পি এম ইণ্ডিয়া

ভাৰত মাতাৰ জয়,
ভাৰত মাতাৰ জয়,
ভাৰত মাতাৰ জয়,
নমস্তে ট্ৰাম্প, নমস্তে ট্ৰাম্প, মই ক’ম ভাৰত–আমেৰিকাৰ বন্ধুত্ব, আপোনালোকে ক’ব দীৰ্ঘজীৱি হওক, দীৰ্ঘজীৱি হওক, ভাৰত–আমেৰিকাৰ বন্ধুত্ব, ভাৰত–আমেৰিকাৰ বন্ধুত্ব, ভাৰত–আমেৰিকাৰ বন্ধুত্ব!
নমস্কাৰ,
আজি মোটেৰা ষ্টেডিয়ামত এক ইতিহাস ৰচিত হৈছে৷ আজি আমি ইতিহাসৰ পুনৰাবৃত্তি হোৱাও দেখা পাইছো৷ পাঁচ মাহ পূৰ্বে মই আমেৰিকা যাত্ৰাৰ সূচনা হাউষ্টনত হোৱা হাউডী মোদী কাৰ্যসূচীৰ জৰিয়তে কৰিছিলো আৰু আজি মোৰ মিত্ৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ঐতিহাসিক ভাৰত যাত্ৰাৰ সূচনা আহমেদাবাদৰ নমস্তে ট্ৰাম্পৰ জৰিয়তে কৰিছে৷ আপোনালোকে কল্পনা কৰিব পাৰেনে যে তেওঁ আমেৰিকাৰ পৰা পোনে পোনে ইয়ালৈ আহিছে৷ ইমান দীঘলীয়া যাত্ৰাৰ পিছত ভাৰতত নামিয়েই ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পৰিবাৰে পোনে পোনে সবৰমতী আশ্ৰমলৈ গৈছে আৰু তাৰ পৰা এই কাৰ্যসূচীলৈ আহিছে৷ বিশ্বৰ সবাতোকৈ বৃহৎ গণতন্ত্ৰত আপোনাক হৃদয়েৰে স্বাগতম জনাইছো৷ এই ভূমি গুজৰাটৰ কিন্তু আপোনাৰ স্বাগতমৰ বাবে সমগ্ৰ হিন্দুস্তান উত্ৰাৱল হৈ পৰিছে৷ এই উৎসাহ, এই গগন নিনাদিত ধ্বনি, এই সমগ্ৰ বাতাৱৰণ, বিমানবন্দৰৰ পৰা আৰম্ভ কৰি এই ষ্টেডিয়ামলৈ সকলো পিনে ভাৰতৰ বৈচিত্ৰতাৰ ৰঙেৰে ৰঙীয়াল হৈ পৰিছে৷ আৰু এই সকলোৰে মাজত ৰাষ্ট্ৰপতি ট্ৰাম্প, ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প, ইভানকা আৰু জাৰেডৰ উপস্থিতি, ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ পৰিয়ালৰ সৈতে ইয়ালৈ অহাটো ভাৰত–আমেৰিকাৰ সম্পৰ্কক এক পৰিয়ালৰ দৰে মিঠা আৰু ঘনিষ্ঠতাৰ পৰিচয় প্ৰদান কৰিছে৷ ভাৰত–আমেৰিকাৰ সম্পৰ্ক কেৱল বন্ধুত্বপূৰ্ণ সম্পৰ্ক হৈ থকা নাই, ই ইয়াতকৈও ঊৰ্ধলৈ গৈ এক ঘনিষ্ঠ বন্ধুত্বৰ সম্পৰ্কলৈ পৰিণত হৈছে৷ এই কাৰ্যসূচীৰ নাম হ’ল –‘নমস্তে’, ইয়াৰ অৰ্থ অতি গভীৰ৷ ই বিশ্বৰ সবাতোকৈ প্ৰাচীন ভাষাসমূহৰ ভিতৰৰ অন্যতম ভাষা সংস্কৃতৰ এটা শব্দ৷ ইয়াৰ জৰিয়তে কেৱল ব্যক্তিজনকেই নহয়, তেওঁৰ ভিতৰত ব্যাপ্ত স্বৰ্গীয়তাকো আমি সেৱা জনাইছো৷ এনে ভব্য সমাৰোহৰ বাবে মই গুজৰাটৰ জনসাধাৰণক, গুজৰাটত বাস কৰা অন্য ৰাজ্যৰ লোকক অভিনন্দন জনাইছো৷ শ্ৰীযুত ৰাষ্ট্ৰপতি, মিত্ৰ, আজি আপুনি সেই ভূমিত থিয় দিছে য’ত পাঁচ হাজাৰ বৰ্ষ পুৰণি পৰিকল্পিত নগৰ ধোলাৱীৰা আছিল আৰু সিমানেই পুৰণি লোথাল সাগৰীয় বন্দৰো আছিল৷ আজি আপুনি সেই সবৰমতী নদীৰ পাৰত থিয় দিছে যিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে৷ আজি আপুনি সেই বৈচিত্ৰতাৰে ভৰা ভাৰতত উপস্থিত হৈছে য’ত শতাধিক ভাষা কোৱা হয়৷ শতাধিক বেশভূষা, শতাধিক খাৱন–শোৱনৰ ব্যৱস্থা, অনেক পন্থ আৰু সম্প্ৰদায় ইয়াত আছে৷ আমাৰ এই সমৃদ্ধ বৈচিত্ৰতা, বৈচিত্ৰতাত ঐক্যতা আৰু অনুনাদশীল ঐক্যতাই হ’ল ভাৰত আৰু আমেৰিকাৰ মাজৰ শক্তিশালী বন্ধুত্বৰ প্ৰধান ভেঁটি৷ এখন যদি স্বতন্ত্ৰতাৰ ভূমি হয় তেন্তে আনখনে সমগ্ৰ বিশ্বকে এক পৰিয়াল হিচাপে বিবেচনা কৰে৷ এখনে ষ্টেচু অব্ লিবাৰ্টীক লৈ গৌৰৱ কৰে আৰু আনখনে বিশ্বৰ সবাতোকৈ ওখ মুৰ্তি চৰ্দাৰ পেটেলৰ ষ্টেচু অব্ ইউনিটীক লৈ গৌৰৱ কৰে৷ আমি বহু দিশ বিনিময় কৰিছো, আমি আমাৰ মূল্যবোধ, আদৰ্শ, উদ্যমিতা আৰু উদ্ভাৱনৰ সত্বা, সুযোগ আৰু প্ৰত্যাহ্বানৰ সত্বা, আশা আৰু প্ৰত্যাশাৰ সত্বাও পৰস্পৰে পৰস্পৰৰ সৈতে বিনিময় কৰিছো৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বত ভাৰত আৰু আমেৰিকাৰ বন্ধুত্ব অধিক সুদৃঢ় হোৱাত মই সুখী অনুভৱ কৰিছো আৰু সেইবাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই যাত্ৰাই ভাৰত আৰু আমেৰিকাৰ সম্বন্ধৰ নতুন অধ্যায় উন্মোচিত কৰিছে৷ এনে এক অধ্যায় যি ভাৰত আৰু আমেৰিকাৰ জনসাধাৰণৰ উন্নতি আৰু বিকাশৰ নতুন দস্তাৱেজ হিচাপে বিবেচিত হ’ব৷
বন্ধুসকল,
ৰাষ্ট্ৰপতি ট্ৰাম্পে সদায়েই বৃহৎ চিন্তা কৰে আৰু আমেৰিকাৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে তেওঁ যি কৰিছে সেই সম্পৰ্কে সকলোৱে পৰিচিত৷ আজি আমি ট্ৰাম্প পৰিয়ালক বিশেষভাৱে অভিনন্দন জনাইছো, ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্প, আপুনি আমাৰ মাজত উপস্থিত হোৱাটো আমাৰ বাবে ডাঙৰ সন্মানৰ কথা৷ স্বাস্থ্যৱান আৰু সুখী আমেৰিকাৰ বাবে আপুনি যি কৰিছে তাৰ সুপৰিণাম সকলোৱে দেখা পাইছে৷ সমাজত শিশুৰ কাৰণে কৰা কামবোৰৰ বাবে আপুনি সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ৷ আপুনি কয়– শ্ৰেষ্ঠ হওক! আপুনি বোধহয় অনুভৱ কৰিছে যে আজিৰ স্বাগতম সমাৰোহতো জনতাৰ মাজত এই ভাৱনা প্ৰকট হৈ উঠিছে৷ ইভানকা, দুবছৰ পূৰ্বে আপুনি প্ৰথমবাৰ ভাৰতলৈ আহিছিল আৰু কৈছিল যে আপুনি দ্বিতীয়বাৰ ভাৰতলৈ আহিবলৈ বিচাৰিব৷ মই সুখী যে আপুনি আমাৰ মাজত আজি উপস্থিত আছে৷ জাৰেড, আপোনাৰ বিশেষত্ব এয়াই যে আপুনি লাইমলাইটৰ পৰা দূৰৈত থাকে কিন্তু আপোনাৰ কামৰ প্ৰভাৱ অতিশয় ব্যাপক হিচাপে বিবেচিত হয়৷ আপুনি লগ পালেই আপোনাৰ ভাৰতীয় বন্ধুসকলৰ বিষয়ে উল্লেখ কৰে৷ আপোনাক সাক্ষাৎ কৰি মই অতিশয় সুখী অনুভৱ কৰিছো৷
বন্ধুসকল, আজি এই মঞ্চৰ পৰা প্ৰতিজন ভাৰতীয় আৰু আমেৰিকাৰ সৈতে সমদ্ৰ বিশ্বই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মুখৰ ভাষণ শুনিব বিচাৰিছে৷ তেওঁৰ সম্বোধনৰ পিছত মই তেওঁক ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ সৈতে আৰু দুটামান কথা পাতিম৷
মই ১৩০ কোটি ভাৰতীয়ৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি ট্ৰাম্পক নিমন্ত্ৰিত কৰিছো৷ বন্ধুসকল, আপোনালোকৰ সন্মুখত এয়া প্ৰস্তুত কৰিছো ভাৰতৰ মিত্ৰ তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ড’নাল্ড ট্ৰাম্প৷
*****
VRRK/KP/MANN
India-US relations are no longer just another partnership.
— PMO India (@PMOIndia) February 24, 2020
It is a far greater and closer relationship: PM @narendramodi #NamasteTrump
इस कार्यक्रम का जो नाम है- नमस्ते, उसका मतलब भी बहुत गहरा है!
— PMO India (@PMOIndia) February 24, 2020
ये दुनिया की प्राचीनतम भाषाओं में से एक, संस्कृत का शब्द है।
इसका भाव है कि सिर्फ व्यक्ति को ही नहीं, उसके भीतर व्याप्त Divinity को भी नमन: PM @narendramodi
एक Land Of the Free है, तो दूसरा पूरे विश्व को एक परिवार मानता है।
— PMO India (@PMOIndia) February 24, 2020
एक को Statue Of Liberty पर गर्व है तो दूसरे को, दुनिया की सबसे ऊंची प्रतिमा- सरदार पटेल की Statue Of Unity का गौरव है: PM#NamasteTrump
There is so much that we share:
— PMO India (@PMOIndia) February 24, 2020
Shared Values & Ideals
Shared Spirit of Enterprise & Innovation
Shared Opportunities & Challenges
Shared Hopes & Aspirations: PM @narendramodi
प्रेसिडेंट ट्रंप की ये यात्रा, भारत और अमेरिका के संबंधों का नया अध्याय है।
— PMO India (@PMOIndia) February 24, 2020
एक ऐसा अध्याय, जो अमेरिका और भारत के लोगों की Progress and Prosperity का नया दस्तावेज बनेगा: PM @narendramodi
First Lady मेलानिया ट्रंप, आपका यहां होना सम्मान की बात है।
— PMO India (@PMOIndia) February 24, 2020
Healthy और Happy America के लिए आपने जो किया है, उसके अच्छे परिणाम मिल रहे हैं।
समाज में बच्चों के लिए आप जो कर रही हैं, वो प्रशंसनीय है: PM
आप कहती हैं- Be Best !
— PMO India (@PMOIndia) February 24, 2020
आपने अनुभव किया होगा कि आज के स्वागत समारोह में भी लोगों की यही भावना प्रकट हो रही है: PM