Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

খনি সুৰক্ষা, পৰীক্ষা আৰু গৱেষণাগাৰৰ ক্ষেত্ৰত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত সম্পন্ন বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনৰ খনি সুৰক্ষা সঞ্চালক প্ৰধান (ডিজিএমএছ) আৰু অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড চৰকাৰৰ প্ৰাকৃতিক খনি আৰু শক্তি উৎস বিভাগৰ মাজত খনি সুৰক্ষা, পৰীক্ষী আৰু গৱেষণাগাৰৰ যোগেদি প্ৰস্তাৱিত বুজাবুজি চুক্তিলৈ যাৱতীয় অনুমোদন জনাইছে।

প্ৰভাৱ –

এই বুজিবুজি চুক্তিয়ে নিম্নোক্ত দিশসমূহত DGMS আৰু SIMTARS ৰ মাজত এক অংশীদাৰীত্ব স্থাপন কৰাত সহায় কৰিব –

  • আপদভিত্তিক সুৰক্ষা ব্যৱস্থাপনা ব্যৱস্থা, প্ৰশিক্ষণ প্ৰদান আদি কাৰ্যকৰীকৰণ
  • সন্মিলন, আলোচনাচক্ৰ আৰু অন্যান্য কাৰিকৰী বৈঠকৰ আয়োজন, সুৰক্ষা আৰু স্বাস্থ্যসেৱা একাডেমী স্থাপন আৰু ৰাষ্ট্ৰীয় খনি আপদ কেন্দ্ৰ স্থাপন, আৰু
  • DGMSR&D পৰীক্ষাগাৰৰ আধুনিকীকৰণ

ৰূপায়ন কৌশল –

এই বুজাবুজি চুক্তিখন স্বাক্ষৰিত হোৱা দিনৰে পৰাই ফলপ্ৰসূ হ’ব আৰু ই অনাগত তিনিবছৰৰ বাবে কাৰ্যকৰী হৈ থাকিব।

পটভূমি –

সমগ্ৰ বিশ্বৰ ভিতৰতে খনিত হোৱা দুৰ্ঘটনা অষ্ট্ৰেলিয়াত সৰ্বনিম্ন। বিপদাশংকাৰ পূৰ্বানুমান আৰু অসুবিধা চিনাক্তকৰণ পদ্ধতিৰ ব্যৱহাৰেৰে খনি খণ্ডৰ বাবে সুৰক্ষা ব্যৱস্থাপনা পৰিকল্পনা ভিত্তিক আপদ ব্যৱস্থাপনা আৰু ৰূপায়নৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া বিশ্বৰ ভিতৰতে অগ্ৰণী দেশ হিচাপে বিবেচিত হৈ আহিছে। ইফালে SIMTARS ক খনি সুৰক্ষা ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষভাৱে দক্ষ বুলিও জনা যায়।

*****

AKT/RD