পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰে যে যোৱা ১২ বছৰত ভাৰতে গুণগত মানদণ্ডৰ স্বাস্থ্যসেৱাক অধিক সুলভ আৰু সহজলভ্য কৰি তুলিবলৈ কাম কৰিছে। তেওঁ উল্লেখ কৰে যে যেতিয়া আমাক বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা কাৰ্যসূচী ‘আয়ুষ্মান ভাৰত’ৰ দেশ হিচাপে জনা যায়, যিয়ে আটাইতকৈ অসুৰক্ষিত শ্ৰেণীক সৰ্বোচ্চ মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰে, তেতিয়া আমি গৌৰৱ অনুভৱ কৰোঁ।
শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিয়োজনা’ৰ দৰে অন্যান্য প্ৰচেষ্টাই ঔষধসমূহ সুলভ মূল্যত উপলব্ধ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ষ্টেণ্ট আৰু আঁঠু প্ৰতিস্থাপনৰ মূল্য সুলভ হৈ পৰিছে আৰু ই বহু লোককে সহায় কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষ্য কৰে যে, একে সময়তে অধিক সংখ্যক প্ৰতিষ্ঠান আৰু আসন উপলব্ধ হোৱাৰ বাবে চিকিৎসা শিক্ষাও জনসাধাৰণৰ বাবে অধিক সহজলভ্য হৈ পৰিছে। স্বাস্থ্য খণ্ডৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটিছে তাৰ এক আভাস ডাঙি ধৰি তেওঁ দৃঢ়তাৰে কয় যে এখন সুস্থ ভাৰত গঢ়ি তোলাৰ উদ্দেশ্যে আমি এতিয়ালৈকে অতিক্ৰম কৰা এই সফলতাৰ ভেটিটোক আৰু অধিক শক্তিশালী কৰি আগবাঢ়ি যাম।
এক্সত এলানি পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“যোৱা ১২ বছৰত ভাৰতে গুণগত মানদণ্ডৰ স্বাস্থ্যসেৱাক অধিক সুলভ আৰু সহজলভ্য কৰি তুলিবলৈ কাম কৰিছে।
আমি গৌৰৱ অনুভৱ কৰোঁ যেতিয়া আমাক বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা কাৰ্যসূচী ‘আয়ুষ্মান ভাৰত’ৰ দেশ হিচাপে জনা যায়, যিয়ে আটাইতকৈ অসুৰক্ষিত শ্ৰেণীক সৰ্বোচ্চ মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰে।
‘প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিয়োজনা’ৰ দৰে অন্যান্য প্ৰচেষ্টাই ঔষধসমূহ সুলভ কৰি তুলিছে। ষ্টেণ্ট আৰু আঁঠু প্ৰতিস্থাপনৰ মূল্য সুলভ হৈ পৰিছে আৰু ই বহু মানুহক সহায় কৰিছে।
একে সময়তে, অধিক প্ৰতিষ্ঠান আৰু আসন উপলব্ধ হোৱাৰ বাবে চিকিৎসা শিক্ষাও মানুহৰ বাবে অধিক সহজলভ্য হৈ পৰিছে।
এখন সুস্থ ভাৰত গঢ়ি তোলাৰ বাবে আমি এতিয়ালৈকে অতিক্ৰম কৰা এই সফলতাৰ ভেটিত কাম কৰি যাম।
#12YearsOfSwasthBharat”
“স্বাস্থ্য খণ্ডৰ কেনেকৈ পৰিৱৰ্তন হৈছে তাৰ এক আভাস….
#12YearsOfSwasthBharat”
Over the last 12 years, India has worked to make quality healthcare more affordable and accessible.
We feel proud when we are known as the nation with the world’s largest healthcare programme, Ayushman Bharat, which provides top-quality healthcare to the most vulnerable.…
— Narendra Modi (@narendramodi) June 14, 2026
***
MJPS/SS/PRK/DB
Over the last 12 years, India has worked to make quality healthcare more affordable and accessible.
— Narendra Modi (@narendramodi) June 14, 2026
We feel proud when we are known as the nation with the world’s largest healthcare programme, Ayushman Bharat, which provides top-quality healthcare to the most vulnerable.…
A glimpse of how the health sector has been transformed….#12YearsOfSwasthBharat https://t.co/eBbeB5Awsq
— Narendra Modi (@narendramodi) June 14, 2026