পি এম ইণ্ডিয়া
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সতীৰ্থ শ্ৰী ভূপেন্দ্ৰ যাদৱ জী আৰু শ্ৰী অশ্বিনী চৌবে জী, সকলো ৰাজ্যৰ মন্ত্ৰী, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো বিষয়া, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!
আপোনালোক সকলোকে এই ৰাষ্ট্ৰীয় সন্মিলনলৈ আৰু বিশেষকৈ একতা নগৰলৈ আদৰণি জনাইছো। একতা নগৰত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় সন্মিলনখনক মই গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছো। আমি বনাঞ্চল, আমাৰ আদিবাসী ভাই-ভনী, বন্যপ্ৰাণী, জল সংৰক্ষণ, পৰ্যটন, প্ৰকৃতি আৰু পৰিবেশ আৰু উন্নয়নৰ কথা কোৱা মাত্ৰেকে একতা নগৰে এটা বাৰ্তা বহন কৰি এক বিশ্বাসৰ সৃষ্টি কৰে। সেয়া হৈছে আজি ই বনাঞ্চলৰ ক্ষেত্ৰত তীৰ্থস্থানত পৰিণত হৈছে আৰু পৰিবেশৰ বাবে ইয়াত সামগ্ৰিক বিকাশ সাধন হৈছে। এই ক্ষেত্ৰখনক প্ৰতিনিধিত্ব কৰা সকলো মন্ত্ৰী আৰু বিষয়া ইয়াত আছে। ইয়াত থকা সময়ছোৱাত পৰিবেশ, আমাৰ জনজাতীয় সমাজ আৰু বন্যপ্ৰাণীৰ প্ৰতি পৰম যত্নৰে ইয়াত সম্পন্ন উন্নয়নমূলক কাম-কাজসমূহক আপোনালোকে পৰ্য্যবেক্ষণ কৰক। বনাঞ্চল আৰু পৰিবেশক একেলগে সুৰক্ষিত কৰাৰ লগতে ভৱিষ্যতে উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ প্ৰয়াসত আমি বহু কথা দেখিম আৰু শিকিম।
বন্ধুসকল,
আমি ভাৰতে ‘অমৃত কাল’ ৰ আগন্তুক ২৫ বছৰৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণ কৰি থকাৰ সময়তে এই বৈঠকত সমবেত হৈছো। মই বিশ্বাস কৰো, আপোনালোকৰ এই প্ৰচেষ্টাই পৰিবেশ সুৰক্ষাত সহায় কৰিব আৰু ভাৰতৰ উন্নয়নো একে গতিৰে অব্যাহত থাকিব।
বন্ধুসকল,
আজিৰ নব্য ভাৰত নতুন চিন্তাধাৰা আৰু দৃষ্টিভংগীৰে আগবাঢ়িছে। আজি ভাৰত দ্ৰুতগতিত বিকশিত হৈ থকা অৰ্থনীতি আৰু ইয়াৰ পৰিবেশ বিজ্ঞানকো নিৰন্তৰভাৱে শক্তিশালী কৰা হৈছে। আমাৰ বনাঞ্চল বৃদ্ধি পাইছে আৰু জলাশয়সমূহো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। আমি বিশ্বক দেখুৱাইছো যে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত আমাৰ গতি আৰু মাত্ৰাৰ সৈতে কোনো দেশেই ফেৰ মাৰিব নোৱাৰে। আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্য্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট বা ‘লাইফ’ আন্দোলনেই হওঁক, ডাঙৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ সময়ত ভাৰতে আজি বিশ্বক আগুৱাই লৈ গৈছে।
আমাৰ প্ৰতিশ্ৰুতি পূৰণৰ দৃষ্টান্তৰ বাবেই আজি বিশ্বই ভাৰতৰ সৈতে সহযোগিতা কৰিছে। বছৰ-বছৰ ধৰি সিংহ, বাঘ, হাতী, এটা খড়গৰ গঁড়, নাহৰফুটুকীৰ সংখ্যা বৃদ্ধি পাইছে। ভূপেন্দ্ৰ ভায়ে উল্লেখ কৰা মতে, কিছুদিন পূৰ্বে মধ্যপ্ৰদেশত চিতাৰ প্ৰত্যাৱৰ্তনৰ বাবে এক নতুন উৎসাহৰ সৃষ্টি হৈছে। দেশখনে যিদৰে চিতাক আদৰণি জনাই আনন্দিত হৈছে, সেই অভিব্যক্তিয়ে প্ৰতিজন ভাৰতীয়ৰ অন্তৰত বৈ থকা জীৱকূলৰ প্ৰতি থকা দয়া আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমৰে প্ৰতিফলন ঘটাইছে। ভাৰতৰ প্ৰত্যেক প্ৰান্ততে এনে লাগিছিল যেন কোনোবা আপোন আলহীহে যেন ঘৰলৈ আহিছে! এয়াই আমাৰ দেশৰ শক্তি। আহক আমি প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষাৰ এই প্ৰচেষ্টা অব্যাহত ৰাখি ভৱিষ্যৎ প্ৰজন্মক উৎসাহিত কৰি যাওঁ। এই সংকল্পটো মনত ৰাখিয়েই ভাৰতে ২০৭০ ৰ ভিতৰত নেট জিৰ’ ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, অৰ্থাৎ এতিয়াৰেপৰা আমাৰ হাতত প্ৰায় পাঁচটা দশক সময় আছে। এতিয়া দেশৰ গুৰুত্ব সেউজ বৃদ্ধিৰ ওপৰত আৰু আমি সেউজ বৃদ্ধিৰ কথা কোৱা মাত্ৰেকে সেউজ নিয়োগৰ ক্ষেত্ৰটো বহু সুযোগ আছে। এই সকলোবোৰ লক্ষ্যত উপনীত হোৱাত প্ৰতিখন ৰাজ্যৰ পৰিবেশ বিভাগৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ।
বন্ধুসকল,
ৰাজ্য বা কেন্দ্ৰই হওঁক, পৰিবেশ দপ্তৰৰ দায়িত্ব বিশাল। ইয়াক সীমিত পৰিসৰত চোৱা উচিত নহয়। দুৰ্ভাগ্যজনকভাৱে সময়ৰ লগে-লগে আমাৰ ব্যৱস্থাত এনে এটা ধাৰণা গঢ় লৈছে যে পৰিবেশ দপ্তৰৰ ভূমিকা নিয়ন্ত্ৰক হিচাপে অধিক। কিন্তু মই ভাবো যে কেৱল নিয়ন্ত্ৰকতকৈয়ো পৰিবেশ দপ্তৰৰ অধিক দায়িত্ব হৈছে পৰিবেশক প্ৰসাৰ কৰা। পৰিবেশ সুৰক্ষিতকৰণৰ প্ৰতিটো প্ৰচেষ্টাতে আপোনাৰ দপ্তৰৰ ভূমিকা বিশাল। এতিয়া উদাহৰণস্বৰূপে চক্ৰীয় অৰ্থনীতিৰ বিষয়টো! বৃত্তাকাৰ অৰ্থনীতি আমাৰ পৰম্পৰাৰ এটা অংশ হৈ আহিছে। ভাৰতৰ জনসাধাৰণক চক্ৰীয় অৰ্থনীতিৰ বিষয়ে অৱগত কৰাৰ প্ৰয়োজনীয়তা নাই। আমি কেতিয়াও প্ৰকৃতিৰ শোষক হোৱা নাই; আমি সদায় প্ৰকৃতিৰ লালন-পালনকাৰী হৈ আহিছো।
আমি সৰু হৈ থাকোতে আমাক এইবুলি শিকোৱা হৈছিল যে যোৱা শতিকাৰ আৰম্ভণিতে মহাত্মা গান্ধীয়ে সৱৰমতী আশ্ৰমত বাস কৰোতে তেওঁ সৱৰমতী নৈৰ পানী ওফন্দি থকাৰ পিছতো পানীৰ অপচয় দেখা পোৱা মাত্ৰেকে বাধা আৰোপ কৰিছিল। আগতে নৈখনত ইমান পানী আছিল, কিন্তু তেওঁ পানী নষ্ট হ’বলৈ দিয়া নাছিল। আমি আটায়েই জ্ঞাত যে কাপোৰৰপৰা আৰম্ভ কৰি বাতৰিকাকতলৈকে একাধিক বস্তু পুনঃব্যৱহাৰ কৰিব পাৰি। এয়াই আমাৰ পৰম্পৰা। প্ৰকৃতিৰ প্ৰতি এয়া এক সজাগতা আৰু সংবেদনশীলতা। মানুহে একেটা বস্তুকে দহবাৰ ব্যৱহাৰ কৰাটো দুৰ্ভাগ্যৰ কাৰণ হ’ব নোৱাৰে। মই ইয়াত উপস্থিত থকা সকলো পৰিবেশ মন্ত্ৰীকে অনুৰোধ জনাইছো যে আপোনালোকে নিজৰ ৰাজ্যসমূহত বৃত্তাকাৰ অৰ্থনীতিক প্ৰসাৰিত কৰক। এই কাৰ্য্যই আমাৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা আৰু এবাৰ ব্যৱহৃত প্লাষ্টিকৰপৰা মুক্ত হোৱাৰ অভিযানকো শক্তি প্ৰদান কৰিব। এই ক্ষেত্ৰত আমি পঞ্চায়ত, স্থানীয় সংস্থা, আত্মসহায়ক গোট আৰু এমএছএমই সমূহক উৎসাহিত কৰা উচিত। তেওঁলোকক সঠিক দিশ আৰু নিৰ্দেশনা দিব লাগে।
বন্ধুসকল,
চক্ৰীয় অৰ্থনীতিক গতি প্ৰদানৰ বাবে ভাৰত চৰকাৰে যোৱা বছৰ বাহন স্ক্ৰেপিং নীতিও কাৰ্য্যকৰী কৰিছে। ৰাজ্যসমূহে ব্যক্তিগত বিনিয়োগক আমন্ত্ৰণ বা বাহন স্ক্ৰেপেজ কৰাটো কাৰ্য্যকৰী কৰিবলৈ ব্যৱহাৰ কৰিবপৰা মাটি নিৰ্ধাৰণ কৰি এই বাহন স্ক্ৰেপিং নীতিৰ সুবিধা ল’বলৈ ৰ’ডমেপ প্ৰস্তুত কৰিছিল নে? লগতে ভাৰত চৰকাৰক কওঁ যে ভাৰত চৰকাৰৰ যিবোৰ বাহন পুৰণি আৰু স্ক্ৰেপিঙৰ বাবে যোগ্য, সেই সকলো বাহন অধিগ্ৰহণেৰে স্ক্ৰেপিং নীতি দ্ৰুতগতিত আগবঢ়াওঁক যাতে উদ্যোগটো আৰম্ভ কৰিবপৰা যায়। ৰাজ্যসমূহৰ পৰিবেশ দপ্তৰেও নিজ-নিজ ৰাজ্যসমূহক সচেষ্ট কৰি সকলো পুৰণি বাহন স্ক্ৰেপৰ বাবে আনি স্ক্ৰেপিং নীতি আৰম্ভ কৰিব লাগে। পুৰণি বাহন স্ক্ৰেপিঙৰ ফলত নতুন বাহন চলিব যিয়ে ইন্ধন ৰাহি কৰিব। ই এক বৃহৎ সহায়ক হ’ব পাৰে। কিন্তু ভাৰত চৰকাৰে প্ৰণয়ন কৰা নীতিখনি পৰি থাকিলে ইয়াৰ কোনো লাভ নহ’ব। দেশৰ সকলো পৰিবেশ দপ্তৰে জৈৱ ইন্ধন নীতিৰ ওপৰত ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব। আমি জৈৱ ইন্ধন খণ্ডত দ্ৰুতগতিত আগবাঢ়িছো। কিন্তু যদি ৰাজ্যসমূহেও বাহনত জৈৱ ইন্ধন ব্লেণ্ডিঙৰ বাবে এই কাৰ্য্যসূচী গ্ৰহণ কৰে, তেন্তে দেশত প্ৰতিযোগিতাৰ পৰিবেশ সৃষ্টি হ’ব। পৰিবেশ দপ্তৰসমূহ এই নীতিৰ বাহক হ’ব লাগিব আৰু ইয়াক দৃঢ়তাৰে কাৰ্য্যকৰী কৰিব লাগিব। আজিকালি দেশত ইথানল মিশ্ৰণত নতুন অভিলেখ সৃষ্টি হৈছে। যদি ৰাজ্যসমূহেও কেন্দ্ৰৰ সৈতে সহযোগিতা কৰে, তেন্তে আমি দ্ৰুতগতিত আগুৱাই যাব পাৰিম। মই এই পৰামৰ্শও দিম যে ইথানল উৎপাদন আৰু ইথানল মিশ্ৰণৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত প্ৰতিযোগিতা হ’ব লাগে। ৰাজ্যসমূহৰ কৰ্মক্ষমতা অনুসৰি বছৰত এবাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে। ই আমাৰ কৃষকসকলক বহুখিনি সহায় কৰিব। আৱৰ্জনাৰ পৰাও উপাৰ্জন আৰম্ভ হ’ব। আমি এই সুস্থ প্ৰতিযোগিতাক আগুৱাই নিব লাগিব। চহৰ আৰু ৰাজ্যৰ মাজত এই সুস্থ প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। ইয়াৰদ্বাৰা পৰিবেশ সুৰক্ষাৰ বাবে আমাৰ সংকল্পত জনসাধাৰণৰ অংশগ্ৰহণ শক্তিশালী হ’ব আৰু আজি আমাৰ বাবে যিটো বাধা যেন লাগে সেয়া আমাৰ বাবে নতুন সীমা অতিক্ৰমৰ এক সুচল মাধ্যম হৈ পৰিব। আমি দেখাৰ দৰে এলইডি বাল্ববোৰে বিদ্যুৎ, কাৰ্বন নিৰ্গমন আৰু ধন ৰাহি কৰে। ৰাজ্যসমূহৰ আমাৰ পৰিবেশ, শক্তি আৰু নগৰ উন্নয়ন দপ্তৰসমূহে প্ৰতিটো ষ্ট্ৰীট লাইটত বা প্ৰতিটো চৰকাৰী কাৰ্য্যালয়ত এলইডি বাল্ব লগোৱা হৈছে নে নাই, সেয়া নিৰন্তৰ নিৰীক্ষণ কৰা উচিত। আপোনালোকে আৰু আপোনালোকৰ বিভাগে এলইডি বাল্ব সন্দৰ্ভত এই সমগ্ৰ আন্দোলনৰ নেতৃত্ব দিব পাৰে, যিয়ে ধন ৰাহি কৰে আৰু পৰিবেশকো সুৰক্ষিত কৰে।
একেদৰে আমি আমাৰ সম্পদসমূহো ৰক্ষা কৰিব লাগিব। উদাহৰণস্বৰূপে পানীৰ বিষয়টোয়েই ধৰা হওঁক। সকলোৰে একমত যে পানী ৰাহি কৰাটো অতি গুৰুত্বপূৰ্ণ। আমি স্বাধীনতাৰ ‘অমৃত মহোৎসৱ’ ৰ সময়ত প্ৰতিখন জিলাতে ৭৫ টা অমৃত সৰোবৰ (পুখুৰী) খান্দিবলৈ আহ্বান জনাইছো। পৰিবেশ আৰু বন দপ্তৰে ইয়াৰ নেতৃত্ব প্ৰদান কৰিছে নে? পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব দিছে নে? একেদৰে পৰিবেশ মন্ত্ৰালয় আৰু কৃষি মন্ত্ৰালয়েও জলসিঞ্চনত গুৰুত্ব দিছেনে? পৰিবেশ মন্ত্ৰালয় এনেকুৱা এটা মন্ত্ৰালয় যে ই আন প্ৰতিটো মন্ত্ৰালয়ক দিশ দিব পাৰে, গতি দিব পাৰে, অনুপ্ৰাণিত কৰিব পাৰে আৰু ফলাফল আহৰণ কৰিব পাৰে। এতিয়া আজি আমি দেখিবলৈ পাওঁ যে যিবোৰ ৰাজ্যত আগতে প্ৰচুৰ পানী আছিল, সেইবোৰ ৰাজ্যত এতিয়া পানীৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। পানীৰ নাটনি হোৱাৰ বাবে আমি পানী বিচাৰিবলৈ মাটিৰ ১০০০-১২০০ ফুট তললৈ নামিবলগীয়া হৈছে।
বন্ধুসকল,
এই প্ৰত্যাহ্বান কেৱল পানীৰ সৈতে জড়িত বিভাগসমূহৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ পৰিবেশ মন্ত্ৰালয়েও ইয়াক এক গুৰুতৰ প্ৰত্যাহ্বান হিচাপে বিবেচনা কৰা উচিত। আগতে কোৱাৰ দৰে দেশৰ প্ৰতিখন জিলাতে অমৃত সৰোৱৰৰ বাবে এক অভিযান চলি আছে। অমৃত সৰোবৰৰ বিষয়টো পানীৰ লগতে পৰিবেশ সুৰক্ষাৰ সৈতে জড়িত। শেহতীয়াকৈ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আমাৰ কৃষকসকলে ৰাসায়নিক সাৰ মুক্ত কৃষি, প্ৰাকৃতিক কৃষিৰ দিশে ধাৱমান হৈছে। যদিও ইয়াক কৃষি বিভাগৰ দায়িত্ব যেন লাগিলেও পৰিবেশ মন্ত্ৰালয়ে এই ক্ষেত্ৰত সহযোগিতা কৰিলে ই এক প্ৰচণ্ড উত্থান লাভ কৰিব। প্ৰাকৃতিক কৃষিয়ে পৰিবেশ ৰক্ষাৰ বাবেও কাম কৰে। আমাৰ পৃথিৱী মাতৃক ৰক্ষা কৰাটোও এক গুৰুত্বপূৰ্ণ কাম। পৰিৱৰ্তিত সময়ত পৰিবেশ মন্ত্ৰালয়ে অংশগ্ৰহণমূলক আৰু সংহত দৃষ্টিভংগীৰে কাম কৰাটো অতিশয় প্ৰয়োজনীয় বুলি মই ভাবো। পৰিবেশ দপ্তৰসমূহৰ দৃষ্টিভংগী সলনি হোৱা মাত্ৰেকে লক্ষ্য স্থিৰ হ’ব আৰু পথসমূহ নিৰ্ধাৰণ হ’ব বুলি মই নিশ্চিত। ইয়াৰ বাবে প্ৰকৃতিও সমানেই লাভৱান হ’ব।
বন্ধুসকল,
পৰিবেশ সুৰক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল জন সচেতনতা, জনসাধাৰণৰ অংশগ্ৰহণ আৰু জন সমৰ্থন। কিন্তু এয়াও কেৱল তথ্য বিভাগ বা শিক্ষা বিভাগৰ কাম নহয়। আপোনালোক সকলোৰে জ্ঞাত যে আমাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিখনি আপোনালোকৰ লগতে আপোনালোকৰ বিভাগৰ বাবেও অতিশয় উপযোগী হোৱাকৈ যুগুত কৰা হৈছে। অভিজ্ঞতা ভিত্তিক শিক্ষণ সন্দৰ্ভত এক বিষয়বস্তু আছে আৰু ইয়াৰ ওপৰত অতিশয় গুৰুত্ব দিয়া হৈছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক নিজৰ গাঁৱৰ বাহিৰত থকা গছ-গছনিবোৰৰ লগত চিনাকি কৰাই দিব লাগে। শিক্ষা মন্ত্ৰালয় আৰু পৰিবেশ মন্ত্ৰালয়ৰ যৌথ পদক্ষেপ হ’ব লাগে। এই কাৰ্য্যই শিশুসকলৰ পৰিবেশৰ প্ৰতি এক স্বাভাৱিক সচেতনতা গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত শিশুসকল পৰিবেশ সুৰক্ষিতকৰণৰ ক্ষেত্ৰত অধিক সজাগ হ’ব। শিশুসকলৰ অন্তৰ আৰু মনত এনে বীজ সিঁচিব পাৰি যিয়ে ভৱিষ্যতে তেওঁলোকক পৰিবেশ সুৰক্ষাৰ অগ্ৰদূত হ’বলৈ অনুপ্ৰাণিত কৰিব।
একেদৰে, আমাৰ সমুদ্ৰৰ পাৰত বা নৈৰ পাৰত বসবাস কৰা শিশুসকলক পানীৰ গুৰুত্ব আৰু সাগৰ আৰু নদীৰ পৰিবেশ তন্ত্ৰৰ বিষয়ে শিকাব লাগে। মাছৰ গুৰুত্ব কি আৰু ই পৰিবেশ ৰক্ষা কৰাত কেনেদৰে সহায় কৰিছে? এয়া যদিও শিক্ষা বিভাগৰ কাম, কিন্তু পৰিবেশ বিভাগেও সহযোগিতা কৰিলে নতুন প্ৰজন্ম সম্পূৰ্ণভাৱে সাজু হৈ উঠিব। আমি আমাৰ সন্তান আৰু ভৱিষ্যৎ প্ৰজন্মক সজাগ কৰাৰ লগতে পৰিৱেশৰ প্ৰতি সংবেদনশীল কৰি তুলিব লাগিব। ৰাজ্যসমূহৰ পৰিবেশ দপ্তৰসমূহে এই সন্দৰ্ভত অভিযান আৰম্ভ কৰিব লাগে। পৰিকল্পনা কৰিব লাগিব। এতিয়া উদাহৰণস্বৰূপে, যদি এখন বিদ্যালয়ত ফলমূলৰ গছ আছে, তেন্তে ছাত্ৰ-ছাত্ৰীসকলে সেই সম্পৰ্কে লিখিব পাৰে। শিশুক ঔষধি উদ্ভিদৰ গুণাগুণৰ বিষয়েও ৰচনা লিখিবলৈ ক’ব পাৰি, শিশুৰ মাজত প্ৰতিযোগিতা আয়োজন কৰিব পাৰি। আমাৰ ৰাজ্যসমূহৰ বিশ্ববিদ্যালয় আৰু পৰীক্ষাগাৰসমূহেও পৰিবেশ সুৰক্ষাৰ সৈতে জড়িত উদ্ভাৱনসমূহক শীৰ্ষ অগ্ৰাধিকাৰ দিব লাগিব। পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰতো আমি প্ৰযুক্তিৰ প্ৰয়োগ বৃদ্ধি কৰা উচিত। বনাঞ্চলৰ ক্ষেত্ৰত ইয়াৰ অৱস্থা অবিৰতভাৱে অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়। মহাকাশ প্ৰযুক্তিৰ জৰিয়তে আমি আমাৰ বনাঞ্চলসমূহ নিৰন্তৰভাৱে নিৰীক্ষণ কৰিব পাৰো। কিবা ক্ৰুটি হ’লে সংশোধন কৰিব পাৰি।
বন্ধুসকল,
পৰিবেশৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল বনজুই। বনজুই বৃদ্ধি পাইছে। ভাৰতৰ দৰে দেশত বনজুই সংঘটিত হ’লে আধুনিক প্ৰযুক্তিৰে তাক নিৰ্বাপিত কৰিব পৰাকৈ আমাৰ ক’ত সম্পদ আছে? শেহতীয়াকৈ পশ্চিম আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আদি বিশ্বৰ কেইবাখনো উন্নত দেশত হোৱা বনজুইৰ ঘটনা আপোনালোকে নিশ্চয় টিভিত দেখিছে। বিশাল ধ্বংসলীলা হৈছিল, বন্যপ্ৰাণীবোৰ অসহায় হৈ পৰিছিল আৰু জনজীৱনো প্ৰভাৱিত হৈছিল। বনাঞ্চলত হোৱা অগ্নিকাণ্ডৰ ফলত হোৱা ছাইৰ বাবে কেইবা মাইল দূৰত থকা মানুহৰ উশাহ লোৱাত অসুবিধা হৈছিল। বন্য অগ্নিকাণ্ডৰ বাবে বিশ্বব্যাপী নিৰ্গমনত ভাৰতৰ অংশ অতি কম, একেবাৰে নগণ্য, কিন্তু তথাপি আমিও সাৱধান হ’ব লাগিব। এতিয়াৰেপৰা এটা পৰিকল্পনা গ্ৰহণ কৰা উচিত। প্ৰতিখন ৰাজ্যতে বনজুই নিৰ্বাপনৰ এক শক্তিশালী ব্যৱস্থা থকাটো অতিশয় প্ৰয়োজনীয় আৰু ই প্ৰযুক্তিৰদ্বাৰা পৰিচালিত হ’ব লাগে। বনাঞ্চলত অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ আমি সকলোৱে জানো। বনাঞ্চলত শুকান পাত জমা হৈ পৰাত এটা সৰু ভুলৰ বাবে সমগ্ৰ অৰণ্যখনক জুয়ে গ্ৰাস কৰিব পাৰে। বনাঞ্চলত থকা আৱৰ্জনা আৰু পাতবোৰো চক্ৰীয় অৰ্থনীতিত ব্যৱহাৰ কৰা হয়। আজিকালি ইয়াৰপৰা গোবৰ আৰু কয়লাও প্ৰস্তুত কৰা হয়। সৰু-সৰু মেচিন স্থাপন কৰি এই আৱৰ্জনাবোৰৰপৰা কয়লা প্ৰস্তুত কৰিব পাৰি যিসমূহ কাৰখানাত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আমাৰ শক্তিৰ লগতে আমাৰ বনাঞ্চলসমূহো ৰক্ষা কৰিব পাৰি। মই ক’ব বিচাৰিছো যে বনজুই সন্দৰ্ভত সজাগ হ’ব লাগে। আমি বনাঞ্চলত বসবাস কৰা লোকসকলক এনেদৰে সজাগ কৰা উচিত যাতে আমি বনাঞ্চলসমূহক জুইৰপৰা ৰক্ষা কৰিব পাৰো। আমাৰ বনৰক্ষী সকলকো একাধিক প্ৰশিক্ষণৰ প্ৰয়োজন। মানৱ সম্পদ উন্নয়নৰ নতুন দিশ সংযোজন কৰাৰ প্ৰয়োজন আছে।
বন্ধুসকল,
মই লগতে আপোনালোক সকলোৰে সৈতে আৰু এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব বিচাৰিছো। আপোনালোকে ভালদৰেই জানে যে আধুনিক আন্তঃগাঁথনি অবিহনে দেশৰ উন্নয়ন আৰু দেশবাসীৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ প্ৰচেষ্টা সফল হ’ব নোৱাৰে। কিন্তু পৰিবেশ নিষ্পত্তিৰ বিষয়টোক লৈ বিগত সময়ছোৱাত দেশত আধুনিক আন্তঃগাঁথনি নিৰ্মাণত কেনেদৰে পলম হৈছিল সেয়াও আমি দেখিবলৈ পাইছো। আপোনালোক সমবেত হোৱা ঠাই একতা নগৰেই ইয়াৰ উদাহৰণ। উন্নয়নৰ বিৰোধী আৰ্বান নক্সালসকলে কেনেকৈ বিশাল প্ৰকল্প চৰ্দাৰ সৰোবৰ বান্ধক স্থগিত কৰিছিল? এই কথা জানিলে আচৰিত হ’ব বন্ধুসকল। আপুনি বহি থকা একতা নগৰৰ চৰ্দাৰ সৰোবৰ বান্ধৰ ৰূপত ইমান বিশাল জলাশয়ৰ কথা কেতিয়াবা কল্পনা কৰিব পাৰিবনে? দেশে স্বাধীনতা লাভ কৰাৰ পিছতেই ইয়াৰ আধাৰশিলা স্থাপন কৰা হয়। ইয়াত চৰ্দাৰ বল্লভভাই পেটেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পণ্ডিত নেহৰুৱে আধাৰশিলা স্থাপন কৰিছিল যদিও বিশ্বৰ সকলো আৰ্বান নক্সালৰ লগতে অন্যান্য লোকে এই বিষয়ত যোগদান কৰি এয়া পৰিবেশ বিৰোধী বুলি অভিযান চলাইছিল। ফলত এই প্ৰকল্পটো কেইবাবাৰো বন্ধ হৈ পৰিছিল। নেহৰু জীয়ে আৰম্ভ কৰা কামটো মই চৰকাৰ গঠন কৰাৰ পিছতহে (গুজৰাটত) সম্পূৰ্ণ হৈছিল। চাওঁকচোন, দেশৰ টকা কিমান অপচয় হ’ল? আৰু আজি সেই একেই একতা নগৰ পৰিবেশৰ তীৰ্থস্থানত পৰিণত হৈছে। মিছা অভিযান চলাইছিল আৰু আজিও মৌন নহয় এই আৰ্বান নক্সালসকল। আজিও তেওঁলোকে নিজৰ কুমন্ত্ৰণা কৰি আছে। তেওঁলোকৰ মিছা কথাবোৰ উদঙাই দিয়া হ’ল, কিন্তু তথাপিও তেওঁলোক তাক মানি ল’বলৈ সাজু নহয়। তেওঁলোকে একাংশ লোকৰপৰা ৰাজনৈতিক সমৰ্থন লাভ কৰিছে।
বন্ধুসকল,
একাংশ বৈশ্বিক প্ৰতিষ্ঠান আৰু ফাউণ্ডেশ্যনে এনে বিষয়ক লৈ ধুমুহাৰ সৃষ্টি কৰে আৰু এই আৰ্বান নক্সালসকলে তেওঁলোকৰ পক্ষ লৈ আমাৰ বাবে সমস্যাৰ সৃষ্টি কৰে। (আমি এনে ষড়যন্ত্ৰবোৰ উদঙাই দিয়া উচিত) পৰিবেশৰ লগত আপোচ নকৰাকৈ, কিন্তু একেলগে সুষমভাৱে আমাৰ দৃষ্টিভংগীক দৃঢ়তাৰে ৰাখিব লাগে। এনে লোকৰ ষড়যন্ত্ৰই আনকি বিশ্ব বেংক আৰু ন্যায়পালিকাকো প্ৰভাৱিত কৰে। ইমান গুজৱৰ সৃষ্টি হয় যে প্ৰকল্পসমূহ প্ৰায়ে ৰুদ্ধ হৈ পৰে। মই বিচাৰো যে আমি এনেবোৰ বিষয়ত এক সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰি আগবাঢ়ি যাওঁহক।
বন্ধুসকল,
পৰিবেশৰ বিষয়টোক অপ্ৰয়োজনীয়ভাৱে সমালোচনা কৰি ‘ইজ অৱ লিভিং’ আৰু ‘ইজ অৱ ডুয়িং বিজনেছ’ ৰ বাটত কোনো বাধাৰ সৃষ্টি নকৰিবলৈ আমি প্ৰচেষ্টা গ্ৰহণ কৰিব লাগে। সমস্যা কেনেকৈ সৃষ্টি হয় তাৰ এটা উদাহৰণ দিব খুজিছো। গুজৰাটত সদায়েই জল সংকট হৈ আহিছে। ১০ বছৰৰ ভিতৰত সাত বাৰ দুৰ্ভিক্ষ হয়। গতিকে, আমি চেক ডেমৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰিলো। কিন্তু, বন মন্ত্ৰালয়ে এই প্ৰস্তাৱ নাকচ কৰিছিল। মই তেওঁলোকক কৈছিলো যে পানী থাকিলেহে আপোনালোকৰ বনাঞ্চল ৰক্ষা হ’ব।
বন্ধুসকল,
আমি মনত ৰাখিব লাগিব যে যিমানেই দ্ৰুতগতিত পৰিবেশ নিষ্পত্তিৰ ব্যৱস্থা হ’ব, সিমানেই দ্ৰুতগতিত উন্নয়ন হ’ব। আৰু এইটো আপোচ নকৰাকৈ হ’ব পাৰে। মোক কোৱা হৈছে যে সমগ্ৰ ৰাজ্যসমূহত আপোনালোকৰ দপ্তৰসমূহত পৰিবেশ নিষ্পত্তিৰ ৬,০০০ ৰোধিক বিষয় বিচাৰাধীন হৈ আছে। একেদৰে প্ৰায় ৬,৫০০ প্ৰকল্পৰ আবেদন আপোনালোকৰ টেবুলত পৰি আছে। আমি পেৰামিটাৰসমূহ ন্যায্যভাৱে গ্ৰহণ কৰা উচিত আৰু পৰিবেশ সুৰক্ষিতকৰণৰ লগতে ক্লিয়াৰেন্স দিয়াৰ ক্ষেত্ৰত ক্ষীপ্ৰতা বৃদ্ধি কৰা উচিত। আমি বাধাৰ সৃষ্টি কৰা উচিত নহয়। এনে মন্থৰতাৰ বাবে জনসাধাৰণ লাভান্বিত নহয়। বিপৰীতে খৰচো বৃদ্ধি পায় আৰু সমস্যাও বৃদ্ধি পায়। আমি ইয়াক ন্যূনতম কৰিবলৈ চেষ্টা কৰা উচিত।
দ্ৰুত ক্লিয়াৰেন্স নিশ্চিত কৰিবলৈ আমি কৰ্ম পৰিবেশো সলনি কৰিব লাগিব। মই প্ৰায়েই দেখিছো যে ভাৰত চৰকাৰ কিম্বা ৰাজ্য চৰকাৰ বা বিভাগে কোনো প্ৰকল্পই ক্লিয়াৰেন্স লাভ নকৰা মাত্ৰেকে মোলৈ চিঠি লিখে। একাংশ ৰাজ্য চৰকাৰে এই বিলম্বৰ বাবে ভাৰত চৰকাৰক জগৰীয়া কৰে। ‘প্ৰগতি’ বৈঠকসমূহৰ সময়ত এনেধৰণৰ প্ৰকল্পবোৰ বিবেচনাৰ বাবে উত্থাপন কৰা হয়। আৰু মই আচৰিত হৈছো যে ‘প্ৰগতি’ বৈঠকৰ পৰ্য্যালোচনাত এটা বিশেষ প্ৰকল্প লোৱাৰ মুহূৰ্তত ৰাজ্য আৰু কেন্দ্ৰীয় পৰ্য্যায়ত তৎক্ষণাত ক্লিয়াৰেন্স নিশ্চিত কৰা হয়।
আন কিছুমান বিষয় আছে, সেয়া শিথিলতাই হওঁক বা কৰ্ম সংস্কৃতিয়েই হওঁক, যাৰ বাবে এনে এক অৰাজকতা হৈছে। গতিকে আপোনালোকক অনুৰোধ জনাওঁ যে আমি সকলোৱে যদি একেলগে কাম কৰো, কেন্দ্ৰীয় বা ৰাজ্যিক বা স্থানীয় প্ৰশাসন বা বিভাগীয় পৰ্য্যায়ত, তেতিয়া এনে কোনো বাধা নাথাকিব। এতিয়া প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। আপোনালোক সকলোৱে নিশ্চয় ‘পৰিবেশ’ পৰ্টেলটো চাইছে। পৰিবেশ পৰ্টেলটো পৰিবেশৰ সৈতে জড়িত সকলো ধৰণৰ ক্লিয়াৰেন্সৰ বাবে একক উইণ্ড’ মাধ্যমত পৰিণত হৈছে। ইয়াৰ ব্যৱস্থাৰাজি নিকা আৰু অনুমোদনৰ বাবে কম সময় লাগে। আঠ বছৰ আগলৈকে পৰিবেশ ক্লিয়াৰেন্সত ৬০০ দিনৰো অধিক সময় লাগিছিল। আজি প্ৰযুক্তিৰ সহায়ত ৭৫ দিনৰ ভিতৰতে এয়া সম্পন্ন হৈছে।
আৰু এটা উদাহৰণ দিওঁ। মাত্ৰ কেইসপ্তাহমানৰ আগতে কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ প্ৰগতি ময়দান টানেল ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা হৈছিল। এই সুৰংগৰ বাবে দিল্লীৰ জনসাধাৰণে যঁটত আবদ্ধ হৈ পৰাৰ সমস্যা হ্ৰাস হৈছে। প্রগতি ময়দান টানেলে প্রতি বছৰে ৫৫ লাখ লিটাৰৰো অধিক ইন্ধন ৰাহি কৰাত সহায় কৰিব। এতিয়া ই পৰিবেশকো সুৰক্ষিত কৰি ৰাখিছে কাৰণ ইয়াৰ ফলত প্ৰতি বছৰে প্ৰায় ১৩ হাজাৰ টন কাৰ্বন নিৰ্গমন হ্ৰাস পাব। বিশেষজ্ঞসকলে কয় যে ইমানখিনি কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ আমাক ছয় লাখৰো অধিক জোপা গছৰ প্ৰয়োজন। অৰ্থাৎ সেই উন্নয়নৰ কামে পৰিবেশকো সহায় কৰিছে। ফ্লাইঅ’ভাৰেই হওঁক, পথ, এক্সপ্ৰেছৱেই হওঁক বা ৰেলৱে প্ৰকল্পই হওঁক, ইয়াৰ নিৰ্মাণে কাৰ্বন নিৰ্গমন সমানে হ্ৰাস কৰাত সহায় কৰে। ক্লিয়াৰেন্স জাৰি কৰাৰ সময়ত আমি এই কোণটোক আওকাণ কৰা উচিত নহয়।
বন্ধুসকল,
প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন ৰূপায়ণৰ পিছৰেপৰা আন্তঃগাঁথনি প্ৰকল্পত সমন্বয় বহুখিনি বৃদ্ধি পাইছে। ৰাজ্যসমূহেও ইয়াকে লৈ অতিশয় আনন্দিত হোৱাৰ লগতে ইয়াৰ সুফলৰ সুযোগো গ্ৰহণ কৰিছে। ইয়াৰ বাবেই প্ৰকল্পসমূহেও গতি লাভ কৰিছে। প্রধানমন্ত্রী গতিশক্তি ৰাষ্ট্রীয় মাষ্টাৰ প্লেনে পৰিবেশ সুৰক্ষাৰ ক্ষেত্রত অভূতপূর্ব সহায় আগবঢ়াইছে। জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ পৰিপ্ৰেক্ষিতত আমি এইটোও নিশ্চিত কৰিব লাগিব যে এখন ৰাজ্যৰ যিকোনো আন্তঃগাঁথনি প্ৰকল্পই এনে সমস্যা যাতে সহ্য কৰিব পাৰে। আমি দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি সৃষ্টি কৰিব লাগিব। আমি অৰ্থনীতিৰ প্ৰতিটো বৰ্ধমান খণ্ডৰ সদ্ব্যৱহাৰ কৰিব লাগিব, একে সময়তে জলবায়ুৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। কেন্দ্ৰীয় আৰু ৰাজ্য, উভয় চৰকাৰে মিলি সেউজ ঔদ্যোগিক অৰ্থনীতিৰ দিশে আগবাঢ়িব লাগিব।
বন্ধুসকল,
মই নিশ্চিত যে এই দুদিনত আপোনালোকে ভাৰতৰ পৰিবেশ সুৰক্ষাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব। পৰিবেশ মন্ত্ৰালয় কেৱল নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠানেই নহয়, জনসাধাৰণৰ অৰ্থনৈতিক সবলীকৰণ আৰু কৰ্মসংস্থাপনৰ নতুন মাধ্যম সৃষ্টিৰো এক প্ৰতিষ্ঠান। একতা নগৰত চাবলৈ আৰু শিকিবলৈ বহুত আছে। চৰ্দাৰ সৰোবৰ বান্ধে বিদ্যুতৰ ৰূপত গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ, এই চাৰিখন ৰাজ্যৰ কোটি-কোটি লোকৰ জীৱনত এক ইতিবাচক প্ৰভাৱ পেলাইছে। ৰাজস্থান আৰু কচ্ছৰ মৰুভূমিলৈ পানী বোৱাই নি তাত বিদ্যুৎ উৎপাদন কৰা হৈছে। মধ্যপ্ৰদেশে পাইছে বিদ্যুৎ। চৰ্দাৰ চাহাবৰ এনে বিশাল প্ৰতিমূৰ্তিয়ে আমাক ঐক্যৰ প্ৰতিজ্ঞাত অটল হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে। ইক’লজি আৰু অৰ্থনীতি কেনেকৈ একেলগে গঢ় লৈ উঠিব পাৰে, কেনেকৈ পৰিবেশক শক্তিশালী কৰিব পাৰি আৰু একেলগে নতুন-নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পাৰি, কেনেকৈ জৈৱ-বৈচিত্ৰ্যই ইক’-টুৰিজিমৰ বৰ্ধনৰ পৰম মাধ্যম হৈ উঠিব পাৰে, আমাৰ বন সম্পদে কেনেকৈ আমাৰ জনজাতীয় ভাই-ভনীসকলৰ সম্পদ বৃদ্ধি কৰিব পাৰে, এই সকলো প্ৰশ্নৰ উত্তৰ কেবাদিয়া, একতা নগৰত পাব। একতা নগৰ ঘোষণাই স্বাধীনতাৰ ‘অমৃত কাল’ ৰ উন্নত সমাধানৰ প্ৰস্তাৱ দিব বুলি বিশ্বাসেৰে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো।
আৰু বন্ধুসকল, এই কাৰ্য্যসূচীৰআয়োজন কৰাৰ বাবে মাননীয় মন্ত্ৰী মহোদয় আৰু ভাৰত চৰকাৰৰ পৰিবেশ মন্ত্ৰালয়ৰ সকলো বিষয়াকেঅভিনন্দন জ্ঞাপন কৰিছো।সন্মিলনৰ সময়ত অনুষ্ঠিত হ’বলগীয়া ভাষণআৰু আলোচনাৰ নিজস্ব গুৰুত্ব আছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াত দুদিন থকাৰ সময়ছোৱাত আপোনালোক পৰস্পৰে-পৰস্পৰৰঅভিজ্ঞতাৰাজিশ্বেয়াৰকৰিব।প্ৰতিখন ৰাজ্যই নিশ্চয় পৰীক্ষা-নিৰীক্ষাৰেকিছুমান ভাল পদক্ষেপ লৈছে। অন্য ৰাজ্যৰ সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ মত-বিনিময়েনতুন-নতুন ধাৰণা লাভ কৰাত সহায় কৰিব। আচলতে এই দুদিন আপোনালোকৰ বাবে অতিশয়প্ৰেৰণাদায়ক হ’ব। আপোনালোকপৰস্পৰে-পৰস্পৰৰপ্ৰেৰণা হ’ব। আপোনালোকৰ সহকৰ্মীসকলোআপোনাৰ প্ৰেৰণা হ’ব। এই দুদিনীয়া চিন্তনত দেশৰ উন্নয়নৰ বাবে, পৰিবেশৰসুৰক্ষাৰ বাবে আৰু ভৱিষ্যৎ প্ৰজন্মক পৰিবেশৰ প্ৰতি সংবেদনশীল কৰি তোলাৰ বাবে উন্নত বিকল্পৰ পৰামৰ্শ দিয়া আৰু সঠিক দিশ দিয়া এক সুনিৰ্দিষ্ট ৰূপৰেখাঅংকিত হ’ব বুলি আশাৰে, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। বহু-বহু ধন্যবাদ!
Addressing the National Conference of Environment Ministers being held in Ekta Nagar, Gujarat. https://t.co/jo9e9OgeEB
— Narendra Modi (@narendramodi) September 23, 2022
आज का नया भारत, नई सोच, नई अप्रोच के साथ आगे बढ़ रहा है।
— PMO India (@PMOIndia) September 23, 2022
आज भारत तेज़ी से विकसित होती economy भी है, और निरंतर अपनी ecology को भी मजबूत कर रहा है।
हमारे forest cover में वृद्धि हुई है और wetlands का दायरा भी तेज़ी से बढ़ रहा है: PM @narendramodi
अपने कमिटमेंट को पूरा करने के हमारे ट्रैक रिकॉर्ड के कारण ही दुनिया आज भारत के साथ जुड़ भी रही है।
— PMO India (@PMOIndia) September 23, 2022
बीते वर्षों में गीर के शेरों, बाघों, हाथियों, एक सींग के गेंडों और तेंदुओं की संख्या में वृद्धि हुई है।
कुछ दिन पहले मध्य प्रदेश में चीता की घर वापसी से एक नया उत्साह लौटा है: PM
भारत ने साल 2070 तक Net zero का टार्गेट रखा है।
— PMO India (@PMOIndia) September 23, 2022
अब देश का फोकस ग्रीन ग्रोथ पर है, ग्रीन जॉब्स पर है।
और इन सभी लक्ष्यों की प्राप्ति के लिए, हर राज्य के पर्यावरण मंत्रालय की भूमिका बहुत बड़ी है: PM @narendramodi
मैं सभी पर्यावरण मंत्रियों से आग्रह करूंगा कि राज्यों में सर्कुलर इकॉनॉमी को ज्यादा से ज्यादा बढ़ावा दें।
— PMO India (@PMOIndia) September 23, 2022
इससे Solid Waste management और सिंगल यूज़ प्लास्टिक से मुक्ति के हमारे अभियान को भी ताकत मिलेगी: PM @narendramodi
आजकल हम देखते हैं कि कभी जिन राज्यों में पानी की बहुलता थी, ग्राउंड वॉटर ऊपर रहता था, वहां आज पानी की किल्लत दिखती है।
— PMO India (@PMOIndia) September 23, 2022
ये चुनौती सिर्फ पानी से जुड़े विभाग की ही नहीं है बल्कि पर्यावरण विभाग को भी इसे उतना ही बड़ी चुनौती समझना होगा: PM @narendramodi
Wild-Fire की वजह से Global Emission में भारत की हिस्सेदारी भले ही नगण्य हो, लेकिन हमें अभी से जागरूक होना होगा।
— PMO India (@PMOIndia) September 23, 2022
हर राज्य में Forest Fire Fighting Mechanism मजबूत हो, Technology Driven हो, ये बहुत जरूरी है: PM @narendramodi
आधुनिक इंफ्रास्ट्रक्चर के बिना, देश का विकास, देशवासियों के जीवन स्तर को सुधारने का प्रयास सफल नहीं हो सकता।
— PMO India (@PMOIndia) September 23, 2022
लेकिन हमने देखा है कि Environment Clearance के नाम पर देश में आधुनिक इंफ्रास्ट्रक्चर के निर्माण को कैसे उलझाया जाता था: PM @narendramodi
परिवेश पोर्टल, पर्यावरण से जुड़े सभी तरह के clearance के लिए single-window माध्यम बना है।
— PMO India (@PMOIndia) September 23, 2022
ये transparent भी है और इससे approval के लिए होने वाली भागदौड़ भी कम हो रही है।
8 साल पहले तक environment clearance में जहां 600 से ज्यादा दिन लग जाते थे, वहीं आज 75 दिन लगते हैं: PM
India has shown how the economy can grow and at the same time ecology can flourish. pic.twitter.com/Bvd2Q1P75I
— Narendra Modi (@narendramodi) September 23, 2022
I don’t agree with the mindset that the Environment Ministry has to only be a regulator. This Ministry has a wide canvas of furthering innovative efforts to protect our surroundings. https://t.co/q12RSSXKzK
— Narendra Modi (@narendramodi) September 23, 2022
The delay of Sardar Sarovar Project and the dubious role of urban Naxals in this delay has lessons for us all…
— Narendra Modi (@narendramodi) September 23, 2022
Let’s not jeopardise progress for self-interest of a select few. pic.twitter.com/KxcUhUwbMx