Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গ্ৰীচৰ শিক্ষাবিদৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ

গ্ৰীচৰ শিক্ষাবিদৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্ট, ২০২৩ত এথেন্সত ইউনিভাৰ্ছিটি অফ এথেন্সত হিন্দী তথা সংস্কৃতৰ অধ্যাপক আৰু ভাৰতবিদ অধ্যাপক ডিমিট্ৰিয়াছ ৱাচ্ছালিয়েডিছক সাক্ষাৎ কৰে। অধ্যাপক ডিমিট্ৰিয়াছ ৱাচ্ছালিয়েডিছৰ সৈতে ছচিয়েল থিয়লজীৰ সহায়ক অধ্যাপক ডঃ এপাষ্টোলছ মিকেলীডিছো আছিল।

দুয়োজন অধ্যাপকে ভাৰতীয় ধৰ্ম, দৰ্শন আৰু সংস্কৃতিৰ ওপৰত নিজে কৰা কামৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

এই চৰ্চা ভাৰত আৰু গ্ৰীচৰ বিশ্ববিদ্যালয়সমূহৰ মাজত শৈক্ষিক সহযোগ বঢ়োৱা তথা ভাৰত-গ্ৰীচ সাংস্কৃতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সম্ভাৱনাৰ অনুসন্ধানত কেন্দ্ৰীভূত।

**********