Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কৰ্মচাৰী ব্যৱস্থাপনা আৰু জন প্ৰশাসনৰ ক্ষেত্ৰত ভাৰত আৰু ছিংগাপুৰৰ মাজত সহযোগিতাৰ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কৰ্মচাৰী ব্যৱস্থাপনা আৰু জন প্ৰশাসনৰ ক্ষেত্ৰত ভাৰত আৰু ছিংগাপুৰৰ মাজত সহযোগিতাৰ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনায়।

মুল বৈশিষ্ট্যসমূহঃ

এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে প্ৰশাসনৰ বৰ্তমানৰ ব্যৱস্থা, বিশেষকৈ কৰ্মশক্তি, কৰ্মস্থলী আৰু চাকৰি, ৰাইজৰ সেৱা প্ৰদান, মানৱ সম্পদ ব্যৱস্থাপনা, ৰাজহুৱা খণ্ডৰ সংস্কাৰ, নেতৃত্ব/প্ৰতিভা উন্নয়ন আৰু ই-প্ৰশাসন/ডিজিটেল প্ৰশাসনৰ উন্নয়ন ঘটোৱা।

লাভালাভঃ

এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজত জন প্ৰশাসন আৰু প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত সহযোগিতামুলক পৰিকাঠামো গঢ়ি তোলাত সহায় কৰিব

ইয়াৰ লক্ষ্য হৈছে জন প্ৰশাসন, সু-প্ৰশাসন আৰু জন সেৱা সংস্কাৰ, যাৰা দ্বাৰা ব্যাপক হাৰত ৰাইজৰ প্ৰতি দায়ৱদ্ধতা সুনিশ্চিত কৰাৰ লগতে উৎকৰ্ষ সাধান কৰা

তদুপৰি, ইয়াৰ দ্বাৰা অভিনৱ পদ্ধতি অৱলম্বন কৰাৰ লক্ষ্য লোৱা হৈছে, যাতে অনলাইনৰ মাধ্যমত জনতাক সেৱা প্ৰদানেৰে জন প্ৰশাসনত উৎকৰ্ষ সাধন কৰা।

***

AKT/VBA/SH/DB