Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ঘগা-দাহেজ সংযোগী RO RO ফেৰীসেৱাৰ প্ৰথম পৰ্যায় মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে, প্ৰথমটো যাত্ৰাত ল’লে অংশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘগা-দাহেজ সংযোগী RO RO (Roll on, Roll off) ফেৰীসেৱাৰ প্ৰথমটো পৰ্যায় মুকলি কৰে৷ এই ফেৰীসেৱাৰ প্ৰৱৰ্ত্তনে সৌৰাষ্ট্ৰৰ ঘগাৰ পৰা দক্ষিণ গুজৰাটৰ দাহেজলৈ প্ৰয়োজন হোৱা যাতায়াতৰ সময় সাত-আঠ ঘণ্টাৰ পৰা এক ঘণ্টালৈ হ্ৰাস কৰিব৷ আজি মুকলি কৰা প্ৰথমটো পৰ্যায়ৰ ফেৰীসেৱাই কেৱল যাত্ৰীৰ যাতায়াত আৰম্ভ কৰিছে৷ পৰৱৰ্তী পৰ্যায়ত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ পিছত যাত্ৰীৰ লগতে বাহন আদিও কঢ়িয়াই নিবলৈ সক্ষম হ’ব এই সেৱা৷

ইফালে, প্ৰধানমন্ত্ৰীয়ে আজি শ্ৰী ভাৱনাগৰ জিলা সমবায় দুগ্ধ উৎপাদন ইউনিয়ন লিমিটেডৰ সৰ্বোত্তম কেটল ফীড প্লাণ্টটো মুকলি কৰে৷

ফেৰীসেৱা মুকলিৰ উদ্দেশ্যে আয়োজন কৰা বিশাল জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গুজৰাটবাসীক নতুন বছৰৰ শুভেচ্ছা এনেদৰে ব্যক্তিগতভাৱে জনাবলৈ গুজৰাটলৈ আহিবলৈ পাই তেওঁ নথৈ আনন্দিত৷ তেওঁ কয় যে এই ঘগা-দাহেজ সংযোগী ফেৰীসেৱা মুকলিয়ে সমগ্ৰ দেশৰ বাবেই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ যোগেদি গুজৰাটবাসীৰ এক দীৰ্ঘদিনীয়া সপোন পূৰণ হৈছে৷

তেওঁ লগতে কয় যে ভাৰতীয় সভ্যতাৰ ইতিহাসে দেশৰ নদ-নদী আৰু সামূদ্ৰিক বাণিজ্যৰ গুৰুত্বক সদায়েই সমৃদ্ধ ৰূপত তুলি ধৰিছে৷ লোথালৰ ভুমি গুজৰাট, গতিকে আমি কেনেদৰে আমাৰ এই ইতিহাস, আমাৰ ঐতিহ্য পাহৰিম৷ আমাৰ এই পদক্ষেপে আমাৰ গৌৰৱময় অতীতক যেন পুনৰ ঘূৰাই আনিছে; আৰু সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ মাজত এক সংযোগ স্থাপন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে এই দুটা অঞ্চলৰ লোকৰ মাজত সঘন আহ যাহ হয়, আৰু এতিয়াৰ পৰা আৰম্ভ কৰা এই ফেৰীসেৱাই তেওঁলোকৰ সময় আৰু ইন্ধন দুয়োটাই ব্যাপকভাৱে ৰাহি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনিটা বছৰত গুজৰাটৰ উন্নয়ণৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে৷ তেওঁ কয়, গুজৰাটৰ এক দীৰ্ঘ উপকূল তীৰ আছে, আৰু আমি ইয়াৰ পৰা পাব পৰা সাম্ভাৱ্য সুবিধাখিনি আদায় কৰিব লাগে৷ তেওঁ কয় যে উপকূল তীৰৰ আন্তঃগাঁথনি উন্নয়ণৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ লগতে কয় যে আজি মুকলি কৰা ফেৰী সেৱা কেৱল মাথো এটা পথতেই সীমিত নাথাকিব৷ এই ফেৰীসমূহৰ যোগেদি অন্যান্য স্থানৰ সৈতেও সংযোগ স্থাপন কৰা হ’ব৷ তেওঁ আৰু কয় যে দেশৰ যাতায়াত খণ্ডটোক পূৰ্ণাঙ্গ কৰি গঢ়ি তোলা আৰু অত্যাধুনিক কৰি তোলাটো কেন্দ্ৰ চৰকাৰৰ অন্যতম লক্ষ্য৷

প্ৰধানমন্ত্ৰীয়ে আজি এই ফেৰীসেৱাৰ প্ৰথমটো যাত্ৰাত অংশগ্ৰহণ কৰি ঘগাৰ পৰা দাহেজলৈ যায়৷ তেওঁৰ এই যাত্ৰাত তেওঁক জাহাজখন আৰু ফেৰীসেৱাৰ বিষয়ে সবিশেষ অৱগত কৰা হয়৷ ফেৰীতেই তেওঁ কিছু দিব্যাঙ্গ শিশুৰ সৈতেও বাৰ্তালাপ কৰে৷

ইয়াৰ পিছত দাহেজত এক জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বন্দৰসমূহৰ উত্তৰণ সাধন কৰাৰ বাবে চৰকাৰৰ হাতত আছে সুপৰিকল্পনা৷ ভাৰতক আৰু উন্নত বন্দৰ আৰু অধিক বন্দৰৰ প্ৰয়োজনীয়তা আছে৷ সঠিক যোগাযোগ ব্যৱস্থা অবিহনে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন স্থবিৰ হৈ পৰে, আৰু সেয়ে দেশৰ বন্দৰসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে চৰকাৰে নীল অৰ্থনীতিৰ ওপৰত দিয়া গুৰুত্বৰ বিষয়েও উল্লেখ কৰি কয় যে এয়া নৱভাৰতৰ এক অনন্য দৰ্শন৷

***

AKT/AK/Rang