পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৱৰ্তী গুৰেজ উপত্যকাত সেনা আৰু বিএছএফ জোৱানৰ সৈতে দিৱালী উদযাপন কৰে৷ তেওঁ তাত প্ৰায় দুঘণ্টা সময় কটায়৷ সীমান্তত জোৱানৰ সৈতে এয়া প্ৰধানমন্ত্ৰী মোদীৰ ক্ৰমাগত চতুৰ্থটো দিৱালী উদযাপন৷
প্ৰধানমন্ত্ৰীয়ে জোৱানসকলক মিঠাই খোৱাই দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে৷
জোৱানসকলক সম্বোধন কৰি তেওঁ কয় যে সকলোৰে দৰে তেঁৱো পৰিয়ালৰ সৈতে দিৱালী উপযাপন কৰিব বিচাৰে৷ সেইবাবেই তেওঁ সুৰক্ষা বাহিনীৰ জোৱানসকলৰ মাজলৈ আহিছে, কাৰণ জোৱানসকলক প্ৰধানমন্ত্ৰীয়ে নিজৰ পৰিয়াল হিচাপে গণ্য কৰে৷
তেওঁ কয় যে জোৱানসকলৰ সৈতে সময় পাৰ কৰিলে তেওঁ নতুন উৎসাহ-উদ্দীপনা লাভ কৰে৷ প্ৰতিকূল পৰিবেশৰ মাজতো জোৱানসকলে দেশবাসীৰ বাবে অনেক ত্যাগ, কষ্ট স্বীকাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ভূয়সী প্ৰশংসা কৰে৷
অনুষ্ঠানত উপস্থিত থকা জোৱানসকলে নিয়মীয়াকৈ যোগাসন কৰে বুলি জানিব পাৰি তেওঁ আনন্দিত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোগাসনৰ ফলত তেওঁলোকৰ শক্তি-সামৰ্থ বৃদ্ধি পাব আৰু মানসিকভাৱে দৃঢ় হ’ব৷ সুৰক্ষা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰা জোৱানসকল একোগৰাকী উত্তম যোগা প্ৰশিক্ষক হ’ব পাৰে বুলিও তেওঁ কয়৷
নিয়মীয়া কৰ্তব্য পালন অধিক উজু আৰু নিৰাপদ কৰিবলৈ জোৱানসকলক উদ্ভাৱনীমূলক কৌশল আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক উৎসাহিত কৰে৷ তেওঁ উল্লেখ কৰে যে শ্ৰেষ্ঠ উদ্ভাৱনকাৰীক এতিয়া চৰকাৰী স্বীকৃতি প্ৰদান কৰা হয় আৰু সেনা দিৱস, নৌসেনা দিৱস আৰু বায়ুসেনা দিৱসত বঁটা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে সশস্ত্ৰ বাহিনীৰ কল্যাণ আৰু উন্নতিৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ৷ এই সন্দৰ্ভত তেওঁ দশক দশক ধৰি নিষ্পত্তিবিহীনভাৱে থকা ‘এক পদবী, এক পেঞ্চন’ আঁচনি ৰূপায়নৰ কথা উল্লেখ কৰে৷
স্থলসেনা বাহিনীৰ মূৰব্বী জেনেৰেল বিপিন ৰাৱটৰ লগতে আন জেষ্ঠ সেনা বিষয়াসকল অনুষ্ঠানত উপস্থিত থাকে৷
পৰিদৰ্শনকাৰীৰ টোকাত প্ৰধানমন্ত্ৰীয়ে লিখিছে—নিজৰ প্ৰিয়জনৰ পৰা নিলগত থাকি মাতৃভূমিক নিৰাপদে ৰখাটো সৰ্বশ্ৰেষ্ঠ ত্যাগৰ প্ৰতীক৷ সীমান্তত নিয়োজিত দেশৰ প্ৰতিজন জোৱান আমাৰ সাহস আৰু শক্তিৰ প্ৰতীক৷
আপোনালোকৰ সৈতে দিৱালী উদযাপনৰ মই এক সুযোগ লাভ কৰিলো৷ সীমান্তত পহৰাৰত সাহসী সৈনিকসকলৰ বাবেই আজি কোটি কোটি দেশবাসীৰ ঘৰত আশাৰ চাকি জ্বলি উঠিছে৷
‘নিউ ইণ্ডিয়া’ৰ সপোন সাৰ্থক কৰিবলৈ আমি সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰা উচিত৷ জোৱানসকলো এই সপোনৰ এক গুৰুত্বপূৰ্ণ অংশ৷ আটাইলৈ দেৱালীৰ বহুত বহুত শুভেচ্ছা জনালো৷”
****
AKT/NT/MS
PM @narendramodi celebrated Diwali with the jawans of Indian Army and BSF in the Gurez Valley, Jammu and Kashmir. This is the fourth successive Diwali that the Prime Minister has celebrated with jawans on the border. pic.twitter.com/lXBcemJgWE
— PMO India (@PMOIndia) October 19, 2017
Sharing joy...PM @narendramodi & the Jawans exchanged sweets and interacted. PM said that like everyone else, he too wishes to spend Diwali with his family. Therefore, he had come among the jawans of our Forces, whom he considers to be his family. pic.twitter.com/Os9c2grfhZ
— PMO India (@PMOIndia) October 19, 2017
I have an opportunity to spend the festival of Diwali with you. The presence of brave soldiers at the border, on this festive occasion, lights the lamp of hope, and generates new energy among crores of Indians: PM @narendramodi to our brave Jawans pic.twitter.com/Jgqzt2cuph
— PMO India (@PMOIndia) October 19, 2017
Glad to have celebrated Diwali with our brave Army and BSF Jawans in the Gurez Valley, Jammu and Kashmir. pic.twitter.com/ebCM4JO6jc
— Narendra Modi (@narendramodi) October 19, 2017
Spending time with our Forces gives me new energy. We exchanged sweets & interacted. Happy to know the Jawans practice Yoga regularly. pic.twitter.com/zvHmaO8bPv
— Narendra Modi (@narendramodi) October 19, 2017