Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গ্ৰাহকৰ অভিযোগৰ সমগ্ৰ প্ৰক্ৰিয়াটোক ‘ই-জাগৃতি’য়ে কেনেকৈ ডিজিটেল ৰূপ দিছে, সেই সন্দৰ্ভত প্ৰকাশিত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰলহাদ যোশীয়ে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে, য’ত ‘ই-জাগৃতি’য়ে গ্ৰাহকৰ অভিযোগৰ সমগ্ৰ প্ৰক্ৰিয়াটোক ডিজিটেলকৰণ কৰি কেনেকৈ বিভিন্ন প্ৰত্যাহ্বানৰ সমাধান কৰিছে, সেই বিষয়ে আলোচনা কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে, “তেওঁ লক্ষ্য কৰিছে যে অংশীদাৰসকলৰ সৈতে ব্যাপক আলোচনাৰ অন্তত ‘ই-জাগৃতি’ক অধিক উন্নত কৰা হৈছে, যাৰ ফলত গ্ৰাহক ন্যায় ব্যৱস্থাক গাঁথনিগত ডিজিটেল সংস্কাৰৰ মাজেৰে যোৱা খণ্ডসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।”

প্ৰধানমন্ত্ৰীয়ে ‘X’ৰ পোষ্টত কয়ঃ

“এই প্ৰবন্ধটোত, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JoshiPralhad জীয়ে বিতংভাৱে বাখ্যা কৰিছে যে ‘ই-জাগৃতি’য়ে গ্ৰাহকৰ অভিযোগৰ সমগ্ৰ প্ৰক্ৰিয়াটোক ডিজিটেলকৰণ কৰি কেনেকৈ বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছে।

তেওঁ উল্লেখ কৰিছে যে অংশীদাৰসকলৰ সৈতে ব্যাপক আলোচনাৰ পিছত ‘ই-জাগৃতি’ক পৰিশোধিত কৰা হৈছে, যাৰ ফলত গ্ৰাহক ন্যায় ব্যৱস্থাক গাঁথনিগত ডিজিটেল সংস্কাৰৰ মাজেৰে যোৱা খণ্ডসমূহৰ শাৰীত স্থান দিয়া হৈছে।”

.

https://livemint.com/opinion/columns/ejagriti-reimagining-consumer-justice-for-a-digital-india-pralhad-joshi-11783001218221.html

 

***

MJPS/SS/VJ/DB