Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গান্ধীনগৰত বিভিন্ন সমবায় প্ৰতিষ্ঠানৰ নেতৃবৃন্দৰে অনুষ্ঠিত আলোচনা সভাত প্ৰধানমন্ত্ৰীৰ ভাষ

গান্ধীনগৰত বিভিন্ন সমবায় প্ৰতিষ্ঠানৰ নেতৃবৃন্দৰে অনুষ্ঠিত আলোচনা সভাত প্ৰধানমন্ত্ৰীৰ ভাষ


প্ৰধানমন্ত্ৰীয়ে আজি গান্ধীনগৰত বিভিন্ন সমবায় প্ৰতিষ্ঠানৰ নেতৃবৃন্দৰ উপস্থিতিত অনুষ্ঠিত এক আলোচনাত ভাষণ প্ৰদান কৰাৰ লগতে কালোলৰ ‘ইফকো’ চৌহদত স্থাপন কৰা এটা ‘নেনো ইউৰীয়া(জুলীয়া) প্ৰকল্প’ৰো দ্বাৰ উন্মোচন কৰে। অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ড০ মনসুখ মাণ্ডৱীয়া, বহুকেইগৰাকী সাংসদ, গুজৰাট চৰকাৰৰ মন্ত্ৰীবৃন্দ, বিধায়কগণ আৰু বিভিন্ন সমবায় প্ৰতিষ্ঠানৰ বহু সংখ্যক নেতাই অংশগ্ৰহণ কৰে।

‘মহাত্মা মন্দিৰ’ত আজি সমবেত হোৱা বহু সহস্ৰ কৃষকক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে। তেওঁ কয় “গাঁওসমূহৰ স্বনিৰ্ভৰশীলতাৰ বাবে সমবায় উত্তম মাধ্যম, ইয়াৰ আত্মৰনিৰ্ভৰ ভৰাতকো শক্তি প্ৰদানৰ সামৰ্থ্য আছে”। তেওঁ কয়, পূজ্য বাপু আৰু পেটেলে গাঁওসমূহলৈ স্বনিৰ্ভৰশীলতা অনাৰ পথ দেখুৱাই থৈ গৈছে। সেই পথকে অনুসৰণ কৰি আমি আজি আৰু এখোজ আগুৱাই গৈ এক আদৰ্শ সমবায় গাঁও বিকশিত কৰাৰ দিশত আগবাঢ়িছো। গুজৰাটৰ ছখন গাঁও নিৰ্বাচিত কৰা হৈছে য’ত সমবায় সংক্ৰান্তীয় সকলো ধৰণৰ কৰ্মকাণ্ড ৰূপায়িত কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

একেদৰে, প্ৰধানমন্ত্ৰীয়ে কালোলৰ ‘ইফকো চৌহদ’ত স্থাপন কৰা ‘নেনো ইউৰীয়া(জুলীয়া) প্ৰকল্প’টো উদ্বোধন কৰি আনন্দিত হোৱাৰ কথা ব্যক্ত কৰে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে এবস্তা ইউৰীয়াৰ শক্তি এতিয়া আধা লিটাৰৰ একোটা বটলতে সামৰি ল’ব পৰা হৈছে, ইয়াৰ ফলত পৰিবহণ আৰু মজুতকৰণৰ বাবে হ’বলগীয়া বিশাল পৰিমাণৰ ব্যয় ৰোধ কৰিব পৰা হ’ব। নতুনকৈ স্থাপন কৰা প্ৰকল্পটোত প্ৰতিদিনে ৫০০মিলিলিটাৰৰ প্ৰায় ১.৫ লাখটা বটল উত্পাদন কৰিব পৰা যাব। আগন্তুক দিনত দেশৰ বিভিন্ন প্ৰান্তত এনে ৮টা প্ৰকল্প স্থাপন কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এইসমূহ প্ৰকল্পত উত্পাদন আৰম্ভ হ’লেই বিদেশৰ ওপৰত কৰি অহা নিৰ্ভৰশীলতা কমি আহিব বুলিও তেওঁ উল্লেখ কৰে।

ভাৰত পৃথিৱীৰ দ্বিতীয় সৰ্বাধিক ইউৰীয়া ব্যৱহাৰকাৰী দেশ যদিও, উত্পাদনৰ বেলিকা ইয়াৰ স্থান তৃতীয়হে। ২০১৪ চনত চৰকাৰ গঠনৰ পিচৰ পৰাই ১০০% হাৰত ‘নীম কোটিং’-ৰ পদক্ষেপ গ্ৰহণ কৰি দেশত ইউৰীয়াৰ নাটনি ৰোধৰ প্ৰয়াস কৰা হৈছিল। সমান্তৰাল ভাবে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, আৰু তেলেংগাণাত বন্ধ হৈ থকা ৫টা সাৰ কাৰখানা পুনৰ উত্পাদনক্ষম কৰি তোলাৰো পদক্ষেপ গ্ৰহণ কৰা হয়। ইয়াৰে উত্তৰ প্ৰদেশ আৰু তেলেংগাণাৰ প্ৰকল্প দুটাত ইতিমধ্যে উত্পাদন আৰম্ভ হৈছে বুলি তেওঁ তথ্য দাঙি ধৰে।

ভাষণ প্ৰসংগত তেওঁ, “অধিক দাম, মহামাৰী আৰু যুদ্ধৰ ফলত গোলকীয় বজাৰত হোৱা নাটনি আদিয়ে দেশৰ কৃষকক কষ্ট দিবলৈ দিয়া নাই” বুলিও মন্তব্য কৰে।

ইফালে, যোৱাটো বছৰত কেন্দ্ৰীয় চৰকাৰে সাৰৰ বাবদ ১লাখ ৬০হাজাৰ কোটি টকাৰ ৰাজসাহায্য আগবঢ়াইছিল, এইবাৰ এই পৰিমাণ ২ লাখ কোটিৰো অধিক হ’বগৈ বুলি জানিবলৈ দিয়ে। তেওঁ কয়, “দেশৰ কৃষকসকলৰ স্বাৰ্থৰ বাবে যিয়েই প্ৰয়োজনীয় হৈছিল সেয়া কৰা হৈছিল আৰু আগলৈকো কৃষকসকলক শক্তিশালী কৰি তোলাৰ বাবে সকলোখিনিয়েই কৰি যাম”।

ইফালে, “আত্মনিৰ্ভৰশীলতা অৰ্জনৰ ক্ষেত্ৰত ভাৰতে সন্মুখীন হোৱা বহু সমস্যাৰ সমাধান সমবায়” বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে “সমবায়ক আত্মনিৰ্ৰ্ভৰশীলতাৰ উত্তম আৰ্হি” বুলিও অভিহিত কৰে।

তেওঁ ‘অমৃত কাল’ৰ ভাৱনাৰ সৈতে সমবায়ক সংযোজিত কৰাৰ দিশত চৰকাৰে নিৰন্তৰ ভাবে খোজ আগবঢ়াই আহিছে বুলিও প্ৰসংগক্ৰমে উল্লেখ কৰে।

 

***

DS/AK/KB