পি এম ইণ্ডিয়া
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰত মোৰ সহকৰ্মী অশ্বিনী বৈষ্ণৱ, মাইক্ৰন টেকন’লজিৰ চিইঅ’ সঞ্জয় মেহৰোত্ৰা জী, ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰো, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী জী, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল।
বিশ্বৰ সৰ্ববৃহৎ আৰু সফল এআই সন্মিলনৰ পিছত আজি আমি ইয়াত আন এক ঐতিহাসিক মাইলৰ খুঁটিৰ সাক্ষী হৈছো। এআই সন্মিলনে ভাৰতৰ এআই সম্ভাৱনাৰ সৈতে বিশ্বৰ সৈতে পৰিচয় কৰাই দিয়াৰ বিপৰীতে আজি প্ৰযুক্তিৰ নেতৃত্বৰ বিষয়ত ভাৰতৰ দায়বদ্ধতাৰ আন এক প্ৰমাণ দাঙি ধৰিছে।
বন্ধুসকল,
বহু আগৰ কথা নহয়; ১০-১১ বছৰ আগলৈকে ভাৰতত ডাটা আৰু চিপৰ বিষয়ে আলোচনা অতি কম পৰিসৰত হৈছিল। প্ৰযুক্তিৰ কথা আহিলে আমাৰ আলোচনা প্ৰায়ে আই টি সেৱাৰ বিষয়তে বহুলাংশে আবদ্ধ আছিল। আৰু চাওক আজি, চফটৱেৰৰ বাবে পৰিচিত ভাৰতে এতিয়া হাৰ্ডৱেৰৰ ক্ষেত্ৰতো নিজৰ পৰিচয় শক্তিশালী কৰি তুলিছে। আজি সানন্দত আমি দেখিবলৈ পাইছো এক নতুন ভৱিষ্যতৰ উত্থান। মাইক্ৰনৰ এই এ টি এম পি সুবিধাত বাণিজ্যিক উৎপাদন আৰম্ভ হোৱাটোৱে বিশ্ব প্ৰযুক্তি মূল্য শৃংখলত ভাৰতৰ ভূমিকা শক্তিশালী কৰিবলৈ গৈ আছে।
বন্ধুসকল,
আজি ভাৰত অতি দ্ৰুতগতিত বিশ্বৰ অৰ্ধপৰিবাহী মূল্য শৃংখলৰ অংশ হিচাপে পৰিগণিত হৈছে। মাইক্ৰনৰ সমগ্ৰ দলটোলৈ, ভূপেন্দ্ৰ ভাইৰ নেতৃত্বত পৰিচালিত গুজৰাট চৰকাৰলৈ আৰু সকলো অভিযন্তা, কাৰিকৰীবিদ আৰু শ্ৰমিকলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ।
বন্ধুসকল,
মাইক্ৰনৰ এই সুবিধা ভাৰতৰ নতুন গতিৰ এক সুন্দৰ উদাহৰণ। আজিৰ ভাৰতবৰ্ষই নীতিৰ পৰা উৎপাদনলৈ যি দৃষ্টিভংগীৰে আগবাঢ়িছে, সেয়া ইয়াত প্ৰতিফলিত হৈছে। আপোনালোকৰ মনত হয়তো আছে, ২০২৩ চনৰ জুন মাহত এই সুবিধাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ পিছত ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত এই সুবিধাৰ ভূমি পূজন সানন্দত কৰা হৈছিল। তাৰ পিছত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াৰ পাইলট ফেচিলিটিত মেচিন স্থাপন কৰিবলৈ আৰম্ভ কৰা হৈছিল। আৰু আজি ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত এই সুবিধাত বাণিজ্যিক উৎপাদন আৰম্ভ হৈছে।
বন্ধুসকল,
যিয়ে এই খণ্ডটোলৈ চাব বা বুজিব তেওঁ এই গতিৰ অৰ্থ জানিব পাৰিব। আনকি বিশ্বৰ উন্নত দেশসমূহতো এডভান্সড প্ৰাইচিং এগ্ৰিমেণ্টৰ দৰে চুক্তিৰ ক্ষেত্ৰত ৩ৰ পৰা ৫ বছৰ সময় লাগে। এয়া এটা অতি জটিল প্ৰক্ৰিয়া। কিন্তু ভাৰতে মাত্ৰ কেইমাহমানৰ ভিতৰতে সেয়া সম্পূৰ্ণ কৰিছে। যেতিয়া উদ্দেশ্য স্পষ্ট হয় আৰু সমৰ্পণ দেশৰ দ্ৰুত উন্নয়নৰ দিশত হয়, তেতিয়া নীতিও স্পষ্ট হৈ পৰে আৰু সিদ্ধান্ততো গতি অনিবাৰ্যভাৱে আহি পৰে।
বন্ধুসকল,
মাইক্ৰনৰ নেতৃত্বৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছো; বন্ধু সঞ্জয়ক যিমানেই অভিনন্দন নজনাও কিয়, সেয়া যথেষ্ট নহয়। আজি সঞ্জয়ে মোক আচৰিত কৰিলে, কাৰণ সঞ্জয়ক লগ পালে খুব কম কথা কয়; আজি তেওঁৰ ভাষণ শুনাৰ পিছত আন এজন সঞ্জয়ৰ লগত চিনাকি হ’লোঁ৷ তেওঁ ভাৰতৰ প্ৰতি অহৰহ আস্থা বজাই ৰাখিছে। ভাই সঞ্জয় জীক বিশেষ প্ৰশংসা কৰিম; মোৰ মনত আছে যে বিগত বছৰবোৰত আমি যেতিয়াই লগ পাইছিলো তেতিয়াই তেওঁ ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ সন্দৰ্ভত অতি উৎসাহ প্ৰদৰ্শন কৰিছিল। আজি তেওঁৰ নেতৃত্ব, ভাৰতৰ প্ৰতি তেওঁৰ আস্থাই যেন ভাৰতক এক নতুন উচ্চতাত উপনীত কৰোৱাইছে। ভাৰতত নিযুক্তি পোৱাৰ পিছত ৰাষ্ট্ৰদূত গোৰোৱেও হয়তো প্ৰথমবাৰৰ বাবে গুজৰাটলৈ আহিছে। আৰু তেওঁ আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰদূত হোৱাৰ পিছত আজি তেওঁৰ সৈতে মোৰ প্ৰথম সাক্ষাৎ হৈছে। আমাৰ আতিথ্য আপোনালোকে সম্পূৰ্ণৰূপে উপভোগ কৰিব বুলি মোৰ বিশ্বাস।
বন্ধুসকল,
মাইক্ৰনৰ এই সুবিধা, আজিৰ কাৰ্যসূচী ভাৰত আৰু আমেৰিকাৰ মাজত শক্তিশালী সহযোগিতা আৰু অংশীদাৰিত্বৰ প্ৰমাণ। বিশেষকৈ এআই আৰু চিপছৰ দৰে প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ অংশীদাৰিত্ব অতি গুৰুত্বপূৰ্ণ। আজি সমগ্ৰ বিশ্বই মানৱতাৰ উন্নত ভৱিষ্যতৰ সৈতে জড়িত এই দুটা প্ৰযুক্তিৰ যোগান শৃংখল সুৰক্ষিত কৰিব বিচাৰিছে আৰু বিশ্বৰ দুখন বৃহৎ গণতন্ত্ৰ ভাৰত তথা আমেৰিকাই ইয়াৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। এ আই সন্মিলনৰ সময়ত ভাৰত আৰু আমেৰিকাৰ মাজত পেক্স চিলিকাৰ সৈতে জড়িত চুক্তিখন এই দিশত গ্ৰহণ কৰা আন এক পদক্ষেপ । আমাৰ ভাগ-বাটোৱাৰা কৰা প্ৰচেষ্টাই জটিল খনিজ পদাৰ্থৰ বিশ্বব্যাপী যোগান শৃংখলক অধিক সুৰক্ষিত ইয়াক আৰু অধিক নিৰ্ভৰযোগ্য কৰি তুলিব।
বন্ধুসকল,
২০ শতিকালৈকে বিশ্বই ঔদ্যোগিক বিপ্লৱৰ যুগ দেখিছিল। সেই সময়ত কাৰখানা, মেচিন আৰু উৎপাদনত আগবাঢ়ি থকা দেশবোৰে দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছিল। কিন্তু এই শতিকাটো হৈছে এ আই বিপ্লৱৰ শতিকা। অৰ্ধপৰিবাহী এই পৰিৱৰ্তনৰ ডাঙৰ দলং। সৰু চিপ হৈছে ঔদ্যোগিক বিপ্লৱ আৰু এআই বিপ্লৱ দুয়োটাকে সংযোগ কৰা মাধ্যম। যদি যোৱা শতিকাৰ নিয়ন্ত্ৰক আছিল তেল, তেন্তে এই শতিকাৰ নিয়ন্ত্ৰক হ’বলৈ গৈ আছে মাইক্ৰ’ চিপ।
বন্ধুসকল,
এই চিন্তাৰে ভাৰতে অৰ্ধপৰিবাহী খণ্ডত দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ল’লে। আপোনালোকৰ হয়তো মনত আছে, যেতিয়া বিশ্বই কোভিডৰ বিধ্বংসী লীলাৰ সৈতে যুঁজি আছিল, তেতিয়া ভাৰতে ছেমিকণ্ডাক্টৰ অভিযান ঘোষণা কৰিছিল। সেই সময়ছোৱাত ইয়াত বহি থকা বহু সহকৰ্মীয়ে, বিভিন্ন দলে, ইখনৰ পিছত সিখনকৈ সভা পৰিচালনা কৰি আছিল। মহামাৰীৰ সময়ত সকলো ছিন্নভিন্ন হৈ পৰা যেন লাগিছিল। কিন্তু আমি দৃঢ়তাৰে ৰোপণ কৰা বীজবোৰ এতিয়া গছ হৈ বাঢ়িছে আৰু ফল দিছে।
বন্ধুসকল,
এতিয়ালৈকে ছেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত মুঠ ১০টা প্ৰকল্প অনুমোদন হৈছে। ইয়াৰে মাইক্ৰনৰ উপৰি আৰু তিনিটা প্ৰকল্পটো অতি সোনকালে উৎপাদন আৰম্ভ হ’ব। আমি গঢ়ি তোলা অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰটো এটা অঞ্চলতে সীমাবদ্ধ নহয়; ই হৈছে সমগ্ৰ ভাৰতত । অৰ্থাৎ দেশৰ প্ৰতিটো প্ৰান্ততে উন্নত ভাৰতৰ নতুন টেক হাব গঢ়ি তোলা হৈছে। ইয়াত সানন্দৰ বাহিৰেও ঢোলেৰাতো এই বিষয়ত অতি বৃহৎ পৰিসৰত কাম চলি আছে। মাত্ৰ কেইদিনমানৰ আগতে উত্তৰ প্ৰদেশৰ নয়ডাতো এটা নতুন সুবিধাৰ কাম আৰম্ভ হৈছিল। অসম, ওড়িশা, পঞ্জাৱতো অৰ্ধপৰিবাহী গোটৰ কাম চলি আছে।
বন্ধুসকল,
আজি ভাৰতৰ পৰা সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ বাবে এটাই বাৰ্তা আছে যে ভাৰত সাজু, ভাৰত নিৰ্ভৰযোগ্য আৰু ভাৰতে যোগান ধৰে ।
বন্ধুসকল,
আপোনালোকে জানে যে অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ অৰ্থ কেৱল এটা কাৰখানাই নহয়। এই পৰিৱেশ তন্ত্ৰটো মেচিন নিৰ্মাতা, ডিজাইন অভিযন্তা, গৱেষণা প্ৰতিষ্ঠান, লজিষ্টিক নেটৱৰ্ক আৰু দক্ষ কাৰিকৰীবিদৰ দৰে বহু স্তৰেৰে গঠিত। সকলোৰে সমন্বয়ত এটা চিপ প্ৰস্তুত কৰা হয়। ভাৰতেও অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ সমগ্ৰ মূল্য শৃংখলৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। এইবাৰৰ বাজেটত আমি ভাৰত অৰ্ধপৰিবাহী অভিযান ২.০ ঘোষণা কৰিছো। ইয়াৰ উদ্দেশ্যও এয়াই । উৎপাদন বৃদ্ধিৰ লগে লগে ভাৰতৰ ভিতৰতে সামগ্ৰী, উপাদান আৰু সেৱাৰ চাহিদা বৃদ্ধি পাব। এয়াই আটাইতকৈ ডাঙৰ সুযোগ।
বন্ধুসকল,
ভাৰতৰ আন এটা ডাঙৰ সুবিধা হ’ল আমাৰ উৎপাদনৰ উচ্চাকাংক্ষা। ভাৰতৰ জনসংখ্যা অতি বৃহৎ, যিয়ে প্ৰথমবাৰৰ বাবে গেজেট ব্যৱহাৰকাৰী হৈ পৰিছে। ইলেক্ট্ৰনিকছেই হওক, অটোম’বাইলেই হওক, বা আন প্ৰযুক্তিয়েই হওক, ভাৰতত চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। অৰ্থাৎ মেক ইন ইণ্ডিয়া এতিয়া পূৰ্ণগতিত আগবাঢ়িছে। আমাৰ ইলেক্ট্ৰনিকছ খণ্ডলৈ নিজেই চাওক; যোৱা ১১ বছৰত ইলেক্ট্ৰনিকছৰ উৎপাদন আৰু ৰপ্তানি বহুগুণ বৃদ্ধি পাইছে। এতিয়া ভাৰতে দেশৰ ভিতৰতে উপাদানৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ সামগ্ৰীলৈকে সকলো নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে। ইলেক্ট্ৰনিকছৰ উপাদান নিৰ্মাণৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে অৰ্ধপৰিবাহীৰ ঘৰুৱা চাহিদাও সেই অনুসৰি বৃদ্ধি পাব। অৰ্থাৎ ভাৰতত বিনিয়োগ কৰাসকলৰ বাবে ঘৰুৱা বজাৰ আৰু বিশ্বৰ বজাৰ, দুয়োটা সুযোগেই আছে ।
সানন্দৰ এই সমগ্ৰ অঞ্চলটোৰ প্ৰতি মোৰ এক বিশেষ মোহ আছে। সানন্দ হৈছে সেই ভূমি যিয়ে আনকি মাটিকো সোণলৈ ৰূপান্তৰিত কৰে। এই কথা মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। যদি ইয়াত সানন্দৰ দুই এজন মানুহ বহি আছে – এটা সময় আছিল যেতিয়া মই ইয়ালৈ বাছেৰে আহিছিলো আৰু চাইকেলেৰে ইয়াৰ গলিবোৰত ঘূৰি ফুৰিছিলো; ই এখন সৰু চহৰ আছিল, মই ইয়াৰ পৰাই চাইকেলত উঠিছিলোঁ, অৰ্থাৎ এক প্ৰকাৰে এইটোৱেই মোৰ বহুদিনৰ পৰা কামৰ ক্ষেত্ৰ আছিল । চকুৰ সন্মুখতে সানন্দক সলনি হোৱা দেখিছোঁ। কোনোবা যুগৰ এখন সৰু চহৰ আজি অতি ডাঙৰ চহৰলৈ ৰূপান্তৰিত হৈছে। আৰু ক’ৰ পৰা আৰম্ভ হ’ল—এটকীয়া এছএমএছ, এক টকীয়া। মই ৰতন টাটা জীলৈ এটা এছএমএছ পঠিয়াইছিলোঁ: স্বাগতম স্বাগতম, স্বাগতম লিখিছিলোঁ। এক টকাৰ বিনিয়োগ – চাওক এই বাৰ্তাটোৱেই কি কৰিব পাৰিলে।
বন্ধুসকল,
এটা গাড়ীৰ কাৰখানাৰ পৰা দেশৰ এটা ডাঙৰ অটোম’বাইল হাবলৈ পৰিণত হোৱা সানন্দৰ পৰিৱৰ্তন নিজৰ চকুৰে দেখিছোঁ৷ মোৰ মনত আছে, যেতিয়া ইয়ালৈ এটা ডাঙৰ অটোম’বাইল কোম্পানী আহিছিল, তেতিয়া ইয়াৰ লগে লগে সমগ্ৰ পৰিৱেশ তন্ত্ৰটোও বিকশিত হৈছিল। এটা কোম্পানী অহাৰ লগে লগে বহু আনুষংগিক গোট ইয়ালৈ আহিল। যোগানকাৰীৰ নেটৱৰ্ক স্থাপন হ’ল, স্থানীয় উদ্যোগ শক্তিশালী হ’ল আৰু নিয়োগ তথা বিনিয়োগ দুয়োটা বৃদ্ধি পালে। মই, দেশ আৰু বিশ্বৰ পৰা ইয়াত কাম কৰিবলৈ অহা সহকৰ্মীসকলক কওঁ – এয়া সঁচা যে এখন সৰু চহৰে হঠাতে বিশ্বৰ মানচিত্ৰত নিজৰ স্থান দখল কৰিছে।
বন্ধুসকল,
আপোনালোকে বিচৰা জীৱনশৈলী, বিচৰা সামাজিক জীৱন, জীৱন যাপন কৰিব বিচৰাৰ ধৰণ – সেয়াও যোগান ধৰিব, কাৰণ এইখন গুজৰাট । আমি আপোনালোকক কোনো অভাৱ অনুভৱ কৰিবলৈ নিদিওঁ। এতিয়া একেদৰেই মাইক্ৰনৰ এই অগ্ৰণী সুবিধাটোৱেও নতুন পৰিৱেশ তন্ত্ৰৰ সম্প্ৰসাৰণ ঘটাবলৈ ওলাইছে। আগন্তুক সময়ত সানন্দে অৰ্ধপৰিবাহী খণ্ডতো নিজৰ সফলতাৰ এক নতুন অধ্যায় লিখিব পাৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।
বন্ধুসকল,
মাইক্ৰনৰ ডি-ৰাম আৰু নণ্ড (NAND)চলিউছনসমূহে সমগ্ৰ বিশ্বৰ ডাটা চেণ্টাৰ, এআই এপ্লিকেচন, মোবাইল ডিভাইচ, আৰু উন্নত কম্পিউটিং চিষ্টেমসমূহক শক্তি প্ৰদান কৰে। এতিয়া এইবোৰ , ঠিক ইয়াতেই, এই সানন্দৰ ভূমিত তৈয়াৰ কৰা হ’ব। ইয়াত উন্নত ৱেফাৰক উচ্চমানৰ মেম’ৰী আৰু ষ্ট’ৰেজ প্ৰডাক্টলৈ ৰূপান্তৰিত কৰা হ’ব। এই উদ্যোগটোত বৰ্তমান শ শ লোকে কৰ্মসংস্থাপন লাভ কৰিছে। আগন্তুক সময়ত ইয়াৰ আৰু অধিক সম্প্ৰসাৰণ হ’ব।
বন্ধুসকল,
আপোনালোকে ইয়াত নিৰ্মাণ কৰা ক্লীনৰুমৰ স্থান হ’ব বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ এ.টি.এম.পি. । ই প্ৰগতি আৰু প্ৰকৃতিৰ মাজৰ সমন্বয়ৰ এক উত্তম উদাহৰণ। নূন্যতম পানী খৰচ হ’ব পৰাকৈ আপোনালোকে যি ব্যৱস্থা কৰিছে সেয়াও প্ৰশংসনীয়।
বন্ধুসকল,
গুজৰাট চৰকাৰৰ নীতিৰো প্ৰশংসা কৰিম। গুজৰাটে অৰ্ধপৰিবাহী খণ্ডৰ বাবে যিবোৰ নীতি গ্ৰহণ কৰিছিল, সেইবোৰৰ লাভ এতিয়া দেখা গৈছে। ভূপেন্দ্ৰ ভাইৰ চৰকাৰৰ সক্ৰিয় পদক্ষেপৰ বাবে গুজৰাট প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। অনুমোদনেই হওক, ভূমি আবণ্টনৰ কথাই হওক, উপযোগীতাৰ দৰে প্ৰক্ৰিয়াক সহজ কৰি তোলাই হওক, ইয়াৰ ফলত গুজৰাটত বিনিয়োগকাৰীৰ আস্থা অধিক শক্তিশালী হৈছে। ঢোলেৰা আৰু সানন্দ আজি পশ্চিম ভাৰতৰ অৰ্ধপৰিবাহীৰ কেন্দ্ৰ হিচাপে বিকশিত হৈছে। কেৱল এয়াই নহয়, অৰ্ধপৰিবাহী খণ্ডৰ বাবে প্ৰয়োজনীয় ইনপুটৰ সৈতে জড়িত উদ্যোগসমূহো গুজৰাটত গঢ় লৈ উঠিছে। যেনে ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল উদ্যোগ, দক্ষতা কেন্দ্ৰ আৰু প্ৰশিক্ষণৰ পদক্ষেপ – এই সকলোবোৰে একেলগে গুজৰাটত কাম চলি আছে।
বন্ধুসকল,
ইয়াৰ দ্বাৰা ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক নতুন সুযোগৰ দুৱাৰ মুকলি হৈছে। আজি আমি প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছো। ভাৰতৰ ১০টা অৰ্ধপৰিবাহী উদ্যোগৰ উৎপাদন আৰম্ভ হোৱাৰ লগে লগে এই বহুগুণক প্ৰভাৱ এমএছএমই, ষ্টাৰ্টআপ আৰু ইলেক্ট্ৰনিক্স উদ্যোগৰ সমগ্ৰ মূল্য শৃংখলৰ ওচৰলৈ যাব। ভাৰত সক্ষম, ভাৰত প্ৰতিযোগিতামূলক, ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি এতিয়া বিশ্ববাসীলৈ বাৰ্তা গৈছে। ভাৰতৰ অংশীদাৰ আৰু বিশ্ব বিনিয়োগকাৰীসকলক আশ্বস্ত কৰিছো যে ভাৰত চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক, আমি সকলোৱে আপোনালোকৰ লগত আছো।
বন্ধুসকল,
ভৱিষ্যত প্ৰজন্মই যেতিয়া এই দশকলৈ উভতি চাব, তেতিয়া তেওঁলোকে গৌৰৱেৰে ক’ব যে ভাৰতে এই দশকত কিমান অগ্ৰগতি লাভ কৰিছিল। এই দশকটোৱেই ভাৰতৰ টেক ভৱিষ্যতৰ বাবে টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ব। আকৌ এবাৰ মাইক্ৰনৰ দল, গুজৰাট চৰকাৰ আৰু আপোনালোকক বহুত বহুত অভিনন্দন জনাইছো। ধন্যবাদ!
***
MJPS/VJ/DM
The inauguration of Micron’s semiconductor facility marks a milestone in India’s journey towards technology leadership.
— Narendra Modi (@narendramodi) February 28, 2026
https://t.co/6b9FBoBK8k
India, long known for its software strength, is now firmly establishing its identity in the hardware sector as well. pic.twitter.com/hvZxNFA3Da
— PMO India (@PMOIndia) February 28, 2026
Today, India is rapidly becoming an integral part of the global semiconductor value chain. pic.twitter.com/DAZafT4c3A
— PMO India (@PMOIndia) February 28, 2026
This century belongs to the AI revolution. pic.twitter.com/zt7Yksw7x4
— PMO India (@PMOIndia) February 28, 2026
If oil was the regulator of the last century, microchips will be the regulator of this century. pic.twitter.com/wU0PZTPk1v
— PMO India (@PMOIndia) February 28, 2026
India has just one message for investors around the world... pic.twitter.com/fkiHA5HjCd
— PMO India (@PMOIndia) February 28, 2026
The message has reached the world loud and clear:
— PMO India (@PMOIndia) February 28, 2026
India is Capable.
India is Competitive.
India is Committed. pic.twitter.com/e3f9o3mvzc