছো। ইয়াৰ উপৰিও বিগত চাৰিটা বছৰত এই খণ্ডটোৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি কৰা নিয়ম-নীতিৰ সংস্কাৰে এমএছএমই খণ্ডক বিশেষভাবে শক্তি প্ৰদান কৰিছে।
বন্ধুসকল, লঘূ উদ্যোগ আৰু শক্তিশালী হওক, ইয়াৰ বাবে কিছুমান বস্তু খুবেই দৰকাৰী। মই এইবোৰক বেলেগ বেলেগ শ্ৰেণীভূক্ত কৰি উল্লেখ কৰিব খুজিছো।
এ- আপোনালোকৰ হাতলৈ সহজে পইচা আহক, ঋণ পাওক, কম সুদত ঋণৰ সুযোগ লাভ কৰক আৰু নগদ ধনৰ প্ৰৱহণ অব্যাহত থাকক
বি- আপোনালোকৰ বাবে বজাৰ উপলব্ধ হওক, ই-কমাৰ্চৰ দৰে প্লেটফৰ্মত আপোনালোকৰ অংশীদাৰিত্ব বাঢ়ক
চি- প্ৰযুক্তিৰ উন্নীকৰণ সম্ভৱ হওক
ডি- ইজ অব ডুয়িং বিজনেছৰ পৰিসৰ বাঢ়ক, চৰকাৰী হস্তক্ষেপ কমক। আৰু
ই- কৰ্মচাৰীৰ মাজত সুৰক্ষাৰ চেতনা জাগক
যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত মূলধনৰ সমস্যাটোৱেই আটাইতকৈ ডাঙৰ। আপোনালোকক এই সমস্যাৰ পৰা মুক্ত কৰিবলৈকে মই আজি ৫৯মিনিট লোন পৰ্টেল শীৰ্ষক পৰ্টেল এটাৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছো। দেশ জুৰি আৰম্ভ হব লগা এই পৰ্টেলৰ জৰিয়তে ঘণ্টাটোৰ ভিতৰতে লঘূ উদ্যোগৰ উদ্যোগীসকলে ১কোটি টকা পৰ্যন্ত ঋণ পোৱাৰ সুযোগ লাভ কৰিব। মাত্ৰ ৫৯মিনিট। এৰা কেৱল ৫৯মিনিটতেই। মই জানি বুজিয়েই এই সীমা ১ঘণ্টা কৰা নাই। কিয়নো একক দুই হবলৈ, দুইক তিনি হবলৈ বেচি সময় যে নালাগে সেই কথা আমি সকলোৱে জানো। আৰু সেয়ে এই সীমা ৫৯মিনিটতে সীমিত ৰখাৰ ব্যৱস্থা কৰিছো। বন্ধুসকল, এই কাম আগৰ চৰকাৰৰ দিনতো হব পাৰিলেহেতেন। পিচে এনে কামৰ বাবে আগ্ৰহৰ লগতে স্বভাৱ ভাল হোনাতো আটাইতকৈ প্ৰয়োজন, নীতিনিষ্ঠতা প্ৰতিষ্ঠা হোৱাতো আটাইতকৈ জৰুৰী। মিনিমাম গভাৰ্ণমেণ্ট মেক্সিমাম গভাৰ্নেন্স-ত বিশ্বাসী আমাৰ চৰকাৰে সকলো পদক্ষেপতে আপোনালোকক নিয়মৰ মেৰ-জালৰ পৰা মুক্তি দিয়াৰ বাবে প্ৰয়াস কৰি আহিছো।
মোৰ মনত আছে, মই যেতিয়া বিষয়া-বৰ্গৰে এই পৰ্টেলটো সন্দৰ্ভত আলোচনা কৰি আছিলো তেতিয়া মই কৈছিলো—উদ্যোগীসকলৰ টাৰ্ণ-অভাৰৰ তথ্য আপোনালোকে দেখোন জিএছটি ৰিটাৰ্ণত পাবই, সেইদৰে আয়ৰ তথ্য পাব আয়কৰ ৰিপৰ্টত আৰু বেংক একাউণ্টৰ পৰা পাব নগদ টকাৰ লেন-দেনৰ তথ্য, তেন্তে সেই তথ্য-বিশ্লেষণৰ আধাৰত উদ্যোগীসকলক ঋণ দিয়াৰ ব্যৱস্থা কৰাত অসুবিধা কত! মই এইটো কথাও কৈছিলো যে এই ব্যৱস্থা সন্দৰ্ভত যিমান পাৰি অধিক হাৰত প্ৰচাৰৰ দিহা কৰা হওক আৰু লঘূ উদ্যোগৰে জড়িত সকলো ব্যৱস্থাৱলীৰে এই পৰ্টেলক সংযুক্ত কৰা উচিত। যেনে ধৰক জিএছটি পৰ্টেল। তেন্তে, এই পৰ্টেলৰে জড়িত হোৱা প্ৰতিজন নীতি-নিষ্ঠ উদ্যোগী, প্ৰতি গৰাকী সত্ নাগৰিকক ঋণ দিয়াত অসুবিধা কত! আৰু এতিয়া আপুনালোকে যেতিয়া জিএছটি পৰ্টেলত আপোনালোকৰ ৰিটাৰ্ণ ফাইল কৰিব তেতিয়াই আপোনালোকে এই সুবিধা লাভ কৰিব। আপোনালোকে যেতিয়াই এই পৰ্টেলত প্ৰৱেশ কৰিব তেতিয়াই আপোনালোকক সোধা হব—আপোনালোকক বাৰু ঋণ লাগিবনেকি! যদি আপোনালোকে লাগে বুলি উত্তৰ দিয়ে তেন্তে ৫৯মিনিট লোন পৰ্টেলৰ সুবিধা উপলব্ধ হব। বন্ধুসকল, জিএছটিৰে জড়িত হোৱা প্ৰতিগৰাকী উদ্যোগী, প্ৰতিটো এমএছএমইৰ দুৱাৰ দলিত এতিয়া আক্ষৰিক অৰ্থতে চৰকাৰ উপস্থিত হৈছেহি।
আপোনালোকৰ বাবে উচ্চৰ্গিত হব লগা এই ৫৯মিনিট পৰ্টেলটো আজি আনুষ্ঠানিক ভাৱে মুকলি কৰিছো বুলি মই ঘোষণা কৰিবলৈ পাই সঁচাকৈয়ে পৰম সন্তোষ পাইছো। এতিয়াৰে পৰা আপোনালোক আটায়ে ইয়াৰ সুফল লাভ কৰিব পাৰিব। এইখন লতুন ভাৰত, বন্ধুসকল, আজিৰ ভাৰতত বাৰে বাৰে বেংকলৈ যোৱাৰ সেই পুৰণি পৰম্পৰা নোহোৱা কৰক।
৫৯মিনিটত বাৰু ১কোটি টকা পৰ্যন্ত ঋণ লাভৰ সুযোগ লাভ কৰিলে, পিছে, এই ঋণৰ সুদৰ হাৰ কিমান হব সেয়াওতো গুৰুত্বপূৰ্ণ কথা নহয় জানো!—এৰা এই কথাটোকে মই এতিয়া আপোনালোকক কবলৈ ওলাইছো। বন্ধুসকল, এতিয়াৰে পৰা জিএছটি পঞ্জীকৃত প্ৰতিটো এমএছএমই-ক প্ৰদান কৰা নতুন কিম্বা ইনক্ৰিমেণ্টেল ঋণৰ বাবদ আদায় দিব লগা সুদৰ ক্ষেত্ৰত ২শতাংশ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। মই এই মাত্ৰ আপোনালোকৰ আগত সততাৰ প্ৰতিস্থাৰ কথা উল্লেখ কৰিছিলো। এয়া সেই প্ৰতিস্থাৰে বিস্তাৰিত ৰূপ। এতিয়া জিএছটিৰে জড়িত হোৱা আৰু কৰ আদায় দিয়া কথাটো আপোনালোকৰ বাবে শক্তিৰ আধাৰ স্বৰূপ হৈ উঠিব। ইয়ে সুদৰ বিপৰীতে আপোনালোকক ২শতাংশৰ ৰেহাই লাভৰ সুযোগ প্ৰদান কৰিব।
ইমানেই নহয়। ৰপ্তানী কৰাসকলৰ বাবেও দীপাৱলীৰ উপহাৰ সাজু কৰা হৈছে। ৰপ্তানী কৰোতাসকলৰ প্ৰী-ছিপমেণ্টশ্বিপ আৰু পোষ্ট-ছিপমেণ্টশ্বিপৰ সময় কালৰ বাবে আগবঢ়োৱা ঋণৰ সুদ ৰেহাইৰ হাৰ পূৰ্বৰ ৩শতাংশৰ ঠাইত এতিয়া ৫শতাংশ কৰা হৈছে। ভাই-ভনীসকল, দেশৰ ৰপ্তানী ক্ষেত্ৰত এমএছএমই খণ্ডৰ বিশেষ অৱদান আছে। দেশৰ মুঠ ৰপ্তানীৰ প্ৰায় ৪০শতাংশ আপোনালোকৰ এমএছএমই খণ্ডই চম্ভালে। বিশ্বত ভাৰতৰ বৰ্দ্ধিত জনপ্ৰিয়তাই সৃষ্টি কৰা পৰিৱেশৰ লাভ এমএছএমই খণ্ডই পাওক, এমএছএমই খণ্ডৰ ৰপ্তানীয়ে উপলব্ধ কৰক, সেয়া নিশ্চিত কৰিবলৈকে সুদৰ ক্ষেত্ৰত ৰেহাই দানৰ ব্যৱস্থা কৰা হৈছে। মই ভাবো আমাৰ এই পদক্ষেপে এমএছএমই খণ্ডৰ ৰপ্তানীৰ পৰিমাণ আৰু অধিক কৰি তুলিবলৈ সক্ষম হব।
মই জানো এমএছএমই সমূহে তেওঁলোকৰ উত্পাদিত সামগ্ৰীসমূহ যোগান ধৰা বৃহত্ প্ৰতিষ্ঠানসমূহৰ পৰা মূল্য আদায় কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। কেতিয়াবাতো ইয়াৰ বাবে মাহৰ পিছত মাহ অপেক্ষা কৰিবলগীয়াও হয়। এনে পৰিস্থিতিত আপোনালোকে ঋণ লবলগীয়াত পৰে। মই আজি কৰিবলৈ যোৱা তৃতীয়টো ঘোষণা এই প্ৰসংগৰে জড়়িত। এমএছএমই সমূহৰ নগদ লেন-দেন প্ৰক্ৰিয়া যাতে বিঘ্নিত হবলগীয়া নহয় সেই কথা নিশ্চিত কৰিবলৈকে কমেও ৫০০কোটি টকাৰ বছৰি ব্যৱসায় কৰা বৃহত্ প্ৰতিষ্ঠানসমূহক এতিয়াৰে পৰা ট্ৰেড ৰিচিভেবল ই-ডিচকাউণ্টিং ছীষ্টেম চমুকৈ—ট্ৰেডছত অন্তৰ্ভূক্ত কৰাটো বাধ্যতামূলক কৰা হৈছে। বিস্তৃত পৰিসৰ লাভ কৰিবলগীয়া এই ট্ৰেডছ-য়ে সাময়িক ভাবে নগদ ধনৰ সহযোগিতা আগবঢ়াই এমএছএমই সমূহক বাৰুকৈয়ে উপকৃত কৰিব।
লঘূ উদ্যোগীসকলৰ বকেয়া আদায়ৰ বাবে আন এক বিকল্পৰো ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি এমএছএমই মন্ত্ৰালয়ৰ সমাধান শীৰ্ষক পৰ্টেলত লঘূ উদ্যোগীসকলে ধন আদায় পাবলগীয়া বৃহত্ প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ কৰিব পাৰিব। চৰকাৰী হস্তক্ষেপৰে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই অভিযোগৰ মীমাংসা কৰা হব। এই ব্যৱস্থাই আপোনালোকক সময়ত ধন আদায় দিয়াৰ ক্ষেত্ৰত বৃহত্ প্ৰতিষ্ঠানসমূহক তত্পৰ হবলৈ বাধ্য কৰিব। বন্ধুসকল, ঋণ লাভৰ ব্যৱস্থা সহজ কৰা, সুদৰ হাৰ কম কৰা, এমএছএমইৰ ৰপ্তানীকাৰী সকলেও কম সুদৰ সুফল লাভ কৰা, নগদ ধনৰ প্ৰবহণো সূষম গতিত অব্যাহত থকা এক পৰিৱেশ সৃষ্টি কৰাটোৱেইতো আমাৰ চৰকাৰে আপোনালোকৰ ক্ষেত্ৰত গ্ৰহণ কৰিব খোজা অন্যতম প্ৰাথমিকতা।
বন্ধুসকল, আজিৰ যুগ কম্পিউটাৰাইজেশ্যন আৰু প্ৰযুক্তিৰ, ই-কমাৰ্চ আৰু ই-মাৰ্কেটিঙৰ যুগ। লঘূ উদ্যোগীসকলো এই ব্যৱস্থাৰে যিমান বেছিকৈ জড়িত হব, সিমানেই তেওঁলেক অধিক হাৰত উপকৃত হব। জিইএমৰ দৰেই ই-কমাৰ্চৰ অন্য প্লেটফৰ্মতো যাতে আপোনালোকে উত্পাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰে, ইয়াৰ বাবে প্ৰয়োজন হোৱা গুণ-মানৰ প্ৰমাণ পত্ৰ যাতে থলীতে উপলব্ধ কৰিব পৰা যায় এই কথা নিশ্চত কৰাৰ বাবেও চৰকাৰে মানক এজেন্সীসমূহৰ সৈতে কাম কৰি আছে। এগ্ৰোগেটৰ-ৰ এই আৰ্হিৰে লঘূ উদ্যোগীসকলক ব্যক্তিগত প্ৰতিষ্ঠানৰে সংযুক্ত কৰাৰো ব্যৱস্থা কৰি থকা হৈছে।
বন্ধুসকল, মূলধন আৰু বজাৰৰ উপৰিও আমাৰ উদ্যোগীসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰা আন এক প্ৰত্যাহ্বান হৈছে প্ৰযুক্তিৰ উত্তৰণ। আমাৰ বহু উদ্যোগীয়ে উচিত সময়ত প্ৰযক্তিগত সুফল আদায় কৰিব পৰা নাই। দেশৰ টুলৰূমসমূহে উত্পাদিত সামগ্ৰীৰ আৰ্হি তৈয়াৰ কৰা আৰু ইয়াৰ উত্তৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত সহযোগিতা আগবঢ়ায়। নিৰ্মাণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ নাথাকিলেও এই টুলৰূমসমূহত আপোনালোকে উচ্চ প্ৰযুক্তিৰ সামগ্ৰীও প্ৰস্ত্তত কৰিব পাৰে। বিগত চাৰিটা বছৰত চৰকাৰে এই টুলৰূমসমূহৰ উন্নয়ণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে। আগৰখন চৰকাৰে ইয়াত ৩লাখ লোকক প্ৰশিক্ষণ দিছিল যদিও আমি এই চাৰিটা বছৰত চাৰে ৬লাখ লোকক প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছো। মোৰ আন এক ঘোষণা এই প্ৰযুক্তিৰ উত্তৰণৰেই জড়িত। ভাই-ভনীসকল, দেশ জুৰি এই টুলৰূমসমূহৰ সম্প্ৰসাৰণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ বাবে ২০টা হাবৰ লগতে টুলৰূম সদৃশ ১০০টা স্পোক স্থাপন কৰা হব। এই মহত্বপূৰ্ণ কামটোৰ বাবে মই আজি ৬হাজাৰ কোটি টকাৰ এটি পেকেজৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছো। ইয়াৰ দ্বাৰা উন্নত আৰ্হি প্ৰস্ত্ততৰ পৰা মান সম্পন্ন প্ৰশিক্ষণ, কনছালটেন্সিৰ দৰে বিভিন্ন প্ৰসংগত এমএছএমই খণ্ডই বিশেষ লাভ আদায় কৰিব পাৰিব। মোৰ পিচৰ ঘোষণাটো ইজ অব ডুয়িং বিজনেছ-ৰ প্ৰসংগৰে জড়িত। দেশত এমএছএমই খণ্ডৰ অন্তৰ্গত ফাৰ্মা কোম্পানীসমূহৰ ব্যৱসায়ৰ পৰিবেশ সৰলীকৃত কৰাৰ লগতে ইয়াক যাতে পোণপটীয়াকৈ গ্ৰাহকৰে সম্পৰ্কিত কৰিব পৰা যায় তাৰ বাবে ক্লাষ্টাৰ গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই ক্লাষ্টাৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৭০শতাংশ পুঁজি খৰছ কৰা হব। চৰকাৰে আজি ঘোষণা কৰা এই সিদ্ধান্তই দেশৰ ফাৰ্মা কোম্পানীসমূহৰ উত্পাদন বৃদ্ধিত বিশেষ ভূমিকা পালন কৰিব।
তদুপৰি, এমএছএমই খণ্ডৰ ক্ষেত্ৰত চৰকাৰী বিধি-ব্যৱস্থা সৰল কৰাৰ বাবে গ্ৰহণ কৰা এলানি ব্যৱস্থা সম্পৰ্কেও মই আজি ঘোষণা কৰিব খুজিছো। সেই আনুসৰি এতিয়াৰ পৰা আপোনালোকে ৰিটাৰ্ণ দুবাৰৰ ঠাইত এবাৰ দিলেই হব। সেইদৰে, চৰকাৰী কাম-কাজত এতিয়াৰে পৰা মানৱীয় হস্তক্ষেপৰ হাৰ কমোৱাৰ উদ্দেশ্যে Computerized Random Allotment ব্যৱস্থাৰ সূচনা কৰা, Environmental Clearanceব্যৱস্থাৰ সৰলীকৰণ, আৰু স্ব-প্ৰত্যায়ীতকৰণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হব।
ভাৰতৰ এমএছএমই খণ্ডৰ বন্ধুসকল, আপোনালোক চৰকাৰৰ সেই ভাৱনাৰহে প্ৰতীক, যি দৰাচলতে কৰ্ম-সংস্থান অন্বেষণকাৰী নহয়, বৰং কৰ্ম সংস্থান নিৰ্মাণকাৰীহে। আপোনালোক কেৱল উদ্যোগীয়েই নহয়, বৰং, নতুন ভাৰতৰ নিৰ্মাতাসকলৰো অন্যতম।
বন্ধুসকল, ভাৰতৰ এমএছএমই, আপোনালোক দৰাচলতে Aspirational India,আকাংক্ষী ভাৰত, মহত্-আকাংক্ষী ভাৰত। আপোনালোকে আপোনালোকৰ পৰিশ্ৰমৰ ফল প্ৰত্যক্ষ কৰিব পাৰে। এই পৰিশ্ৰমৰ সু-পৰিণতিৰে আপোনালোকৰ আয় বৃদ্ধি পায়, বীজ সদৃশ এই এমএছএমই-য়েই এদিন বৃহত্ উদ্যোগৰ ৰূপ ধাৰণ কৰেগৈ। আৰু নতুন নতুন উদ্যোগৰ বাবে প্ৰৰণাৰ আধাৰ হৈ উঠে। মই ভাবো ফলে-ফুলে জাতিষ্কাৰ হৈ অনাগত দিনবোৰত ই নিজৰ শ্ৰীবৃদ্ধি কৰাৰ লগতে সামগ্ৰীক ভাবে মেক ইন ইণ্ডিয়া কাৰ্যক্ৰমক সাফল্যমণ্ডিত কৰাত বিশেষ অৰিহণা আগবঢ়াবলৈও সক্ষম হব।
আপোনালোক আটাইলৈকে পুণৰবাৰ শুভ-কামনা যাঁচি আজিলৈ সামৰিলো।
বহুত বহুত ধন্যবাদ।
*****
AKT/HS/VM/SP/NS
आपको 59 मिनट में लोन की सैद्धांतिक स्वीकृति मिल गई, लेकिन ये भी तो अहम है कि ब्याज किस दर पर मिल रहा है।
— PMO India (@PMOIndia) November 2, 2018
अब जो मैं कहने जा रहा हूं, उसे ध्यान से सुनिएगा, गौर से सुनिएगा: PM @narendramodi
GST पंजीकृत हर MSME को एक करोड़ रूपये तक के नए कर्ज या इन्क्रीमेंटल लोन की रकम पर ब्याज में 2 प्रतिशत की छूट दी जाएगी।
— PMO India (@PMOIndia) November 2, 2018
मैंने जो ईमानदारी की प्रतिष्ठा की बात की थी। ये उसी का विस्तार है। अब GST से जुड़ना और Tax भरना आपकी ताकत बनेगा, आपको ब्याज में 2 प्रतिशत की छूट दिलवाएगा: PM
निर्यातकों को Pre-Shipment और Post Shipment की अवधि में जो लोन मिलता है उसकी ब्याज की दर में छूट को भी सरकार ने 3 प्रतिशत से बढ़ाकर 5 प्रतिशत करने का निर्णय लिया है: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
वो सारी कंपनियां जिनका टर्नओवर 500 करोड़ से ऊपर है, उनको अब Trade Receivables e- Discounting System यानि TReDS Platform पर लाना ज़रूरी कर दिया गया है। ताकि MSME’s को कैश फ्लो में दिक्कत न आए: PM @narendramodi #ModiWithMSME
— PMO India (@PMOIndia) November 2, 2018
पिछले वर्ष में लगभग 1 लाख 14 हजार करोड़ रुपए का सामान सरकारी कंपनियों ने अलग-अलग स्रोतों से खरीदा है। अब तक जो नियम चला आ रहा था, वो ये था कि सरकारी कंपनियों को 20 प्रतिशत खरीदारी माइक्रो और स्मॉल इंटरप्राइजेज यानि सूक्ष्म और लघु उद्योगों से करना जरूरी था: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
मेरी आज की चौथी घोषणा इसी से जुड़ी हुई है। सरकार ने इस 20 प्रतिशत की अनिवार्यता को बढ़ाकर अब 25 प्रतिशत करने का फैसला लिया है। यानि अब सरकारी कंपनियां जितना सामान खरीदती हैं, उसमें अब माइक्रो और स्मॉल इंटरप्राइजेज की हिस्सेदारी और बढ़ने जा रही है: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
आज की पांचवी घोषणा है महिला उद्यमियों से जुड़ी हुई। ये जो माइक्रो और स्मॉल इंटरप्राइजेज द्वारा खरीदारी की अनिवार्यता को बढ़ाया गया है, उसमें ये भी तय किया गया है कि इसमें से कुल खरीद का 3 प्रतिशत, महिला उद्यमियों के लिए आरक्षित हो: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
यानि सरकारी कंपनियों के लिए अब ये जरूरी हो गया है कि वो अपनी खरीद का कम से कम 3 प्रतिशत महिला उद्यमियों से ही खरीदें: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
GeM की इस व्यवस्था को और मजबूत करने के लिए आज ही और एक महत्वपूर्ण फैसला केंद्र सरकार ने किया है। ये मेरी आज की छठी घोषणा है: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
अब केंद्र सरकार की सभी कंपनियों के लिए GeM की सदस्यता लेना ज़रूरी कर दिया गया है। इतना ही नहीं वो अपने सभी Vendors-MSME’s को भी इस प्लेटफॉर्म पर पंजीकृत कराएंगी, जिससे उनके द्वारा की जा रही खरीद में भी MSMEs को अधिक से अधिक लाभ मिलेगा: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
GeM पर आने से आपके लिए अनंत संभावनाएं बनी थीं। अब आज के फैसले से उनका और विस्तार होगा: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
मेरी आज की सातवीं घोषणा Technological Upgradation के इस महत्वपूर्ण विषय से ही जुड़ी हुई है। सरकार ने फैसला लिया है कि देशभर में टूलरूम की इस व्यवस्था को और विस्तार दिया जाए: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
इसके लिए देशभर में 20 हब बनाए जाएंगे और Tool Room जैसे 100 स्पोक देशभर में स्थापित किए जाएंगे। मैं आज इस महत्वपूर्ण कार्य के लिए 6 हजार करोड़ रुपए के पैकेज की घोषणा करता हूं: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
मेरी आज की आठवीं घोषणा फार्मा कंपनियों से जुड़ी हुई है। MSME सेक्टर की फार्मा कंपनियों को बिजनेस करने में आसानी हो, वो सीधे ग्राहकों तक पहुंच पाएं, इसके लिए अब क्लस्टर बनाने का फैसला लिया गया है: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
इन क्लस्टर्स पर 70% खर्च केंद्र सरकार द्वारा किए जाने का भी ऐलान करता हूं। सरकार का आज का ये फैसला फार्मा क्षेत्र में उत्पादन बढ़ाने के लिए भी बहुत अहम साबित होगा: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
MSMEs के लिए सरकारी प्रक्रियाओं को आसान करने की कड़ी में, मैं अब आज की नवीं घोषणा करने जा रहा हूं। आपको कम से कम फॉर्म और रिटर्न देने पड़ें, इसके लिए बड़ा फैसला लिया गया है: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
8 श्रम कानूनों और 10 केन्द्रीय नियमों के तहत दिया जाना वाला रिटर्न अब आपको साल में दो बार की जगह एक बार ही देना पड़ेगा: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
सरकार, व्यवस्था को पारदर्शी बनाने के लिए, Human Intervention को कम करने के लिए लगातार काम कर रही है। इसी से संबंधित मेरी आज की 10वीं घोषणा है: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
अनावश्यक जांच से मुक्ति दिलाने के लिए सरकार ने ये फैसला किया है कि अब Inspector को कहां जाना है, इसका निर्णय सिर्फ एक Computerized Random Allotment से ही होगा और उसे 48 घंटे में अपनी रिपोर्ट पोर्टल पर डालनी होगी। अब वो सिर्फ अपनी मर्जी से किसी भी जगह नहीं जा सकता: PM
— PMO India (@PMOIndia) November 2, 2018
लघु उद्योगों को इंस्पेक्टर राज से मुक्ति दिलाने में ये फैसला बहुत महत्वपूर्ण साबित होगा। अब कोई Inspector आपके यहां ऐसे ही नहीं आ जाएगा, उससे पूछा जाएगा कि तुम क्यों उस फैक्ट्री में गए थे, क्या मकसद था: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
11वां ऐलान है, Environmental Clearance की प्रक्रियाओं का सरलीकरण और Self Certification को बढ़ावा: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
सरकार ने फैसला किया है कि वायु प्रदूषण और जल प्रदूषण कानूनों के तहत MSMEs के लिए इन दोनों को एक करके, अब सिर्फ एक ही Consent अनिवार्य होगा: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
सरकार आप पर भरोसा करके Self-Certification पर आपके रिटर्न स्वीकृत करेगी। Labor Department की तरह पर्यावरण के Routine Inspection समाप्त होंगे और सिर्फ 10 प्रतिशत MSMEs का निरीक्षण होगा: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
कल ही सरकार ने इस दिशा में एक और बड़ा फैसला लिया है। ये फैसला मेरा आज का 12वां ऐलान है, 12वीं घोषणा है। सरकार ने कंपनी अधिनियम में बहुत बड़ा बदलाव कर, MSMEs को कानूनी जटिलताओं से राहत दी है: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
कंपनी अधिनियम में अब तक ऐसे प्रावधान थे, उससे जुड़े ऐसे कानून थे, जिनकी वजह से छोटी-छोटी मामूली गलतियां या अनजाने में कोई उल्लंघन होने पर, आपको क्रिमिनल, गुनहगार मान लिया जाता था: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
इन गलतियों की वजह से कई बार व्यापारियों के लिए जेल तक जाने की नौबत आ जाती थी। छोटी-छोटी भूल सुधारने के लिए आपको कोर्ट कचहरी के चक्कर काटने पड़ते थे: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
इस सब में आपका कीमती समय और पैसा दोनों व्यर्थ तो होता ही था, आपके मान-सम्मान को भी ठेस पहुंचती थी। लघु और मध्यम उद्योगों को तो इसकी वजह से बहुत ज्यादा परेशानी होती थी: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
मुझे आप सभी को ये बताते हुए खुशी हो रही है कि इन परेशानियों से मुक्ति दिलाने के लिए सरकार एक अध्यादेश लेकर आयी है: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
अब तक जो नियम चल रहे थे, जो प्रणाली थी, वो सरकार ने बदल दी है। अब आपको छोटी-छोटी गलतियों को सुधारने के लिए कोर्ट नहीं जाना पड़ेगा। अब अनजाने में हुए छोटे उल्लंघन के लिए आप संबंधित विभाग में जाकर, कुछ आसान प्रक्रियाओं के माध्यम से सुधार सकते हैं: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
Globalisation के इस दौर में ये 12 फैसले MSME को सुदृढ़ कर, एक नया अध्याय लिखेंगे: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
जब मेरी टीम ये दायित्व निभाएगी, इतना परिश्रम करेगी, तो मेरा भी तो मन करता है उनके इस परिश्रम में अपना भी थोड़ा सा योगदान करने का।
— PMO India (@PMOIndia) November 2, 2018
इसलिए ऐसे 100 जिले जहां MSMEs के साथ एक विरासत, एक Specialization जुड़ी है, वहां पर हो रहे कार्यों की समीक्षा मैं खुद करूंगा: PM @narendramodi
जो टीम, जमीन पर काम कर रही है, उसके साथ मिलकर अगले 100 दिन तक मेरी देखरेख में Monitoring का काम किया जाएगा। मैं भी आपके साथ कंधे से कंधा मिलाकर चलूंगा: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
भारत के MSMEs, आप सभी वास्तव में Aspirational India, आकांक्षी India हैं, महत्वाकांक्षी India हैं। आपको अपनी मेहनत के परिणाम सामने दिखते हैं। इसी मेहनत से कमाई बढ़ती है और यही MSMEs बीज बनकर भविष्य में बड़े उद्यम बनते हैं और नए उद्यमों को स्फूर्ति देते हैं, पोषण करते हैं: PM
— PMO India (@PMOIndia) November 2, 2018
MSMEs सरकार की उस भावना के प्रतीक हैं जिसके मूल में Job Seeker की जगह, Job Creater बनाना है। आप सिर्फ उद्ममी ही नहीं हैं, New India के महत्वपूर्ण निर्माताओं में से एक हैं: PM @narendramodi
— PMO India (@PMOIndia) November 2, 2018
मुझे उम्मीद है कि ये अभियान छोटे उद्योगों के लिए फायदेमंद होगा और देश भर के MSMEs इन सभी फैसलों से लाभान्वित होगें।
— PMO India (@PMOIndia) November 2, 2018
मुझे ये भी भरोसा है कि छोटे उद्यम ही आगे चलकर देश की औद्योगिक क्रांति को एक नया रूप, नया आयाम देंगे और Technology driven clean business की आधारशिला बनेंगे: PM
Accelerating India's growth. Addressing the Support and Outreach Initiative for the MSME sector. https://t.co/dpMu2rVDyb
— Narendra Modi (@narendramodi) November 2, 2018
Access to credit is a major challenge for the MSME sector.
— Narendra Modi (@narendramodi) November 2, 2018
In order to mitigate this challenge, delighted to share that through a portal, a loan upto Rs. 1 crore would be available in 59 minutes…yes, 59 minutes!
Let there be no limitations for India’s entrepreneurial energy! pic.twitter.com/1PlCgAeBJQ
Lower interest, higher exports…a win-win for MSMEs.
— Narendra Modi (@narendramodi) November 2, 2018
Subvention benefits on incremental and new loans, higher shipment credit for GST registered MSMEs. pic.twitter.com/NOjttOwn2Z
Solving the challenge of cash flows for MSMEs.
— Narendra Modi (@narendramodi) November 2, 2018
It was been decided that all CPSEs and Corporates having a turnover of more than Rs. 500 crore must be on the Trade Receivables e-Discounting System or the TReDS Platform. pic.twitter.com/N97ANqrvJO
Expanding the market for MSMEs, ensuring that their customer base also widens.
— Narendra Modi (@narendramodi) November 2, 2018
Now, a mandatory 25% of all procurements by CPSEs must be from MSMEs. pic.twitter.com/sb9MhuOpXz
A boost to Nari Shakti, creating favourable opportunities for women entrepreneurs. pic.twitter.com/SU1utkZZQ8
— Narendra Modi (@narendramodi) November 2, 2018
The Government e-Marketplace (GeM) is an excellent platform, offering customers and convenience for MSMEs.
— Narendra Modi (@narendramodi) November 2, 2018
Announced today that all CPSEs will have to be a part of GeM. pic.twitter.com/qQJt3iIOQ6
Comprehensive package of Rs. 6000 crore to ensure 20 hubs, state-of-the-art tool-rooms and more. pic.twitter.com/m9K5LPzPgF
— Narendra Modi (@narendramodi) November 2, 2018
Simplifying processes, making business easier.
— Narendra Modi (@narendramodi) November 2, 2018
Now, returns due to 8 Labour Laws and 10 rules to be filed only once instead of the earlier twice pic.twitter.com/omapi1SeDO
Freeing the MSME sector from Inspector Raj. pic.twitter.com/uXbpuBcfr7
— Narendra Modi (@narendramodi) November 2, 2018
Placing unparalleled faith in our MSME sector.
— Narendra Modi (@narendramodi) November 2, 2018
Simplifying processes for Environmental Clearances and 'Consent to Establish’ through steps such as self-certification. pic.twitter.com/Ng3t1jTG4x
Know how an ordinance makes things much better for the MSME sector. pic.twitter.com/O0e8rY03HJ
— Narendra Modi (@narendramodi) November 2, 2018