Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

খো খো বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় পুৰুষ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় পুৰুষ দলটোক খো-খো বিশ্বকাপ বিজয়ী হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সাহস আৰু নিষ্ঠাৰ প্ৰশংসা কৰে।

এক্সত এটা পোষ্টত তেওঁ লিখেঃ

‘ভাৰতীয় খো-খোৰ বাবে আজি এটা ডাঙৰ দিন।

খো-খো বিশ্বকাপৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় পুৰুষৰ খো-খো দলক লৈ অতিশয় গৌৰৱ অনুভৱ কৰিছো। তেওঁলোকৰ সাহস আৰু নিষ্ঠা প্ৰশংসনীয়। এই বিজয়ে যুৱক-যুৱতীসকলৰ মাজত খো-খোক অধিক জনপ্ৰিয় কৰি তোলাত অৰিহণা যোগাব।”

***

MJPS/SR/DB