পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুস্থিত কেবিনেট বৈঠকত ভাৰত আৰু ডেনমাৰ্কৰ মাজত ২০১৮ৰ ১৬ এপ্ৰিলত খাদ্য নিৰাপত্তা সহযোগিতাৰ দিশত স্বাক্ষৰিত পূৰ্বপ্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়।
লাভালাভঃ
এই বুজাবুজি চুক্তিয়ে দুয়ো দেশৰ সম্পৰ্ক, পাৰস্পৰিক বুজাপৰা আৰু বিশ্বাসক আৰু অধিক শক্তিশালী কৰিব। এই চুক্তিয়ে খাদ্য নিৰাপত্তাৰ ক্ষেত্ৰত দুয়ো দেশত উন্নত অনুশীলনৰ প্ৰচাৰৰ লগতে এই ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ দ্ৰুত সমাধানত বুজাবুজিক সুদৃঢ় কৰিব।
এই বুজাবুজি চুক্তি নিৰাপত্তাৰ মান উন্নয়নত সহায় কৰাৰ বাবে এই ক্ষেত্রত প্রচলিত আটাইতকৈ উন্নত পদ্ধতি তথা গুৰুত্বপূর্ণ খাদ্য সামগ্ৰীৰ বাণিজ্যিক লেনদেন আৰু বৃদ্ধি কৰিব।
*****
AKT/VBA/SH/DB