Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটত আবতৰীয়া বৃষ্টিপাত আৰু ধুমুহাত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত আবতৰীয়া বৃষ্টিপাত আৰু ধুমুহাত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি গভীৰ শোক ব্যক্ত কৰিছে৷

“গুজৰাটৰ ভিন্ন প্ৰান্তত আবতৰীয়া বৃষ্টিপাত আৰু ধুমুহাত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাবলগীয়া হোৱাত মই মৰ্মাহত৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো৷ বিভাগীয় কৰ্তৃপক্ষই সুক্ষ্মভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে৷ ক্ষতিগ্ৰস্তসকলক পাৰ্যমানে সহযোগিতা আগবঢ়োৱা হৈছে৷”, —প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ পৰিয়াললৈ ৰাষ্ট্ৰীয় সাহায্য পুজিৰ পৰা ২ লাখকৈ টকা আগবঢ়াব বুলিও ঘোষণা কৰে৷ আনহাতে, আহতসকলক চৰকাৰে ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰিব৷

*****

AKT/ VJ/MS