Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী কৌশল প্ৰস্তুত কৰাৰ বাবে ছাৰ্ক ৰাষ্ট্ৰসমূহক আহ্বান প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী কৌশল প্ৰস্তুত কৰাৰ বাবে ছাৰ্ক ৰাষ্ট্ৰসমূহক আহ্বান জনাইছে৷ তেওঁ লগতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই কৌশলবোৰৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে ছাৰ্ক ৰাষ্ট্ৰসমূহক একেলগ হৈ বিশ্বত এক নিদৰ্শন দাঙি ধৰাৰ লগতে এক সুস্থ পৃথিৱীৰ প্ৰতি বৰঙণি আগবঢ়োৱাৰ পৰামৰ্শ আগবঢ়ায়৷

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষিণ এছিয়া, য’ত বিশ্বৰ এক বৃহৎ সংখ্যক লোকে বাস কৰে, ইয়াৰ লোকসকলৰ সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে চৰকাৰে কভিদ-১৯ ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে সকলো প্ৰকাৰৰ পদক্ষেপ হাতত লৈছে৷

******

VRRK/AK/DB