Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ আনন্দত আমুল চকলেটৰ কাৰখানা তথা অন্যান্য প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


 

মঞ্চত বিৰাজমান সকলো মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত হোৱা মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

কেম ছো? মই দেখিছোঁ যে ইমান ডাঙৰ পেণ্ডেলো সৰু হৈছে৷ তাত বহুতো লোকে ৰদত থিয় দি আছে৷ আপোনালোক সকলোৱে ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিয়াৰ বাবে আহিছে, ইয়াৰ বাবে মই আপোনালোকৰ ওচৰত অশেষ কৃতজ্ঞ৷ আজি প্ৰায় ১১০০ কোটি টকাৰ প্ৰকল্পৰ উদঘাটন, লোকাৰ্পন অথবা আধাৰশিলা স্থাপনৰ কাম কৰাৰ বাবে আপোনালোকে মোক সুযোগ প্ৰদান কৰিছে৷ আপোনালোকে মোক যি সন্মান প্ৰদৰ্শন কৰিছে, ইয়াৰ বাবে সমবায় আন্দোলনৰ সৈতে জড়িত মোৰ সকলো কৃষক পৰিয়ালক শ্ৰদ্ধাপূৰ্বক সেৱা জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

আজি বিশ্বৰ ৪০খনতকৈও অধিক দেশত আমুল ব্ৰেণ্ড, ইয়াৰ এক পৰিচয় স্থাপিত হৈছে৷ আৰু মই আচৰিত হৈছিলোঁ যেতিয়া কিছুমান দেশলৈ যোৱাৰ মই সুবিধা পাইছিলো তেতিয়া যিসকল প্ৰতিনিধিয়ে মোক সাক্ষাৎ কৰিবলৈ আহিছিল; তাৰে কিছুমান তাতে থকা ভাৰতীয় সমাজৰ লোক আছিল, কিছুমান তাৰে লোক আছিল, আৰু আহি মোক কৈছিল যে আমাৰ ইয়াতো আমুল সামগ্ৰীৰ যোগানৰ কিবা ব্যৱস্থা কৰক৷ আৰু এই কথা শুনি ইমানেই গৰ্ব হৈছিল যে কৃষকৰ সমবায় আন্দোলনৰ দ্বাৰা প্ৰায় সাত দশক নিৰৱচ্ছিন্ন পুৰুষাৰ্থৰ পৰিণামৰ ফলতেই আজি দেশত আৰু দেশৰ বাহিৰত আমুলে এক পৰিচয় লাভ কৰিছে, আমুল এক প্ৰেৰণা হৈ পৰিছে, আমুল অনিবাৰ্য হৈ পৰিছে৷ এই সিদ্ধি ক্ষুদ্ৰ নহয়৷ এয়া এক ডাঙৰ সাফল্য৷ এয়া কেৱল উৎপাদন কৰা এটা উদ্যোগ নহয়, এয়া কেৱল দুগ্ধ প্ৰক্ৰিয়াকৰণ কৰা প্ৰক্ৰিয়া নহয়, এয়া এক বৈকল্পিক অৰ্থ ব্যৱস্থাৰ মডেলো হয়৷

এফালে সমাজবাদী অৰ্থ ব্যৱস্থা, আনফালে পুঁজিবাদী অৰ্থ ব্যৱস্থা, এফালে শাসনৰ অধীন অৰ্থ ব্যৱস্থা, আনফালে ধনিক গোষ্ঠীৰ অধীনৰ অৰ্থ ব্যৱস্থা৷ বিশ্ব এই দুয়োটা ব্যৱস্থাৰ দ্বাৰা পৰিচিত৷ চৰ্দাৰ চাহাব দৰে মহাপুৰুষে সেই বীজ ৰোপণ কৰিছিল, সেয়া আজি তৃতীয় অৰ্থ ব্যৱস্থাৰ নমুনা হৈ উদ্ভাসিত হৈ উঠিছে, যি চৰকাৰৰ অধীন নহ, যি ধনিক শ্ৰেণীৰ অধীন নহ, সেয়া হব সমবায় আন্দোলন আৰু কৃষকৰ, নাগৰিকৰ, জনতা জনাৰ্দনৰ সমবায়েৰে অৰ্থ ব্যৱস্থা নিৰ্মিত হ, বৃদ্ধি হ, পালিত হব আৰু সকলোৱে ইয়াৰ অংশীদাৰ হব৷

এই অৰ্থ ব্যৱস্থা এনেকুৱা এক মডেল যি সমাজবাদ আৰু পুঁজিবাদক এক সাৰ্থক বিকল্প প্ৰদান কৰে৷ আমি সকলোৱে ভালদৰেই পৰিচিত যে স্বাধীনতাৰ প্ৰায় এবছৰ পূৰ্বে এই আমুলৰ এক বিধিগত ৰূপ প্ৰস্তুত হৈছিল, কিন্তু সমবায় আন্দোলন ইয়াৰ পূৰ্বেও আছিল৷ বহুত কম লোকে জানে যে যেতিয়া চৰ্দাৰ বল্লভ ভাই পেটেল আহমেদাবাদৰ পৌৰসভাৰ, সেই সময়ত পৌৰ নিগম নাছিল, নগৰপালিকা আছিল, সেই নগৰপালিকাৰ অধ্যক্ষৰ নিৰ্বাচন হৈছিল, সেই নগৰপালিকাৰ তেওঁ অধ্যক্ষ হৈছিল৷ আৰু দৰিয়াপুৰৰ পৰা নিৰ্বাচনত জয় লাভ কৰি আহিছিল যত আমাৰ কৌশিক ভায়ে জয়ী হৈছিল৷ আৰু চৰ্দাৰ চাহাব পৌৰসভাত মাত্ৰত এটা ভোটত জয়ী হৈ আহিছিল, এটা ভোটত৷ আৰু পিছলৈ তেওঁ অধ্যক্ষৰ পদত আসীন হয়৷

গুজৰাটত প্ৰথমবাৰলৈ নগৰ উন্নয়নৰ পৰিকল্পনা হব লাগে, নগৰ উন্নয়নৰ পৰিকল্পনা হব লাগে, এই ধাৰণা যেতিয়া চৰ্দাৰ চাহাব আহমেদাবাদ পৌৰসভাৰ অধ্যক্ষ আছিল তেতিয়া প্ৰথমবাৰলৈ গুজৰাটত প্ৰণয়ন হৈছিল৷ আৰু সেই সময়তেই তেওঁ সকলোতকৈ প্ৰথমে প্ৰয়োগ কৰিছিল cooperative housing society ৰ৷ সময়বায়ৰ ভিত্তিত গৃহ নিৰ্মাণৰ কাম, মধ্যবিত্ত পৰিয়ালসকলে ঘৰ লাভ কৰিলে৷ সেইসময়ত প্ৰীতম ৰায় দেশাই নামৰ এজন লোক আছিল, তেওঁক চৰ্দাৰ চাহাবে কাম দিছিল আৰু গুজৰাটত বৰদেশত প্ৰথম housing society নিৰ্মাণ হল যাৰ নেতৃত্ব, মাৰ্গদৰ্শন, ৰচনা চৰ্দাৰ চাহাবৰ নিৰ্দেশত প্ৰীতম ৰায় দেশায়ে কৰিছিল৷ আৰু ২৮ জানুৱাৰী ১৯২৭ চনত চৰ্দাৰ চাহাবে সেয়া উদঘাটন কৰিলে৷ আৰু উদঘাটনৰ সৈকে তেওঁ এক নতুন মডেলবিকাশৰ, এই কথাটো যাতে লোকে মনত ৰাখে সেয়ে প্ৰীতম ৰায় দেশাইক লৈ গৰ্ব কৰি তেওঁ এই ছচাইটীৰ নাম প্ৰীতম নগৰ ৰাখিছিল৷ আজিও আহমেদাবাদত প্ৰীতম নগৰ এই চৰকাৰী আন্দোলনৰ প্ৰথমটো সফল অৰ্থাৎ একপ্ৰকাৰে ইয়াত সফলতাৰ প্ৰথম স্মৃতি বিজড়িত আছে৷ আৰু ইয়াৰ সৈতে আগবাঢ়ি প্ৰতিটো ক্ষেত্ৰত সমবায়ৰ প্ৰবৃত্তিক বিশেষকৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ; কাৰণ সেইসময়ত বৃহৎ মহাৰাষ্ট্ৰ আছিল৷ এই সমগ্ৰ ক্ষেত্ৰত সমবায়এয়া ব্যৱস্থা নহয়, সমবায়এয়া কোনো নিয়মৰ মাজ বান্ধ খাই থকা ৰচনা নহয়, সমবায়এক সংস্কাৰৰ ৰূপত আমাৰ ইয়াত জনমানসত স্থিৰ হৈ থকা.. আৰু তাৰেই পৰিণাম যে আজি গুজৰাটৰ সমবায় আন্দোলনৰ সৈতে জড়িত লোক সমগ্ৰ দেশৰ বাবে এক মডেলৰ ৰূপত কাম কৰি আছে৷

আৰু আমুলৰ আগত উত্তৰ গুজৰাটে নিজৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ সাগৰ ডেইৰী নিৰ্মাণ হ, বনাস ডেইৰী নিৰ্মাণ হল৷ কেতিয়াবা কেতিয়াবা মই ভাবোঁ এই দৃষ্টিকোণ যদি আমাৰ ইয়াত সমবায়ৰ নেতৃত্ব প্ৰদান কৰা লোক নাথাকিলেহেঁতেন তেন্তে গুজৰাট যি দহ বছৰৰ সাত বছৰ আকালৰ পৰিস্থিতিত জীৱনযাপন কৰাৰ বাবে বাধ্য হৈছিল, সেইসময়ত সমস্যা বহু আছিল৷ আজি সেয়া কম হৈছে৷ সেই কৃষক, সেই পশুপালক এই সমস্যাৰ মাজেৰে কিদৰে জীৱন অতিবাহিত কৰিব৷ এই দুগ্ধ উৎপাদক মণ্ডলীয়ে কৃষকৰ সেই সমস্যাৰ সমাধান সন্ধান কৰিলে আৰু আকাল হোৱাৰ সময়তো পশুপালন আৰু গাখীৰ বেচি কৃষকে জীৱন অতিবাহিত কৰিছিল, পশুপালকে জীৱন অতিবাহিত কৰিছিল আৰু জীৱন এইদৰেই চলি গৈছিল৷

কিন্তু ইয়াৰ পিছতো এটা সময় আহিল, কিবা কাৰণবশতঃ গান্ধীনগৰত এনেকুৱা লোক আহিল যিয়ে এই সমবায় আন্দোলনৰ ডেইৰী উদ্যোগক বাধা প্ৰদান কৰা নিয়ম সৃষ্টি কৰিলে৷ কচ্ছসৌৰাষ্ট্ৰত এক প্ৰকাৰে ডেইৰী চলোৱা অসম্ভৱ হৈ পৰিল যত নেকি পশুপালন কচ্ছসৌৰাষ্ট্ৰত সকলোতকৈ অধিক আছিল৷

যেতিয়াই মই সেৱা প্ৰদান কৰাৰ সুযোগ পালো তেতিয়া মই ইয়াৰ ৰূপ সলনি কৰিলো৷ মই কলোপ্ৰতিটো স্থানকে উৎসাহিত কৰা যাওক৷ আৰু মই অনুভৱ কৰিছোঁ আজি প্ৰায় গুজৰাটৰ সকলো জিলাত পশুপালকৰ বাবে, কৃষকৰ বাবে, দুগ্ধ উৎপাদকৰ বাবে এক বৃহৎ অৱকাশৰ সৃষ্টি হৈছে৷

কিছুমান এনে লোক থাকে যি নিজকে বহুত জ্ঞানী বুলি ভাবে, বিদ্বান বুলি ভাবে আৰু যেতিয়াই তেওঁৰ পৰিসৰৰ বাহিৰৰ বস্তু আহে তেতিয়া তেওঁৰ মন, তেওঁৰ অহংকাৰে তাক স্বীকাৰ কৰাৰ প্ৰস্তুত নহয়৷ বিৰোধ কৰাৰ সাহস নহয় আৰু সেইবাবে তাৰ ঠাট্টামস্কৰা কৰা, পাতলীয়া কথা কোৱা, যাৰ আপুনি কল্পনাও কৰিব নোৱাৰে৷

এনেকুৱা লোক আছে আৰু মোৰ ভালকৈয়ে মনত আছে, যেতিয়া কচ্ছত হোৱাইট ডেজাৰ্ট ৰণোৎসৱৰ আৰম্ভণি কৰা হৈছিল, ৰণোৎসৱ বঢ়াই গৈ আছিলো, ভূমিকম্পৰ পিছত কচ্ছৰ অৰ্থনীতিক ভাইব্ৰেণ্ট কৰাৰ বাবে অনেক যোজনা প্ৰস্তুত কৰি আছিলো, তেতিয়া তাত এবাৰ ভাষণত মই কৈছিলো৷ মই কৈছিলো যে যিমানদূৰ মই জানো, উটৰ যি গাখীৰ থাকে তাত বহু অধিক পুষ্টি থাকে৷ আমাৰ সন্তানসকলৰ বিকাশৰ বাবে ই বহুত কামত আহিব পাৰে৷ মই নাজানো সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি দোষ কৰিলে, মই যলৈ যাওঁ, উটৰ গাখীৰক লৈ ঠাট্টামস্কৰা কৰা হ, কাৰ্টুন বনোৱা হ, অভব্য মন্তব্য প্ৰদান কৰা হল৷ আজি মই সুখী যে আমুলে উটৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা চকলেটৰ আজি বৃহৎ চাহিদা৷ আৰু মোক অলপ আগেয়ে ৰামসিং ভাইয়ে কলে যে উটৰ গাখীৰৰ মূল্য গাইৰ গাখীৰৰ মূল্যতকৈ দুগুণ হৈছে৷

কেতিয়াবাকেতিয়াবা অজ্ঞানবশতঃ মানুহে কি কৰে, এয়া তাৰে উদাহৰণ৷ এতিয়া মৰুভূমিৰ ভিতৰত উট পালন কৰা ব্যক্তিয়ে যেতিয়া ইমান ডাঙৰ এখন বজাৰ পাব তেতিয়া তেওঁৰ উপাৰ্জনৰ ই এক নতুন সম্বল হৈ পৰিব৷ আৰু মই সুখী যে আজি ইমান বছৰৰ পিছত আমুলে মোৰ এই সপোন বাস্তৱায়িত কৰিলে৷ পোষণৰ বাবে, পুষ্টিৰ বাবে আমাৰ দেশত কিবা এটা কৰাৰ আৱশ্যকতা আমি অনুভৱ কৰি আহিছোঁ৷

যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছিলো, তেতিয়াও মই পোষণ অভিযানক লৈ বহুতো আঁচনিৰ পদক্ষেপ গ্ৰহণ কৰিছিলো৷ কাৰণ মোৰ এয়া প্ৰত্যয় আছিল যে আমাৰ ইয়াত মাক আৰু সন্তান, যদি এওঁলোক সুস্থ হয় তেন্তে ভাৰত কেতিয়াও ৰুগীয়া হব নোৱাৰে, আমাৰ ভাৰতো সুস্থ হব পাৰে৷

মই আজি আন এটা কাৰণতো সুখী যে ইয়াত সৌৰ শক্তি আৰু সমবায় আন্দোলন, এই দুয়োটাৰে সংযোগ কৰোৱা হৈছে৷ যদি খেতিত শস্য উৎপন্ন হয় তেন্তে বিজুলীও উৎপন্ন হব৷ আৰু মই সেই কৃষকসকলক অভিনন্দন জনাইছোঁ, সেই ১১জন কৃষকে লগ হৈ সমবায় সৃষ্টি কৰি বিদ্যুৎ উৎপন্ন কৰিলে, খেতিত প্ৰয়োগ কৰিলে, ৰাজ্য চৰকাৰৰ নীতিৰ বাবে এতিয়া সেইসমূহ ক্ৰয় কৰা হৈছে৷ আৰু মোক কোৱা হৈছে যে এই সমবায়ৰ দ্বাৰা বছৰত ৫০,০০০ টকাৰ অতিৰিক্ত উপাৰ্জন হব৷ সমবায়ৰ ক্ষেত্ৰত এই চৰোত্তৰৰ ভূমিয়ে সদায়েই নতুন প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সাহস কৰে৷

ভাৰত চৰকাৰে তিনিটা গুৰুত্বপূৰ্ণ যোজনা প্ৰণয়ন কৰিছেএটা হল জনধন, দ্বিতীয়টো বনধন আৰু তৃতীয়টো গোবৰধন৷ জনধন, বনধন, গোবৰধন৷ জাবৰৰ পৰা ধন, পশুৰ যি বিষ্ঠা তাৰ পৰাও ধন আৰু গোবৰৰ পৰা গেছ প্ৰস্তুত কৰা, বিজুলী প্ৰস্তুত কৰা, সাৰ প্ৰস্তুত কৰা, আৰু মোৰ ভালকৈয়ে মনত আছে ডাকৰ উমৰেঠৰ কাষত আমাৰ এজন বৃহৎ উৎসাহী কাৰ্যকৰ্তা আছিল, তেওঁ ১০১২খন গাঁৱৰ পৰা সকলো গোবৰ সংগ্ৰহ কৰাৰ এক প্ৰকল্প আৰম্ভ কৰিলে৷ এক বৃহৎ গোবৰ গেছ প্লাণ্ট নিৰ্মাণ কৰি ওচৰপাজৰৰ গাঁওসমূহলৈ গেছ যোগান ধৰাৰ কাম তেওঁ সেইসময়ত কৰিছিল৷ আজিও যিদৰে ১১ জন কৃষকে একগোট হৈ সৌৰ পাম্পৰ জৰিয়তে বিদ্যুৎ উৎপাদনৰ কাম আৰু ইয়াক বিক্ৰী কৰাৰ কাম কৰিছে, খেতিও চলি থাকে আৰু সৌৰ খেতিও চলি থাকে; ঠিক সেইদৰে ১১১১ খন গাঁও একগোট হৈ এক ডাঙৰ উত্তম গোবৰ ধনৰ কামো অভিযানভিত্তিত কৰিব পাৰে৷

মই আজি চতোতৰৰ ভূমিলৈ আহিছোঁ, চৰ্দাৰ চাহাবৰ তপস্যাৰে, অনেক সমবায় ক্ষেত্ৰৰ মহাপুৰুষৰ তপস্যাৰে ইয়াত যি কাম, ইয়াত যি সংস্কাৰ হৈছে, মই আশা কৰিছোঁ যে অনাগত দিনসমূহত আমুলে পথ দেখাওক, আৰু এই গোবৰধন যোজনাক আমি সঁচা অৰ্থত স্বচ্ছ ভাৰতৰ অভিযানো হ, জাবৰৰ পৰা ধনো আহিব, পৰিষ্কাৰ শক্তিও পাম আৰু দেশলৈ বিদেশৰ পৰা যিবোৰ বস্তু আমদানি কৰিছোঁ, তাৰ প্ৰয়োজন নাথাকিব৷ আমি ইয়াক দেশ সেৱাৰ এক পথ মুকলি কৰিব পাৰিম৷ অনাগত দিনত এই কামটোও যদি ইয়াৰ লোকে কৰে তেন্তে দেশৰ বাবে এক বৃহৎ নমুনাৰ ৰূপ, কাম হব পাৰে, এয়া মোৰ বিশ্বাস৷

এতিয়া দুবছৰৰ পিছত আমুল ৭৫ বছৰীয়া হব৷ আৰু ২০২২ চনত ভাৰতৰ স্বাধীনতাৰো ৭৫ বৰ্ষ সম্পূৰ্ণ হব৷ মই দেখিছোঁ যে আমুল, কেতিয়াও থমকি নৰয়, এয়া আমুল নহয়৷ এয়া নতুন চিন্তা, নতুন কিবা কৰা, সাহস কৰা, এয়া আমুলৰ প্ৰকৃতিত আছে৷ ইয়াৰ সমগ্ৰ যি দলটো আছে, ইয়াৰ যি কৰ্ম সংস্কৃতি আছে, ইয়াক চম্ভালা যি পেছাদাৰী লোক আছে, ইয়াৰ যি সমবায় আন্দোলনৰ নেতা আছে, সকলোকে মই, কিয়নো মই ইয়াৰ সৈতে বৰ্ষজুৰি জড়িত, ইয়াক বুজাৰ বাবে মই সদায়েই প্ৰয়াস কৰিছোঁ৷ এয়া সাহসিক কৰ্ম, এয়া নতুন কাম কৰাৰ স্বভাৱ৷

মই আমুলত বহি থকা সকলো পেছাদাৰীলোকসকলক, আমুলৰ নেতৃত্ব প্ৰদান কৰা সমবায় আন্দোলনৰ সকলো নেতাক আজি এটা আহ্বান কৰিছোঁ৷ যেতিয়া আমুলৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হব আৰু যেতিয়া ভাৰতৰ স্বাধীনতাৰো ৭৫ বৰ্ষ সম্পূৰ্ণ হ; দুয়োটা বৰ্ষক মনোযোগ প্ৰদান কৰি আমুল কিবা নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰি নেকি? আৰু এয়া ৭৫ বছৰৰ ভিত্তিত আমি এনেকুৱা ৭৫ বছৰীয়া উদযাপন কৰিম যে, এতিয়াৰে পৰা আমাৰ হাতত দুইতিনি বছৰৰ সময় আছে৷ দেশৰ স্বাধীনতাৰ সময়ৰ পৰা আমি ৭৫ বছৰ পাইছোঁ৷ তেন্তে আমি এনে এক লক্ষ্য নিৰ্ধাৰণ কৰিম, আমাৰ যিমান লোক আমাৰ সৈতে জড়িত আছে, তেওঁলোকক লৈ দেশ আৰু বিশ্বক নতুন কিবা এটা প্ৰদান কৰিব পাৰি নেকি?

আজি সমগ্ৰ বিশ্বতে দুগ্ধ সংসাধনৰ ক্ষেত্ৰত আমি দহ নম্বৰত আছোঁ৷ যদি আমুলে বিচাৰে, এয়া সংকল্প লয় যে স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱাৰ সময়ত আমি দহ নম্বৰৰ পৰা আগুৱাই তিনি নম্বৰৰ স্থান লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়ো৷ মই এয়া সমস্যা যেন দেখা নাই৷

আমাৰ দেশত এনেকুৱা এটা সময় আছিল যেতিয়া আমি অভাৱত জীৱন নিৰ্বাহ কৰিছিলো৷ অভাৱৰ সমস্যাৰ সৈতে যুঁজিছিলো৷ আৰু তেতিয়া শাসনৰ নিৰ্ণয় প্ৰক্ৰিয়া, চিন্তা কৰাৰ প্ৰক্ৰিয়া, কাম কৰাৰ প্ৰক্ৰিয়া ভিন্ন আছিল৷ এই সমস্যাসমূহৰ পৰা ক্ষীপ্ৰতাৰে ওলাই অহাটো দেশৰ বাবে অনিবাৰ্য হৈ পৰিছে৷ আজি আমাৰ সন্মুখত সংকটৰ অভাৱ নাই৷ আজি দেশৰ সন্মুখত প্ৰত্যাহ্বান আছে বিপুলতাৰ৷ ইমান বৃহৎ মাত্ৰাত কৃষকে উৎপন্ন কৰি আছে যে কেতিয়াবা কেতিয়াবা বজাৰ তল পৰি যায়, কৃষকৰ লোকচান হয় কিয়নো বিপুলতা অধিক হৈছে৷

পূৰ্বতে উৎপাদন কম হৈছিল, বাহিৰৰ পৰা ঘেঁহু আনি পেট প্ৰৱৰ্তাবলগীয়া হৈছিল৷ যেতিয়াই শ্বেত ক্ৰান্তি আৰম্ভ হ, কৃষি ক্ৰান্তি আৰম্ভ হ, দেশৰ অন্ন ভাণ্ডাৰ ভৰি পৰিল৷ কিন্তু এতিয়া আমাৰ আৱশ্যকতাতকৈও অধিক বস্তু আমাৰ সৈতে আছে৷ এই স্থিতিৰ উপায়, তাৰ সংসাধন, মূল্য সংযোজন আদি হয়৷ যদি আমি এই ডেইৰী উদ্যোগ বৃদ্ধি নকৰিলোহেঁতেন, গাখীৰৰ নতুন নতুন সংসাধন, নতুন নতুন সামগ্ৰী প্ৰস্তুত নকৰিলোহেঁতেন তেন্তে এই দুগ্ধ উৎপাদনৰ কামো কৃষকসকলে এৰি দিলেহেঁতেন, পশুপালনৰ কামো এৰি দিলেহেঁতেন কাৰণ এয়া টিকি থকা সম্ভাৱনা নাথাকিলেহেঁতেন৷ কিন্তু এই ব্যৱস্থা প্ৰণয়ন হোৱাৰ পিছত কৃষকসকল আজিও সেই একে উৎসাহেৰে উৎপাদনৰ সৈতে জড়িত হৈ আছে৷

তেনে ধৰণে আমাৰ বাবে কৃষিজাত সামগ্ৰী, তাতেও মূল্য সংযোজন আমাৰ বাবে আৱশ্যক৷ যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো তেতিয়া এই আনন্দতেই এদিন কৃষি মহোৎসৱ হৈছিল আৰু মই তালৈ গৈছিলো৷ তাতে মই এজন মোৰ পুৰণি বন্ধুক লগ পালো৷ মই আচৰিত হলোতেওঁ কোটপেণ্টটাই পিন্ধি থিয় হৈ আছেমই কলো, আৰে ভাই কি কথা, তুমিতো সম্পূৰ্ণ সলনি হৈ গলা? কি কৰি আছা আজিকালি? তেতিয়া তেওঁ মোক কলেআপনে য়হা সৰদ হোৱে জনা, সদৰ মানে পাণ্ডৰা, এনো পাৱদৰ বনাৱৰী বেঞ্চু সু, অনে বহুত মোটী কমাই কৰু সু৷ ইয়াকেই কোৱা হয় মূল্য সংযোজন৷ আমাৰ প্ৰতিটো কৃষিজাত সামগ্ৰীত সেই শক্তি আছে৷ বিলাহী অধিক উৎপাদন হয়, বিলাহীৰ বজাৰ তললৈ নামি যায়, বিলাহী দুইতিনিদিনতে বেয়া হৈ যায়, কিন্তু যদি বিলাহীৰ মূল্য সংযোজিত হয়, সংসাধন কৰা হয় তেতিয়া ই কেটচ আপলৈ পৰিৱৰ্তিত হয়, ধুনীয়া বটলত পেক হৈ যায়, মাহ ধৰি ভালে থাকে আৰু বিশ্বৰ সমূহ বজাৰত ইয়াৰ বিক্ৰী হয়৷ আমাৰ কৃষকসকলৰ কেতিয়াও লোকচান নহয়৷ আৰু সেইবাবে যিদৰে গাখীৰৰ সংসাধন হয় তাৰ দ্বাৰা আমাৰ কৃষকসকল লাভান্বিত হয়৷ অনাগত দিনসমূহত আমি কৃষিজাত সামগ্ৰীৰো সংসাধন, মূল্য সংযোজন, মূল্য বৃদ্ধি আদি দিশত গুৰুত্ব প্ৰদান কৰিব লাগিব৷ আৰু সেইবাবে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী কৃষি সম্পদ যোজনাৰ অধীনত ভাৰতত আমাৰ কৃষি উৎপাদনসমূহে যাতে আৰু অধিক গুৰুত্ব পায়, সেই দেশত আমি কাম কৰি আছোঁ৷

মই আগেয়ে সেই ডেইৰীৰ গৰাকীসকলক কৈছিলোআমৰেলী আৰু বনাস ডেইৰীয়ে সেই কামটোক আগবঢ়াই লৈ গৈছে৷ বোধহয় অইনেও কৰিছে, বোধহয় মই গম নাপাও৷ তেওঁলোকক মই কৈছিলো যিদৰে আমি শ্বেত ক্ৰান্তি কৰিছোঁ ঠিক সেইদৰে মিঠা নৱজাগৰণো কৰিব লাগে৷ আৰু আমাৰ যি কৃষক ভাই এই দুগ্ধ মণ্ডলীৰ সৈতে জড়িত আছে তেওঁলোকক মৌমাখি পালনৰো প্ৰশিক্ষণ প্ৰদান কৰিব লাগে৷ আৰু তেওঁলোকে উৎপাদন কৰা মৌ আমি গাখীৰ আনিবলৈ যাওঁতে সেয়াও লৈ আনিম৷ আৰু যিদৰে এই প্লাণ্টত সেইসমূহৰ পেকেজিং কৰা হয় ঠিক সেইদৰে আৰু এটা পেকেজিং কৰা হওক৷ আমৰেলী জিলা আৰু বনাস, দুয়োটা ডেইৰী আজি মৌ উৎপাদনৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে৷ ভাৰতত প্ৰথমে যিমান মৌ উৎপাদন হৈছিল, তাতকৈ অধিক মৌ উৎপাদন হোৱা আৰম্ভ হৈছে আৰু সেয়া বিদেশলৈও ৰপ্তানি হৈছে৷ যদি সেয়া বিক্ৰী নহয় তেন্তে ঘৰত খোৱা হব আৰু শিশুসকলৰ পুষ্টিৰ ক্ষেত্ৰত কামত আহিব৷ আৰু এয়া অতিৰিক্ত কষ্ট নহয়৷ সেই খেতি সৰু হলও কথা নাই, যদি তাত সৌৰ পেনেল লগোৱা যায়, তাৰ অধিক মূল্য পোৱা যাব৷ আৰু তাৰ ভিতৰত মৌমাখি পালনো যদি কৰা হয় তেন্তে আৰু অধিক উপাৰ্জন হব৷ সেইবাবে আমি ২০২২ চনত, স্বাধীনতাৰ ৭৫ বৰ্ষ সমাপ্তিত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ বাবে অনেত নতুন নতুন প্ৰকল্পৰ কাম হাতত লৈছোঁ৷

মই আশা কৰিছোঁ যাতে আমি ইয়াৰ সৈতে যাতে সংবদ্ধ হওঁ৷ আৰু এটা চিন্তাধাৰাৰ বিষয়ে মই পূৰ্বতে কৈছিলো, মই ইয়াত থকাৰ সময়ত ইয়াক কৰিব পৰা নাছিলো, কিন্তু আমি কৰিব পাৰো৷ যিদৰে ইয়াত take home ration এই বিষয়ত ভাল কাম হৈছে৷ ইয়াত শিশুসকলৰ পোষণৰ বাবে বাল আমুলৰ প্ৰস্তুতিৰ ভাল কাম হৈছে৷ আমি মধ্যাহ্ন ভোজনৰ দিশতো বহু কাম কৰিব পাৰো৷ যিবোৰ গাঁৱলৈ আমি গাখীৰ আনিবলৈ যাওঁ, কেন্দ্ৰীয়ভাৱে যদি আমি এক বৃহৎ কুকিং প্লাণ্ট নিৰ্মাণ কৰোঁ, আৰু যেতিয়া আমাৰ গাড়ীয়ে গাখীৰ আনিবলৈ যায় তেতিয়া তাৰে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে মধ্যাহ্ন ভোজন লৈ যাওক, তাতে টিফিনসমূহ থৈ আহক৷ টিফিনত গৰম গৰম খানা খাওক আৰু পিছদিনা সেই খালী টিফিনসমূহ লৈ আহক৷ কোনো অতিৰিক্ত পৰিবহণৰ ব্যয় অবিহনে আৰামত আমাৰ ইয়াৰ দুগ্ধ মণ্ডলীৰ বিদ্যালয়সমূহত এই ব্যৱস্থাপনা কৰিব পাৰো৷

মই বিশ্বাস প্ৰদান কৰিব বিচাৰিছোঁ যে যিদৰে ইস্কনৰ দ্বাৰা মধ্যাহ্ন ভোজনে এক গতি লাভ কৰিছে, আমাৰ সকলো ডেইৰীয়ে উত্তম ধৰণে আমাৰ এই শিশুসকলৰ বাবে এই ব্যৱস্থাৰ জৰিয়তে ভোজনৰ ব্যৱস্থা কৰিব পাৰে৷ এটা ব্যৱস্থাৰ গুণাত্মক ব্যৱহাৰ, ইয়াক গুৰুত্ব প্ৰদান কৰি যদি আমি যোজনা প্ৰস্তুত কৰোঁ, তেন্তে মই বিশ্বাসেৰে কব পাৰো যে আমি কেৱল সীমিত ক্ষেত্ৰতেই নহয়, জীৱনৰ সকলো ক্ষেত্ৰতে এই প্ৰভাৱশালী কাম কৰিব পাৰো৷

মোৰ মনত আছে, ধৰ্মচৰ আমাৰ মানুহবোৰ, মই দেখিছো যে যি ট্ৰেনজিট ভূমি, সেই ভূমিত সদায়েই কাজিয়া হয়৷ কোনোবাই অনধিকাৰ প্ৰৱেশ কৰিলে, কোনোবাই সমস্যাৰ সৃষ্টি কৰিলে৷ কিন্তু আমাৰ ধৰ্মচৰ ভাইসকলে বহু বছৰ পূৰ্বে সমবায় সমাজ সৃষ্টি কৰিলে আৰু ট্ৰেনজিটৰ বিকাশ সমবায়ভিত্তিত কৰি নিতৌ তাৰ পৰা সেউজীয়া ঘাঁহৰ যোগান ধৰিছিল সেই সময়ত৷ আজিতো মই গম নাপাওঁ৷ মই পূৰ্বে ইয়ালৈ আহিছিলো৷ ঘৰতে সেউজীয়া ঘাঁহ যোগান ধৰা হৈছিল৷ যদি দুটা পশু আছে তেন্তে আপোনাক ইমান কিলো লাগে, যোগান ধৰা হয়৷ আৰু তাৰ পৰা যি উপাৰ্জন হৈছিল তাৰ দ্বাৰা ট্ৰেনজিট ভূমিৰ উন্নয়নৰ আধুনিক কাম তেওঁলোকে আৰম্ভ কৰিছিল৷

মোৰ কথাৰ তাৎপৰ্য এয়াই যে ইয়াৰ চিন্তাধাৰাত সহযোগিতাৰ সংস্কাৰ পৰিলক্ষিত হয়৷ আমি এই সহযোগিতাক ব্যাপক ৰূপ কিদৰে প্ৰদান কৰোঁ, আমি ইয়াক অন্য দিশৰ সৈতে কিদৰো জড়িত কৰোঁ আৰু ইয়াক আগবঢ়াই লৈ যোৱাৰ কাম কিদৰে কৰোঁ৷

মই পুনৰ বাৰ আজি আমুল পৰিয়ালক এই চতোধৰৰ ভূমিত মোৰ প্ৰগতিশীল কৃষকৰ পুত্ৰসকলক, এই ধৰিত্ৰীৰ মহান মনিষী চৰ্দাৰ বল্লভ ভাই পেটেলক স্মৰণ কৰি আৰু তেওঁ যি উত্তম পৰম্পৰা নিৰ্মাণ কৰিছিল, সেই পৰম্পৰাৰ সৈতে জড়িত চৰকাৰী ক্ষেত্ৰৰ সমৰ্পিত লোকক আদৰেৰে স্মৰণ কৰি মই আজি এই বৃহৎ যোজনাক, গুজৰাটৰ ভূমিক, দেশৰ ভূমিক সমৰ্পিত কৰি অত্যন্ত গৰ্বৰ অনুভূতিৰ সৈতে আপোনালোকক অশেষ শুভকামনা প্ৰদান কৰিছোঁ আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা বিশ্বাস প্ৰদান কৰিছোঁ যে এই সমূহ প্ৰকল্পক আগবঢ়াই লৈ যোৱাৰ দিশত দিল্লীৰ চৰকাৰ কেতিয়াও পিছুৱাই নাহে৷ ভাৰত চৰকাৰে কান্ধৰ সৈতে কান্ধ মিলাই এই প্ৰগতিৰ বাবে আপোনালোকৰ অংশীদাৰ হব৷ এই অভ্যৰ্থনাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ৷ মোৰ সৈতে সমগ্ৰ শক্তিৰে কওক–     

ভাৰত মাতা কীজয়৷

কি হল ভাইসকল? এয়া মোৰ চৰোতৰ৷ চিঞৰ এনে হব নালাগে৷

ভাৰত মাতা কীজয়৷

এয়াহে, সুন্দৰ৷

ধন্যবাদ৷

***

अतुल तिवारी/ शाहबाज हसीबी/ निर्मल शर्मा/MANN