Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাটৰ বদোদৰাত ‘বিকশিত ভাৰতৰ বাবে নমো’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

গুজৰাটৰ বদোদৰাত ‘বিকশিত ভাৰতৰ বাবে নমো’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ


ভাৰত মাতা কি জয়।

ভাৰত মাতা কি জয়।

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল,এই কাৰ্যসূচীত আমাৰ সৈতে অনলাইনযোগে অংশগ্ৰহণ কৰা বিভিন্ন   ৰাজ্যৰ গণ্যমান্য ব্যক্তিসকল, মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মাজী, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনৱীছ জী, উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দেজী, উপ-মুখ্যমন্ত্ৰী শ্ৰীমতী সুনেত্ৰ পাৱাৰ জী, অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক আৰু তাত সমবেত লাখ লাখ নাগৰিকসকল। মঞ্চত উপস্থিত মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ অশ্বিনী বৈষ্ণৱ, উপ-মুখ্যমন্ত্ৰী, যুৱ নেতা হৰ্ষ সাংভী , গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল, উপস্থিত থকা আন জনপ্ৰতিনিধিসকল, গুজৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।

আৰু এয়া বিশেষভাৱে তাৎপৰ্যপূৰ্ণ যে ইয়াত—বৰোদা মহাৰাজা সয়াজিৰাও বিশ্ববিদ্যালয়ৰ খেলপথাৰত—আমি বিভিন্ন ক্ষেত্ৰত কাম কৰা সহকৰ্মীসকলে সহযোগিতা আৰু বৃদ্ধিৰ উদযাপনৰ সাক্ষী হৈছো; সকলোৱে একে ঠাইতে সমৱেত হৈছো।

বন্ধুসকল,

আজি মই আপোনালোকৰ মাজলৈ আহিছো এখন উন্নত ভাৰতৰ দিশত কৰা যাত্ৰাক আৰু অধিক ত্বৰান্বিত কৰিবলৈ। কিছু সময়ৰ পূৰ্বে ইয়াত দেশৰ উন্নয়নৰ সৈতে জড়িত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে  উদ্বোধন কৰা হৈছে। দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। যি  সেৱাৰ মনোভাৱেৰে আপোনালোকে সমগ্ৰ বদোদৰাত এই উন্নয়নৰ উৎসৱৰ সৈতে এক স্বচ্ছতা অভিযান আৰম্ভ কৰিছে তাৰ বাবে বদোদৰাৰ প্ৰতিজন নাগৰিকক আন্তৰিকতাৰে অভিনন্দন জনাইছো।  কালি এটা ভিডিঅ’ চাই থাকোঁতে মোৰ হৃদয়খন গৌৰৱেৰে ভৰি পৰিছিল, বাহ! এয়াই মোৰ বদোদৰা নেকি? আৰু এতিয়া গণেশোৎসৱৰ প্ৰস্তুতি চলিছে, তাৰ পিছতে নৱৰাত্ৰি। গণেশোৎসৱ আৰু নৱৰাত্ৰিৰ সময়ত সমগ্ৰ গুজৰাটে বদোদৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।  আজি মই লক্ষ্য কৰিছো যে যোৱা এসপ্তাহৰ পৰা প্ৰতিখন ঘৰতেই পৰিষ্কাৰ পৰিৱেশে বিৰাজ কৰিছে। মোৰ বিশ্বাস এইবাৰ ভগৱান গণেশ আহিলে বদোদৰৰ ওপৰত তেওঁৰ সকলো আশীৰ্বাদৰ বৰষুণ হ’ব।

বন্ধুসকল,

এইবাৰ লালকিল্লাৰ পৰা মই এখন বিকশিত ভাৰতৰ বাবে সপ্তধাৰাৰ  সংকল্পৰ আহ্বান জনাইছো। এই  সপ্তধাৰাৰ পদক্ষেপত গতি শক্তিও অন্তৰ্ভুক্ত কৰা হৈছে। এখন  বিকশিত ভাৰতৰ বাবে আমাক এনে সংযোগৰ প্ৰয়োজন যিটো সুলভ আৰু সময়ৰ তুলনাত অলপ বেছি দ্ৰুত । বদোদৰা হৈছে গতি শক্তিৰ বিশ্ববিদ্যালয়ৰ চহৰ। আজি ইয়াত ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ চূড়ান্ত লিংক সংযোগ কৰা হৈছে। আজি ২৮০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্প সম্পূৰ্ণ হৈছে। একবিংশ শতিকাৰ ভাৰতৰ বাবে এয়া এক ঐতিহাসিক সাফল্য।

বন্ধুসকল,

এই ডেডিকেটেড ফ্ৰেইট কৰিডৰে যোৱা ১২ বছৰত দেশৰ কৰ্ম সংস্কৃতি কেনেদৰে ৰূপান্তৰিত কৰিছে তাৰ প্ৰমাণ হিচাপে থিয় দিছে। এই ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে ২০০৪ চনত উত্থাপন কৰা হৈছিল। ইয়াত বহু যুৱক-যুৱতীক দেখিছোঁ; এই ধাৰণাটো উত্থাপন হোৱাৰ সময়ত আপোনালোকৰ বহুতৰেই জন্মও হোৱা নাছিল। এই প্ৰকল্পটো সম্পন্ন কৰিবলৈ ২০০৬ চনত এটা বিশেষ কোম্পানী গঠন কৰা হৈছিল, তথাপিও ২০১৪ চনলৈকে ফাইলসমূহ কেৱল এটা স্থানৰ পৰা আন এক স্থানলৈ স্থানান্তৰিত কৰা হৈছিল। ফাইলবোৰ টেবুলৰ পৰা টেবুললৈ গৈ থাকিল—আৰু বিড়ম্বনাৰ কথাটো হ’ল, এই ফাইলবোৰেও নিজৰ ‘ডেডিকেটেড কৰিডৰ’ নাপালে;  সেইবোৰ আবদ্ধ হৈ থাকিল, স্থবিৰ হৈ পৰিল আৰু হেৰাই গ’ল। তাৰ পাছত ২০১৪ চনত গুজৰাটৰ বদোদৰা, আৰু সমগ্ৰ দেশে মোক গুজৰাটৰ পৰা দিল্লীলৈ পঠিয়াই দিলে। ২০০০ চনলৈকে পূৰ্বৰ চৰকাৰখন ক্ষমতাত আছিল।আপোনালোকে মোক পঠিয়াই দিলে আৰু তেওঁলোকক দুৱাৰখন দেখুৱাই দিলে; বাস্তৱতা আছিল যে—মোৰ যুৱ বন্ধুসকল, অনুগ্ৰহ কৰি এই কথাটো শুনা আৰু মনত ৰাখিবা— সাত-আঠ বছৰত মালবাহী কৰিডৰৰ এক কিলোমিটাৰৰো কাম সম্পূৰ্ণ হোৱা নাছিল। তেওঁলোকৰ পদ্ধতি অনুসৰি দেশখন চলোৱা হ’লে কোনে জানে— আনকি পৰৱৰ্তী তিনি-চাৰিটা প্ৰজন্ময়ো হয়তো সেয়া কেতিয়াও সম্পূৰ্ণ   নোহোৱাকৈয়ে পাৰ হৈ কৰিব লাগিলেহেঁতেন। সেইখনেই আছিল সেই ৰাজ্য য’ত তেওঁলোকে ভাৰতৰ লজিষ্টিক পৰিৱেশতন্ত্ৰক ৰূপান্তৰিত কৰাৰ উদ্দেশ্যেৰে এটা প্ৰকল্প এৰি থৈ গৈছিল। তেওঁলোকৰ গতি অনুসৰি দেশখন চলোৱা হ’লে কোনে জানে— আনকি পৰৱৰ্তী তিনিটা-চাৰিটা প্ৰজন্মও হয়তো কেতিয়াও কাম নোহোৱাকৈয়ে পাৰ হৈ গ’লহেঁতেন। সেইখনেই আছিল সেই ৰাজ্য য’ত তেওঁলোকে ভাৰতৰ লজিষ্টিক পৰিৱেশ তন্ত্ৰক ৰূপান্তৰিত কৰিব পৰা এটা প্ৰকল্প এৰাই  চলিছিল।

বন্ধুসকল,

২০১৪ চনৰ পিছত মই শিকি অহা শিক্ষাবোৰ—এই ভূমিয়ে মোৰ মনত জগাই তোলা মূল্যবোধ আৰু আপোনালোকৰ পৰা দিল্লীলৈ কঢ়িয়াই অনা অন্তৰ্দৃষ্টি প্ৰয়োগ কৰি  লগে লগে প্ৰকল্পটোক ত্বৰান্বিত কৰিবলৈ আৰম্ভ কৰিলোঁ। আজি আমি ২৮০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰটো সফলতাৰে সম্পূৰ্ণ কৰিলোঁ। ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ এতিয়া দেশৰ ব্যৱসায় আৰু বাণিজ্যৰ মেৰুদণ্ড হৈ পৰিছে।

বন্ধুসকল,

দ্ৰুতগতিত বিকশিত ভাৰতৰ বাবে ডেডিকেটেড ফ্ৰেইট কৰিডৰ এক জীৱনৰেখা। ই ভাৰতৰ পৰিবহণ খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। পূৰ্বে যাত্ৰীবাহী ৰে’লে ব্যৱহাৰ কৰা একে ট্ৰেকতে মালবাহী ৰে’ল চলিবলগীয়া হৈছিল। অৰ্থাৎ যাতায়ত আৰু পৰিবহণ দুয়োটাই লেহেমীয়া আছিল। কিন্তু ডেডিকেটেড ফ্ৰেইট কৰিডৰে এই পৰিস্থিতিৰ ৰূপান্তৰ ঘটাইছে। আজি পূব আৰু পশ্চিম মালবাহী কৰিড’ৰত দৈনিক ৪৩০ খনতকৈও অধিক মালবাহী ৰে’ল চলাচল কৰে। আগতে এখন মালবাহী ৰে’লে ১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ চাৰে ছঘণ্টা সময় লাগিছিল; এতিয়া সেই সময়ৰ আধাতকৈও কম সময়ত একে দূৰত্ব অতিক্ৰম কৰিব পাৰে। সাধাৰণতে ট্ৰাকেৰে ৩০ ঘণ্টা সময় লোৱা যাত্ৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত মাত্ৰ ১০ৰ পৰা ১২ ঘণ্টাত সম্পূৰ্ণ হয়। ফলস্বৰূপে এই কৰিড’ৰত মালবাহী ৰে’ল চলোৱাৰ ফলত ট্ৰাক আৰু ৰে’ল উভয়ৰে বাবে ইন্ধন ৰাহি হৈছে, সামগ্ৰী পৰিবহনৰ ব্যয় হ্ৰাস পাইছে, সময় ৰাহি হৈছে আৰু পৰিৱেশৰ উপকাৰ সাধন হৈছে। মুঠতে বিনিয়োগটো এটা ট্ৰেকতে কৰা হৈছিল যদিও ইয়াৰ ফলত একাধিক সুবিধা হৈছে।

বন্ধুসকল,

এই মালবাহী কৰিডৰৰ বাবেই পূব আৰু পশ্চিম ভাৰতৰ কৃষকৰ উৎপাদিত সামগ্ৰী এতিয়া দ্ৰুতগতিত ডাঙৰ বজাৰত উপনীত হৈছে। নষ্ট হ’ব পৰা বস্তু—যেনে বিভিন্ন প্ৰকাৰৰ ফুল, শাক-পাচলি, ফল-মূল— সময়মতে পাইকাৰী বজাৰ আৰু গ্ৰাহকৰ ওচৰলৈ যাবলৈ এটা পথ সৃষ্টি কৰা হৈছে। ইয়াৰ ফলত কৃষকসকল যথেষ্ট উপকৃত হৈছে।

বন্ধুসকল,

এই মালবাহী কৰিডৰটো আন এটা কাৰণতো উল্লেখযোগ্য। শেহতীয়াকৈ মুম্বাইৰ জেএনপিটি বন্দৰৰ পৰা বদোদৰালৈ ডাবল ষ্টেক কণ্টেইনাৰ মালবাহী ৰে’ল চলোৱা হৈছে। এই  ৰে’লখনৰ পৰিচালনাৰ লগে লগে মুম্বাইৰ পৰা বদোদৰালৈ ২৫০খনতকৈও অধিক ট্ৰাকে কঢ়িয়াই নিয়া সমগ্ৰীৰ  সমতুল্য পৰিমাণৰ সামগ্ৰী কঢ়িয়াই  নিব পৰা হৈছে—২৫০খন ট্ৰাক! এতিয়া ‘ ককা’জনে চিঞৰিবলৈ আৰম্ভ কৰিব: “ট্ৰাক চালকৰ কি হ’ব? ট্ৰাকবোৰ ক’লৈ যাব? ট্ৰাক কিনা সকলৰ কি হ’ব?”  সেই ‘ ককা’জনে এতিয়া অভিযোগ কৰিবলৈ কিবা এটা বিচাৰি পাইছে বাৰু। বাস্তৱ কথাটো  হ’ল এতিয়া দেশৰ এটা কোণৰ পৰা আন এটা কোণলৈ বৃহৎ পৰিমাণৰ সামগ্ৰী দ্ৰুতগতিত পৰিবহণ কৰিব পৰা গৈছে।

বন্ধুসকল,

মালবাহী কৰিডৰৰ সমান্তৰালভাৱে ভাৰতৰ ৰে’ল নেটৱৰ্কে এতিয়া দশক দশক ধৰি স্পৰ্শ নকৰা অঞ্চলত উপনীত হৈছে। গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যৰ জনজাতীয় অঞ্চলসমূহকো এই প্ৰকল্পৰ জৰিয়তে ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে। পূৰ্বৰ চৰকাৰসমূহৰ অধীনত বাজেটত মাত্ৰ এখন বা দুখন ৰে’ল ঘোষণা কৰা হৈছিল আৰু তেওঁলোকে গোটেই বছৰটো ইয়াৰ ওপৰত ভাষণ দি গৈছিল। ইয়াৰ বিপৰীতে আজি সমগ্ৰ দেশত ইখনৰ পিছত সিখনকৈ নতুন ৰে’ল আৰম্ভ হৈছে৷ এই অনুষ্ঠানটোৰ সময়তে কেইবাখনো নতুন ৰে’লৰ ফ্লেগ অফ কৰা হৈছে। এই নতুন ৰে’লসমূহে বদোদৰা, ছোটা উদেপুৰ আৰু আলিৰাজপুৰৰ ৰাইজক যথেষ্ট সুবিধা প্ৰদান কৰিব।

বন্ধুসকল,

যেতিয়া সমগ্ৰ দেশৰ লাখ লাখ লোকৰ বাবে পথ, ৰে’লৱে, মেট্ৰ’, বিমানবন্দৰ, গেছ পাইপলাইন, দুখীয়াৰ বাবে আৱাসগৃহৰ দৰে আন্তঃগাঁথনি নিৰ্মাণ কৰা হয়, তেতিয়া ই নাগৰিকৰ জীৱন সহজ কৰি তোলাই নহয়, সৰুৰ পৰা বৃহৎ পৰিসৰলৈকে শ্ৰমিকসকলৰ বাবেও অগণন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে। উদাহৰণস্বৰূপে ৰে’লপথটোৰ কথাই লওক; এই বছৰৰ ৰে’লৱে বাজেটে ২.৭৫ লাখ কোটি টকা অতিক্ৰম কৰিলে—এয়া ১২ বছৰৰ আগৰ তুলনাত বহুগুণ বেছি। অৰ্থাৎ ৰে’লৱে আধুনিকীকৰণৰ ব্যয়ৰ ফলত হাজাৰ হাজাৰ নতুন চাকৰিৰ সৃষ্টি হৈছে। এই চাকৰিবোৰৰ সৃষ্টি কেৱল নিৰ্মাণৰ পৰ্যায়তে নহয়; ৰাস্তা, ৰে’লপথ, পাইপলাইন, বন্দৰ বা বিমানবন্দৰ সম্পূৰ্ণ হ’লেই ইয়াৰ চাৰিওফালে নতুন উদ্যোগ তথা ব্যৱসায়ৰ জন্ম হয়, যাৰ ফলত আৰু অধিক কৰ্মসংস্থাপনৰ সৃষ্টি হয়। তাত কিছুমান মানুহ দেখিছোঁ—সেই ছোৱালীজনীয়ে ছবি এখন লৈ থিয় হৈ আহিছে আৰু সেই ভদ্ৰলোকজনেও কিছুমান শিল্পকৰ্ম লৈ আহিছে। আমাৰ সহকৰ্মীসকলে অনুগ্ৰহ কৰি সেইবোৰ সংগ্ৰহ কৰিব পাৰিবনে? অনুগ্ৰহ কৰি সেইবোৰ আগবঢ়াই দিয়ক—হয়। আন কাৰোবাৰো আছে—হয়, ল’বচোন। আপোনালোকক অশেষ ধন্যবাদ।

বন্ধুসকল,

মই দেশৰ  সন্মুখত উপস্থাপন কৰা ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ দৃষ্টিভংগীৰ সাতটা ধাৰাৰ ভিতৰত উৎপাদন এক মূল ধাৰা। বদোদৰা চহৰে এই শক্তিক অতি ভালদৰে বুজি পায় আৰু ইয়াৰ শলাগ লয়। প্ৰায় ১৫০ বছৰ ধৰি বদোদৰাই শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগৰ মাজৰ সহযোগিতাৰ উদাহৰণ দাঙি ধৰিছে। দশক দশক পূৰ্বে বস্ত্ৰ আৰু টাইলছ নিৰ্মাণৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা পিছলৈ তেল আৰু পেট্ৰ’কেমিকেল খণ্ডলৈও সম্প্ৰসাৰিত হৈছে। যোৱা দুটাৰ পৰা ডেৰ-দুই দশকত বদোদৰাই এম এছ এম ইৰ বাবে এক ডাঙৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। মোৰ মনত আছে, যেতিয়া মই প্ৰথম মুখ্যমন্ত্ৰী হৈছিলো—বদোদৰাই মোৰ হৃদয়ত সদায় বিশেষ স্থান দখল কৰি আহিছে—প্ৰতি সপ্তাহত প্ৰতিনিধি দলে মোৰ ওচৰলৈ আহিছিল। ইয়াত উৎপাদন ইউনিট স্থাপন কৰিবলৈ তেওঁলোক আগ্ৰহী আছিল; তেতিয়াৰ দিনত জ্যোতি, এল এম বি বা জি এছ এফ চিৰ দৰে নামহে দেখা বা শুনা গৈছিল। কথাবোৰ কিমান সলনি হৈছে! এই চহৰখন এতিয়া দেশৰ প্ৰথম ‘মেড ইন ইণ্ডিয়া’ সামৰিক পৰিবহণ বিমানৰ বাবেও পৰিচিত। ইতিমধ্যে ইয়াৰ আকাশত প্ৰথম উৰণ আৰম্ভ কৰিছে চি-২৯৫ বিমানখনে। এই কৃতিত্ব লাভ কৰাৰ বাবে বদোদৰাবাসীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

আমি যেতিয়া দেশৰ উৎপাদন খণ্ডৰ কথা কওঁ, তেতিয়া মই আন এটা পৰিসংখ্যা উল্লেখ কৰিব বিচাৰিম। বিগত দশকত ভাৰতে ৰে’লৰ দবা, মেট্ৰ’ দবা, ইঞ্জিনৰ প্ৰধান নিৰ্মাতা হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০১৪ চনৰ পৰা—মাত্ৰ এই সংখ্যাটো শুনক—ভাৰতত ৫০,০০০ আধুনিক ৰে’লৰ দবা নিৰ্মাণ কৰা হৈছে। পূৰ্বৰ চৰকাৰে দহ বছৰত ৫০ হাজাৰ শৌচাগাৰো নিৰ্মাণ কৰিব পৰা নাছিল। কেৱল ৫০,০০০ আধুনিক দবা উৎপাদন হোৱাই নহয়, প্ৰায় ২.৫ লাখ ৱেগন—মালবাহী ৰে’লৰ বাবে ব্যৱহাৰ কৰা ৱেগন—ভাৰতীয় ৰে’লৱেৰ নেটৱৰ্কত সংযোজন কৰা হৈছে; অৰ্থাৎ ২.৫ লাখ ৱেগন।

বন্ধুসকল,

ভাৰতে এতিয়া উৎপাদনৰ এক নতুন কাহিনীৰ চিত্ৰনাট্য ৰচনা কৰিছে—চিপৰ পৰা আৰম্ভ কৰি জাহাজলৈকে সকলোকে সামৰি লৈছে। অৰ্থাৎ উপাদান আৰু চূড়ান্ত সামগ্ৰী দুয়োটা আমাৰ হ’ব; ইয়াতেই ভাৰতত আত্মনিৰ্ভৰশীলতাৰ এক সম্পূৰ্ণ মূল্য শৃংখল স্থাপন কৰা হৈছে। সৌৰশক্তি খণ্ডত আমি ইয়াৰ সাক্ষী হৈ আছো। উদাহৰণস্বৰূপে কদানা বান্ধত থকা ভাসমান সৌৰ উদ্যোগ প্ৰকল্পটোৰ কথাই  ধৰক ; কেইবছৰমানৰ আগলৈকে দেশত সৌৰ প্ৰকল্প স্থাপন কৰাটো  ব্যয়বহুল আছিল , কাৰণ পিভি মডিউলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ হাৰ্ডৱেৰলৈকে সকলো আমদানি কৰিবলগীয়া হৈছিল। কিন্তু শেহতীয়া বছৰবোৰত আমি ঘৰুৱাভাৱে পিভি মডিউল নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু আজি আমি ২০০ গিগাৱাটতকৈ অধিক ক্ষমতা গঢ়ি তুলিছো। ঠিক এই আত্মনিৰ্ভৰশীলতাই ‘পি এম সূৰ্য্য ঘৰ: মুফট বিজলী যোজনা’ (বিনামূলীয়া বিদ্যুৎ আঁচনি)ৰ সম্প্ৰসাৰণ ঘটাইছে। এতিয়ালৈকে সমগ্ৰ দেশৰ ৫৫ লাখ পৰিয়ালে নিজৰ ছাদত সৌৰ উদ্যোগ স্থাপন কৰিছে, ইয়াৰে ১১ লাখ পৰিয়াল গুজৰাটৰ। ইয়াৰ ইমানবোৰ পৰিয়াল বিদ্যুৎ উৎপাদনকাৰীলৈ ৰূপান্তৰিত হৈছে; ফলস্বৰূপে, অগণন যুৱকে কৰ্মসংস্থাপন পাইছে—উৎপাদন আৰু স্থাপনৰ পৰা আৰম্ভ কৰি ৰক্ষণাবেক্ষণৰ সেৱালৈকে—অসংখ্য নতুন বিক্ৰেতাই বজাৰত প্ৰৱেশ কৰিছে।

বন্ধুসকল,

আপোনালোকে প্ৰতিটো ৰাস্তাৰ চুকত মানুহক ‘মিছাৰ প্ৰতিধ্বনি’ৰে  বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা দেখিব, কিন্তু ভাৰতৰ যুৱক-যুৱতীসকল  সত্যৰ  আহ্বানৰ দ্বাৰা পৰিচালিত হয়; তেওঁলোকে সেই আহ্বানৰ সৈতে আগবাঢ়ি যায় আৰু তাৰ বাবে চেষ্টা কৰে। আমাৰ যুৱ নাগৰিকসকলে লক্ষ্য কৰিছে যে চৰকাৰে সকলো শক্তি খণ্ডৰ উন্নয়নত কিমান মনোনিৱেশ কৰিছে—সেয়া সৌৰ, বতাহ, জল, বা পাৰমাণৱিকেই হওক।

বন্ধুসকল,

আগন্তুক সময়ত প্ৰতিটো আধুনিক খণ্ড বিদ্যুতৰ দ্বাৰা চালিত হ’ব আৰু ই বৈদ্যুতিক পৰিৱেশতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব। চিপ নিৰ্মাণ, ডাটা চেণ্টাৰ, এআইৰ দৰে উদ্যোগসমূহে নিজৰ বৃদ্ধি আৰু জীৱিকাৰ বাবে সম্পূৰ্ণৰূপে বিদ্যুতৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমি যদি এআইত বিশ্বজুৰি  মহাশক্তি হোৱাৰ আকাংক্ষা কৰোঁ তেন্তে দেশখনে ইয়াৰ বাবে সাজু হ’ব লাগিব আৰু প্ৰয়োজনীয় পৰিৱেশতন্ত্ৰ গঢ়ি তুলিব লাগিব। ভাৰতে এই বিষয়ত তৃণমূল পৰ্যায়ত সক্ৰিয়ভাৱে কাম কৰি আছে; সেইবাবেই ইউৰেনিয়ামৰ লগতে জটিল খনিজ আৰু আপুৰুগীয়া পৃথিৱীৰ খনিজৰ বাবে বিভিন্ন ৰাষ্ট্ৰৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছে। এই সকলো প্ৰচেষ্টা চলোৱা হৈছে—দিনে ৰাতিয়ে কাম কৰি—দেশৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ; আপোনালোকৰ ভৱিষ্যতৰ বাবে কৰা হৈছে।

বন্ধুসকল,

পৃথিৱীখন দ্ৰুতগতিত সলনি হৈছে আৰু ইয়াৰ লগে লগে বিশ্বৰ প্ৰয়োজনীয়তাসমূহো বিকশিত হৈছে; ফলস্বৰূপে আমাৰ শিক্ষা আৰু শিক্ষণ পদ্ধতিও ৰূপান্তৰিত হৈছে। পূৰ্বে কেৱল ডিগ্ৰী লাভ কৰাতহে গুৰুত্ব দিয়া হৈছিল যদিও এতিয়া দক্ষতাৰ বিষয়ত  সমান গুৰুত্ব দিয়া হৈছে—যাৰ গুৰুত্ব ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যুৱক-যুৱতীসকলৰ বাবে  উন্নীতকৃত দক্ষতা থকাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেইবাবেই আমি আমাৰ শিক্ষা নীতি আৰু আমাৰ পাঠদান-প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ নতুনকৈ গঢ় দিছো। ঠিক এই মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি মই লালকিল্লাৰ পৰা  যুৱক-যুৱতীসকলৰ বাবে দুটা ডাঙৰ ঘোষণা কৰিছিলোঁ। প্ৰথম ঘোষণাই দেশৰ ভিতৰৰ এক পৰম্পৰাগৰ প্ৰয়োজনীয়তাক আলোকপাত  কৰে। আপোনালোকে সকলোৱে জানে যে লাখ লাখ যুৱকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। প্ৰতি বছৰে আমাৰ মধ্যবিত্ত পৰিয়ালৰ আয়ৰ এক উল্লেখযোগ্য অংশ এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰশিক্ষণৰ বাবে ব্যয় কৰা হয়। আমাৰ লক্ষ্য দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ধন ৰাহি কৰা। সেয়েহে চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া অনলাইন কোচিঙৰ সুবিধা প্ৰদানৰ দিশত আগবাঢ়িছে—ভাৰতৰ শ্ৰেষ্ঠ শিক্ষকসকলে প্ৰদান কৰা কোচিং। এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক-যুৱতীসকলৰ প্ৰশিক্ষণৰ দায়িত্ব চৰকাৰে নিজেই ল’ব ।

বন্ধুসকল,

ভাৰতৰ যুৱক-যুৱতীসকলে এআইত পাকৈত হোৱাটোও সমানেই গুৰুত্বপূৰ্ণ। আমি বিচাৰো আমাৰ যুৱ প্ৰজন্ম এআই-ত নিপুন  হওক। এনে নহয় যে যিসকলে এআই শিকে তেওঁলোকৰ প্ৰয়োজন কেৱল আই টি খণ্ডতহে; এই দক্ষতা থকা যিকোনো ব্যক্তিয়ে কৃষিৰ বাবে নতুন এআই সমাধান সৃষ্টি কৰিব পাৰে, স্বাস্থ্যসেৱা খণ্ডৰ বাবে প্ৰযুক্তি বিকশিত কৰিব পাৰে, উৎপাদনত উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে, বা ৰবটিক্সত ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰে। গতিকে দেশৰ ভিতৰত আৰু বিশ্বৰ উদ্যোগৰ বাবে এআইক বুজি পোৱা আৰু ব্যৱহাৰ কৰা যুৱক-যুৱতী আমাৰ থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে চৰকাৰে এক বৃহৎ অভিযান আৰম্ভ কৰিবলৈ ওলাইছে।

বন্ধুসকল,

ভাৰতৰ বাবে এই যুগ অভূতপূৰ্ব। ভাৰতৰ যুৱ শক্তি উদ্ভাসিত হোৱাৰ  বাবে এয়া এক বৃহৎ সুযোগৰ  সময়; এনে এটা সময় দেশলৈ জীৱনত ঘূৰি নাহে। আৰু সেইবাবেই আমি ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ লক্ষ্যক অগ্ৰাধিকাৰ দিব লাগিব।ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিবলৈ আমি দৃঢ়প্ৰতিজ্ঞ। এই আহ্বানৰ জৰিয়তে মই পুনৰবাৰ আপোনালোক সকলোকে এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে শুভেচ্ছা জনাইছো।

এতিয়া বদোদৰাৰ মানুহৰ এটা কাম আছে—আপোনালোকে  কৰিবনে? নিশ্চিতভাৱে কৰিবনে? আপোনালোক  সকলোৱে বদোদৰক ইমান পৰিষ্কাৰ কৰিছে; ইয়াৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হৈছিল। আমাৰ যুৱক-যুৱতীসকলে দিনে-নিশাই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ত  কাম কৰা পৰ্যবেক্ষণ কৰিছো। কিন্তু যদি আমি কেৱল সংকল্প লওঁ যে আমি বদোদৰাক লেতেৰা হ’বলৈ নিদিওঁ—যদি আমি প্ৰতিশ্ৰুতি দিওঁ, “মই নিজেই আৱৰ্জনাৰ সৃষ্টি নকৰো”—তেন্তে বদোদৰা লেতেৰা হ’বনে? হ’বনে? তেতিয়া, দীপাৱলী অধিক  জিলিকি থকা নহ’বনে? নৱৰাত্ৰি অধিক সুন্দৰ  নহ’বনে? গণেশোৎসৱ সঁচাকৈয়ে দৰ্শনীয় নহ’বনে? গতিকে, এইখিনি নিশ্চয়কৈ  কৰিব পৰা যাব।

সুন্দৰ।

ধন্যবাদ।

ভাৰত মাতা কি জয়!

ভাৰত মাতা কি জয়!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

বন্দে মাতৰম!

*****

MJPS/SS/SS/RK/DM